শেহতীয়া খবৰ
Home / ক্ৰীড়া / বাংলাদেশত অসমৰ তিনি খেলুৱৈৰ সোনৰ পদক অৰ্জন

বাংলাদেশত অসমৰ তিনি খেলুৱৈৰ সোনৰ পদক অৰ্জন

এম মহিবৰ ৰহমান, নলবাৰীঃ বাংলাদেশত অনুষ্ঠিত দ্বিতীয় এছিয়া কুংফু উশ্বু চেম্পিয়নশ্বীপ ২০১৯ ত অসমৰ তিনি খেলুৱৈয়ে সোনৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বাংলাদেশৰ ঢাকা চহৰত যোৱা ১১ জুলাইৰ পৰা ১৩ জুলাইলৈ অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়া কুংফু উশ্বু চেম্পিয়নশ্বীপ ২০১৯ ত অসমৰ তিনি গৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি সোনৰ পদক অৰ্জন কৰে। খেলুৱৈ সকল হ’ল আজহাৰুল আমিন, মন্টু বৰুৱা আৰু ৰিংকু শৰ্মা। তেওঁলোকে আগতেও বহুবাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।