শেহতীয়া খবৰ
Home / ক্ৰীড়া / ক্ৰিকেট বিশ্বকাপ-২০১৯ ৰ খিতাপ লাভ ইংলেণ্ডৰ

ক্ৰিকেট বিশ্বকাপ-২০১৯ ৰ খিতাপ লাভ ইংলেণ্ডৰ

ডিজিটেল সংবাদঃ ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ খিতাপ দখল ইংলেণ্ডৰ। প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ সন্মুখত নিউজিলেণ্ডে বান্ধি দিছিল ২৪২ ৰানৰ লক্ষ্য। ২৪২ ৰাণৰ লক্ষ্য আগত লৈ নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৪১ ৰান। ইংলেণ্ডেও ২৪১ ৰান কৰাৰ ফলত ড্ৰ’ হয় ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেল। পাছত ছুপাৰ অভাৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয় খেলৰ ফলাফল। ছুপাৰ অভাৰৰ পাছত ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেলত জয়ী হয় ইংলেণ্ড। ছুপাৰ অভাৰত ৬টা বলত ১৫ ৰান সংগ্ৰহ কৰে ইংলেণ্ডে। তাৰ পাছত ১৬ ৰানৰ লক্ষ্যত উপনীত হ’বলৈ ক্ৰীজত নামে নিউজিলেণ্ডৰ বেটছমেন জে নিশ্বাম আৰু এম গুপ্টেয়ে। কিন্তু ইংলেণ্ডৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম নহয় নিউজিলেণ্ড। ইংলেণ্ডৰ বলাৰ এৰ’হাৰে কৰে ছুপাৰ অভাৰত বলিং।