শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ‘মিঞা’ বিতৰ্ক আৰু এক সঠিক নামকৰণৰ সমৰ্থনত !

‘মিঞা’ বিতৰ্ক আৰু এক সঠিক নামকৰণৰ সমৰ্থনত !

চৰ-চাপৰিত ৰাজনৈতিক কাৰণত থিতাপি লােৱা মুছলমানৰ যি জনগােটৰ এক সঠিক নামকৰণক লৈ ইতিমধ্যে বহু বছৰ ধৰি এক নিৰন্তৰ যুদ্ধ চলি আছে, এতিয়া সময় আহি পৰিছে এক সিদ্ধান্তত উপনীত হোৱাৰ। প্ৰথমতে এটা কথা উনুকিয়াই দিব বিচাৰাে যে মুছলমানৰ এই জনগােটটোক বহুতেই বাংলাদেশী মূলৰ, বংগীয় মূলৰ আদি বিশেষণ দিয়া দেখা যায়। এয়া সম্পূর্ণ এক ভুল তথা ভেজাল ধাৰণা। আৰু ঐতিহাসিক তথ্যৰ সহায় ল’লে এটা কথা স্পষ্ট হৈ পৰে যে এই মুছলমান জনগােটটো অবিভক্ত ভাৰতবৰ্ষৰে ভূমিপুত্ৰ। কাৰণ এই জনগােটটোৰ শতকৰা ৯৯ শতাংশই হৈছে জমিদাৰসকলৰ উৎপীড়ন সহিব নােৱাৰি হিন্দু ধৰ্মৰ পৰা ধর্মান্তৰিত হােৱা মুছলমান। তাৰ লগতে ভাৰতবৰ্ষৰ বিভাজনৰ প্রক্রিয়া আছিল সম্পূর্ণ ৰাজনৈতিক। ৰাজনৈতিক পাকচক্ৰত যেতিয়া ভাৰতবর্ষ বিভাজন হৈ বাংলাদেশ আৰু পাকিস্তান সৃষ্টি হ’ল, তেতিয়া ভাষাৰ ভিত্তিত একালৰ এই ভাৰতীয় মূলৰ মানুহবােৰে থিতাপি ল’লে বাংলাদেশত। গতিকে ইয়াৰ দ্বাৰা প্রমাণ হয়-তাহানিতে অসমৰ চৰ-চাপৰিত থিতাপি লৈ নিজকে প্রতিষ্ঠা কৰা মুছলমান জনগােটটোৰ মূল সম্পূর্ণ ভাৰতীয়।

এতিয়া আহিছাে মূল বিষয়লৈ। ঊনৈশ শতিকাৰ শেষৰ দুটা দশকৰ পৰা কুৰি শতিকাৰ পঞ্চম দশক, মানে ১৮৮৪ চনৰপৰা আৰম্ভ কৰি ১৯৪৭চন মানলৈকে ব্রিটিছসকলৰ প্ৰৰােচনাতেই হওক বা উৎসাহৰ বাবেই হওঁক প্রবল গতিত এই মুছলমান জনগােটটোৰ সোঁত ব’বলৈ আৰম্ভ কৰিছিল অসমলৈ। নামনি অসমৰ দ অঞ্চল, বিশেষকৈ চৰ-চাপৰিৰ পতিত ভূমিত অধিক শস্য উৎপাদনৰ উদ্দেশ্য আগত ৰাখি বৃহৎ পৰিসৰত এই জনগােটটোক ব্রিটিছসকলে সংস্থাপিত কৰে। তেতিয়াৰে পৰাই শস্য উৎপাদনৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী অৱদান আগবঢ়োৱা এই পৰিশ্ৰমী জনগােটটোৱে নিজৰ কষ্ট আৰু শ্ৰমৰ বিনিময়ত অসমৰ অর্থনৈতিক ব্যৱস্থা টনকিয়াল কৰাৰ লগতে চৰ-চাপৰিক বসবাসৰ যােগ্য হিচাপে প্রতিষ্ঠা কৰে। গতিকে নিশ্চিতভাৱে এই জনগােটটোৰ অতীত বিচাৰি বাংলাদেশলৈ যােৱাৰ কোনাে প্রয়ােজন আছে বুলি মনেনধৰে। অসমৰ প্রেক্ষাপটত চৰ-চাপৰিয়েই হৈছে এই জনগােটৰ ঐতিহ্য আৰু উৎপত্তিৰ কেন্দ্রস্থল। অসমৰ চৰ-চাপৰিৰ সমাজ-জীৱনৰ সৈতে তেওঁলােকৰ আত্মিক সম্পর্ক তেজ আৰু মঙহৰ দৰে। তেওঁলােকৰ সতি-সন্ততিসকলে অসমীয়া মাধ্যমৰ স্কুলত শিক্ষা গ্রহণ কৰে, ঘৰুৱা দোৱানত কথা পাতে যদিও বাহিৰৰ মাধ্যমত তেওঁলােকে অসমীয়াত কথা পাতে। অসমীয়া সংস্কৃতিৰ বিশাল পথাৰখনৰ তেওঁলোেক ইতিমধ্যে শক্তিশালী অংশীদাৰ হিচাপে নিজকে প্রতিষ্ঠা কৰিছে।

গতিকে জনগােষ্ঠীয় নামকৰণৰ কথা আহি পৰিলে এই জনগােটটোক চৰ-চাপৰি অসমীয়া জনগােষ্ঠী বুলি কলে এক সঠিক আৰু ইতিহাস-ঐতিহ্যৰে পৰিপূৰ্ণ নামকৰণ হ’ব বুলি আমি বিশ্বাস কৰাে। বহুতেই যুক্তি দর্শাব বিচাৰে যে এই জনগােটটোৰ সকলাে মানুহেই চৰ-চাপৰিত বাস নকৰে, গতিকে চৰ-চাপৰি অসমীয়া নামকৰণটো সঠিক নহয়। সেইসকলে বুজা উচিত যে তেওঁলােকৰ দেউতা, আজোককাসকলে য’ৰ পৰা নিজকে আৰম্ভ কৰিছিল, যি ঘাম আৰু শ্ৰমেৰে নিজৰ ল’ৰা-ছােৱালীক পাহাৰ-ভৈয়ামত সংস্থাপিত কৰালে, মুখৰ মাত ফুটালে, সেই সংগ্ৰামৰ আদিস্থল কিন্তু চৰ-চাপৰিয়েই। পৃথিৱীৰ যি দেশতেই তেওঁলােক নাথাকক কিয় তেওঁলােকৰ পৰিচয় সংপৃক্ত হৈ থাকিব চৰ-চাপৰিৰ সৈতেই। কোনােবা অসাংস্কৃতিক, অশিক্ষিত, সাম্প্রদায়িক আৰু বিভেদকামী কোনাে যদু-মধুৱে ব্যংগ অথবা তুচ্ছাৰ্থত এই জনগােটটোক ‘মিঞা’ বুলি সম্বােধন কৰি আহিছে। মিঞা বুলি কোৱাৰ লগে লগেই অসমৰ সমাজ-জীৱনত এতিয়া মূল সুঁতিৰ এচাম মানুহৰ মনত ভাহি উঠে চোৰ, ডকাইত, ধর্ষক, জেহাদী আদি ধাৰণাবােৰ। ‘মিঞা’ শব্দৰ অৰ্থ হৈছে ডাঙৰীয়া। কিন্তু ইমান ধুনীয়া এটা শব্দক এই অজ্ঞানী পাষণ্ডহঁতে ৰাষ্ট্রীয় পর্যায়তাে এক তুচ্ছ শব্দ ৰূপে ইতিমধ্যে প্রতিষ্ঠা কৰিছে। কিন্তু দুখৰ বিষয়-এই জনগােটটোৰেই এচাম শিক্ষিত মহলে কেৱল আৱেগৰ বশৱৰ্তী হৈ ‘মিঞা জনগােষ্ঠী’ নামে এটা ইতিহাস-ঐতিহ্যহীন জনগােষ্ঠীয় নামকৰণক প্রতিষ্ঠাৰ কামত উঠিপৰি লাগিছে। তেওঁলােকৰ যুক্তি এটাই— যিহেতু অজ্ঞানী পাষণ্ডহঁতে এক দীঘলীয়া সময় ধৰি তেওঁলােকক মিঞা, মিঞা বুলি তুচ্ছাৰ্থত মাতি আহিছে, গতিকে এই নামতেই তেওঁলােকে নিজকে মিঞা বুলি পৰিচয় দিব বিচাৰে। কি সাংঘাতিক যুক্তি এওঁলােকৰ! ইতিহাসৰ পাতত ‘মিঞা’ নামৰ কোনাে জনগােষ্ঠীয়েই নাছিল, অথচ কোনােবা যদু-মধুৰ প্ৰৰােচনাত আহি ৰাষ্ট্ৰীয় পৰ্যায়ত কুখ্যাতি অর্জন কৰা এটা শব্দক লৈ জনগােষ্ঠীয় নামকৰণ— এয়া বাতুলামি নে পাগলৰ কাৰবাৰ? গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত তথাকথিত এচাম চেঙেলীয়া গৱেষকৰাে একেই যুক্তি। তেওঁলােকে নিজকে মিঞা বুলিয়েই পৰিচয় দিয়াৰ মূলতেই হ’ল তুচ্ছ-তাচ্ছিল্য। আমি ভাবাে এয়া এক সাংঘাতিক হিপ’ক্রেচীৰ বাহিৰে একোৱেই নহয়। তেওঁলােকৰ চিন্তাৰ দুৱাৰ ক’ৰবাত নহয় ক’ৰবাত স্তব্ধ হৈ আছে। আমি ভাবাে মিঞা, পমুৱা, অভিবাসী, চৰুৱা, বংগীয় মূলৰ আদি শব্দবােৰ মুছলমান এই জনগােটটোৰ সঠিক নামকৰণত বাধাৰ সৃষ্টি কৰিব। তাৰ বিপৰীতে অসমক প্রেক্ষাপট হিচাপে বিবেচনা কৰি এই জনগােটটোক চৰ-চাপৰি অসমীয়া জনগােষ্ঠী হিচাপে প্রতিষ্ঠা কৰিলে ইতিহাস আৰু ঐতিহ্যৰ ফালৰ পৰাও এক সঠিক নামকৰণ হ’ব আৰু অসমৰ সমাজ জীৱনত এক সুন্দৰ চহকী জনগােষ্ঠীয় পৰিচয় প্রতিষ্ঠা হ’ব।

(লেখক বাংগালােৰত অৱস্থিত এমকুওৰ ফার্মাচিউটেলত কৰ্মৰত

বর্তমান অসম ছ’চাইটী বাংগালােৰৰ সহকাৰী সাংস্কৃতিক সম্পাদক।)

ফোনঃ ৯০১৯৬৩০৬৩২