শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / পৰিচয় সংকট আৰু অসমৰ মিঞা মুছলমান

পৰিচয় সংকট আৰু অসমৰ মিঞা মুছলমান

অসমৰ সৰু-বৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰে সুকীয়া সুকীয়া একো একোটা স্বকীয় পৰিচয় আছে যদিও, অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গৰ পৰা বিভিন্ন কাৰণত অসম মুলুকলৈ আহি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিত বসতি স্থাপন কৰা মুছলমান সম্প্ৰদায়টোৰ আজিকোপতি এটা সৰ্বজনগ্ৰাহ্য নামকৰণ হৈ উঠা নাই। ঐতিহাসিক ঘটনা সংক্ৰান্তত ভাৰতৰ বঙ্গ প্ৰদেশক এবাৰ পূৱ বঙ্গ আৰু এবাৰ পশ্চিম বঙ্গ বুলি বিভাজন কৰি ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰিলেও দেশৰ চিনাকী একেই আছিল। কিন্তু পিছলৈ ভাৰতৰ স্বাধীনতা যুদ্ধত ভাৰত দ্বিখণ্ডিত হৈ এভাগ পাকিস্তান হৈ পৰাত পূৱ বঙ্গ পূৱ পাকিস্তান হৈ বিদেশ হৈ পৰে। দেশৰ ভিতৰত মানুহ সীমাৰ ইপাৰ-সিপাৰ হৈ পৰস্পৰ পৰস্পৰৰ শত্ৰু হিচাপে চিহ্নিত হৈ পৰে। পৰৱৰ্তী কালত পূৱ পাকিস্তান বাংলাদেশলৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাত আৰু ভাৰতবৰ্ষ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সৈতে সাঙোৰ খাই পৰাত ঊনৈছ শতিকাৰ শেষ আৰু কুৰি শতিকাৰ আৰম্ভণিত বঙ্গৰ পৰা প্ৰব্ৰজিত হৈ অসমত বসতি কৰিবলৈ আৰম্ভ কৰা মুছলমান কৃষক শ্ৰেণীটোৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। অসমত কুৰি শতিকাৰ নবৈবৰ দশকত আৰম্ভ হোৱা বিদেশী বহিস্কাৰ আন্দোলনৰ গতিপথে অতদিনে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি পৰিচয় দি অহা মুছলমান জনগোষ্ঠীটোৰ পৰিচয়ৰ সংকটে দেখা দিয়ে। যি সংকট আজিলৈকে মোচন নহ’ল। অৱশ্যে সময়ৰ সোঁতত বিভিন্ন ঘাত-প্ৰতিঘাতৰ মুখামুখি হ’ব লগা হৈ আছে যদিও, এই জনগোষ্ঠীটোৱে আজিলৈকে নিজকে অসমীয়া হিচাপেই পৰিচয় দি আহিছে। কিন্তু এটা উল্লেখনীয় যে জনগোষ্ঠীটো জাতিগতভাৱে নিজকে অসমীয়া হিচাপে  পৰিচয় দিলেও জনগোষ্ঠীয়ভাৱে স্বগোষ্ঠীৰ মাজত স্বকীয় ভাষা-সংস্কৃতি আজিও বৰ্তাই ৰাখিছে। কিন্তু সেই ভাষা-সংস্কৃতি তথা নিজৰ সম্প্ৰদায়টোৰ এক সুনিৰ্দিষ্ট নাম তথা পৰিচয় নাই। যাৰ ফলস্বৰূপে আজি নামবিহীন এই সম্প্ৰদায়টোক সময়ৰ সোঁতত বিভিন্নজনে বিভিন্ন নামেৰে অভিহিত কৰা দেখা গৈছে।
অসমীয়া ভাষা তথা জাতিৰ ‘আপদকালীন বন্ধু’ হিচাপে বিবেচিত এই সম্প্ৰদায়টোৱে অসমীয়া ভাষা-সংস্কৃতিলৈ অভূতপূৰ্ব অৰিহণা আগবঢ়াই আহিছে। আনকি এই সম্প্ৰদায়টোৱে লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি লিখাৰ কাৰণেই ১৯৩১ চনৰ লোকপিয়লত ৩১.৪ শতাংশৰে সংখ্যালঘু অসমীয়া ভাষা ১৯৫১ চনৰ লোকপিয়লত  সংখ্যাগৰিষ্ঠ হৈ পৰে। তদুপৰি অসমৰ ভাষা আন্দোলন, মাধ্যম আন্দোলন আদিতো এই সম্প্ৰদায়ে সক্ৰিয় ভূমিকা পালন কৰি আহিছে। কিন্তু শেহতীয়াকৈ অতদিনে মাতৃভাষা অসমীয়া বুলি পৰিচয় দি অহা এই সম্প্ৰদায়ৰ কিছুসংখ্যক লোকে ২০১১ চনৰ লোকপিয়লত মাতৃভাষা অসমীয়াৰ পৰিৱৰ্তে ‘ভাটীয়া’ বুলি লিখিছে। (source: http://censusindia.gov.in/2011) ইয়াৰোপৰি কিছুসংখ্যকে হয়তো বাংলা ভাষা বুলিও লোকপিয়লত দেখুৱাইছে। যিটো লোকপিয়লৰ তথ্য ওলোৱাৰ পিছত অসমীয়া “প্ৰতিদিন টাইমৰ টল্ক শ্ব’ ” আদিত দাঙি ধৰা প্ৰতিবেদনৰ ভিত্তিতধাৰণা কৰিব পাৰি। অৱশ্যে ভাটীয়া উপভাষাটো ভুলক্ৰমে সিন্ধিৰ উপভাষা হিচাপে লোকপিয়লত অন্তৰ্ভুক্তহৈ আছে। যাৰ ফলস্বৰূপে অসমীয়া ভাষা সামান্য সংখ্যক হ’লেও হ্ৰাস পোৱা কথাটো কিছু পৰিমাণে হ’লেও যুক্তিযুক্ত। তদুপৰি ৰাজবংশী আৰু হাজংসকলৰ ভাষা লোকপিয়লত বাংলা ভাষাৰ উপভাষা হিচাপে অন্তৰ্ভুক্ত হোৱাৰ কাৰণেও লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাইছে।
সি যি কি নহওক, এতিয়া কথা হ’ল এই সম্প্ৰদায়টোক আৰু এওঁলোকৰ কথ্য ভাষাটোক সময়ৰ সোঁতত বিভিন্ন জনে বিভিন্ন অভিধাৰে আখ্যায়িত কৰাৰ অৰ্থ কি তাৰ উত্তৰ অস্পষ্ট। এওঁলোকৰ কথ্য ভাষাটোৰ নাম কি ? কথ্য ভাষাটো প্ৰকৃততে কাৰ উপভাষা ? অসমীয়াৰ নে বাংলাৰ ? আকৌ মাতৃভাষাৰ সংজ্ঞামতে পূৰ্ববঙ্গীয়মূলৰ এই মুছলমানসকলৰ মাতৃভাষা অসমীয়া হয়নে ? যদি মাতৃভাষা অসমীয়া নহয়, তেন্তে এওঁলোকক অসমীয়া বুলি ক’ব পাৰিনে ? যদি ক’ব পাৰি তেন্তে এওঁলোকৰো এটা নিৰ্দিষ্ট পৰিচয় থকাৰ পিছতহে অসমীয়া হ’ব নালাগিছিল নে ? আজি যেনেদৰে তিববতবৰ্মীয়ভাষী ৰাভা, বড়ো, গাৰো, তিৱা, মিচিং, মেচ-কছাৰী আদি জনজাতীয় লোকসকলৰ লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰে নিজৰ স্বকীয় জনগোষ্ঠীয় পৰিচয় থকাৰ লগতে জাতিগতভাৱে তেওঁলোকৰ আন এক পৰিচয় হৈছে অসমবাসী হিচাপে অসমীয়া। ঠিক একেদৰে অসমবাসী হিচাপে পূৰ্ববঙ্গীয়মূলৰ মুছলমানসকলৰ ক্ষেত্ৰতো একে হ’ব নালাগিছিলনে ? কিন্তু সেয়া নহৈ সময়ৰ সোঁতত এই  সম্প্ৰদায়টোক ‘ন-অসমীয়া’, ‘পমুৱা’, ‘লৌহিত্যপৰীয়া’, ‘অভিবাসী’, ‘চৰুৱা’, ‘মিঞা’, বঙ্গমূলীয় অসমীয়া আদি বিভিন্ন অভিধাৰে আখ্যায়িত কৰি অহা হৈছে। আকৌ তেওঁলোকৰ মুখৰ ভাষাটোক ‘চৰ-চাপৰিৰ কথিত অসমীয়া’, ‘চৰুৱা’, ‘অভিবাসী দোৱান’, ‘মিঞামিজ’, ‘ভাটীয়া’, ‘মৈমনসিঙ্গীয়া’ আদি বিভিন্ন নামেৰে নামকৰণ কৰাৰ কাৰণো বিচাৰি নাপাওঁ। আজি এনে ভিন্ন নামকৰণৰ পয়োভৰ কেৱল প্ৰবন্ধপাতিতে সীমাবদ্ধ  হৈ থকা নাই। আনকি অসমৰ আগশাৰীৰ আটাইতকৈ ঐতিহ্যমণ্ডিত শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা গ্ৰন্থতো এনে ভিন্ন নামকৰণৰ উদাহৰণ পোৱা যায়। উদাহৰণস্বৰূপে– ড০ নগেন কলিতাই পূৰ্ববঙ্গমূলীয় মুছলমানসকলৰ ভাষা সম্পৰ্কে গৱেষণা কৰিবলৈ গৈ তেওঁৰ গৱেষণা গ্ৰন্থৰ শিৰোনামে  দিছে–কামৰূপ জিলাৰ চৰ অঞ্চলৰ কথিত অসমীয়া ভাষাঃ এটি সমাজ-ভাষাতাত্ত্বিক অধ্যয়ন। ড০  হাচিনুচ চুলতানে তেওঁৰ  গৱেষণা গ্ৰন্থ A Study in Language and Culture in the Char area of Lower Assam ৰ তৃতীয় অধ্যায়ত এই  উপভাষা সম্পৰ্কে অধ্যয়ন কৰি  ‘চৰুৱা উপভাষা’ বুলি নামকৰণ কৰিছে। (পৃ. ৪৬) আকৌ ধীৰেন্দ্ৰ নাথ দাসে তেওঁৰ গৱেষণা গ্ৰন্থ  The Dialects of Goalpara and Kamrup : A Comparative Analysis ৰ  চতুৰ্থ অধ্যায়ত এই উপভাষাটোক ‘চৰুৱা উপভাষা’ বুলি কৈছে। (পৃ. ২২১)  ড০ উমেশ দাসে ‘অবিভক্ত গোৱালপাৰা জিলাৰ নৃগোষ্ঠীয় অসমীয়া ভাষাঃ এক সমাজ ভাষাবৈজ্ঞানিক অধ্যয়ন’ শীৰ্ষক তেওঁৰ গৱেষণা গ্ৰন্থৰ পঞ্চম অধ্যায়ত এই উপভাষা সম্পৰ্কে বিচাৰ-বিশ্লেষণ কৰি ‘অভিবাসী মুছলমানৰ কথিত অসমীয়া বা ভাটীয়া’ নামেৰে অভিহিত কৰিছে ।  (পৃ. ১৯৬)  এতিয়া কথা হ’ল এখন বিশ্ববিদ্যালয়তে যদি এনে ভিন্ন নামকৰণৰ পয়োভৰ দেখা যায়, তেন্তে আমি কোনটো গ্ৰহণ কৰিম ?  এটা কথা ঠিক যে অবিভক্ত ভাৰতৰ পূৰ্ববঙ্গৰ পৰা বিভিন্ন কাৰণত অসম মুলুকলৈ অহা এই মুছলমান সম্প্ৰদায়ৰ মানুহখিনি অৰ্থনৈতিক কাৰণতেই  হওঁক, ৰাজনৈতিক কাৰণতেই হওঁক বা পৰিস্থিতিজনিত কাৰণতেই  হওঁক স্বকীয় ভাষা-সংস্কৃতি বিসৰ্জন দি অসমীয়া ভাষা-সংস্কৃতি আকোঁৱালি লৈ নিজকে অসমীয়া বুলি পৰিচয় দিয়ে। কিন্তু এনে ভিন্ন  কাৰকসমূহৰ বাবে  নিজৰ ভাষা-সংস্কৃতি বিসৰ্জন দিয়া বুলি কোৱা হয় যদিও, ইতিমধ্যে উল্লেখ কৰা হৈছে যে নিজৰ মাজত বা ঘৰুৱা পৰিৱেশত নিজস্ব দোৱানৰেই  ভাৱ-বিনিময় কৰে।
এইখিনিতে আন এটা কথা বিশেষভাৱে উল্লেখনীয় যে মিঞাসকলৰ কথিত দোৱানটো অসমীয়া নে বাংলাৰ উপভাষা সেই সম্পৰ্কেও গৱেষণা গ্ৰন্থসমূহত স্পষ্ট মতামত পোৱা নাযায়। তেওঁলোকে কেৱল অসমীয়া ভাষাৰ লগত বিষয়বোৰ ৰিজাই চাই বিশে¡ষণ নকৰি বাংলা ভাষা বা বাংলাৰ উপভাষাসমূহৰ সৈতেও উপভাষাটো তুলনা বা ভেদাভেদ নিৰ্ণয় কৰি অধ্যয়ন কৰিলে হয়তো বিষয়টো পোহৰলৈ আহিলে হয়। কিন্তু তাকে নকৰাৰ পৰিপ্ৰেক্ষিতত উপভাষাটো বাংলাৰ নে অসমীয়াৰ উপভাষা সেয়া কোনো গৱেষকে সঠিককৈ নিৰ্ণয় কৰিব পৰা নাই। অৱশ্যে বিষয়টো তেওঁলোকৰ গৱেষণাৰ পৰিসৰৰ ভিতৰুৱাও নহয়।
সি যি কি  নহওক, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ অভূতপূৰ্ব অৰিহণা আগবঢ়োৱা এই চৰ-চাপৰিবাসী মুছলমানসকলক এটা সময়ত ‘ন-অসমীয়া’ অৰ্থাৎ নতুন অসমীয়া বুলি অভিহিত কৰা হৈছিল যদিও, পৰবৰ্তী সময়ত তেওঁলোকৰ নামৰ আগৰ ‘ন’ টো গুচাই ‘অসমীয়া’ কৰা হৈছিল। যি কথা সাহিত্য সভাৰ সভাপতিসকলৰ বিভিন্ন অভিভাষণত প্ৰকাশ পাইছে। এই প্ৰসঙ্গত সাহিত্য সভাৰ ৫৫ তম ডুমডুমা (১৯৮৯) অধিৱেশনৰ সভাৰ সভাপতি মহিম বৰাৰ অসমীয়াৰ বহল সংজ্ঞা উল্লেখ কৰিব পাৰি–
“অসমীয়া কোন এই প্ৰসঙ্গক্ৰমত এইখিনি কথা বাঢ়িল। চাহ বাগানৰ অসমীয়া, পিছত অহা পূৰ্ববঙ্গৰ মুছলমান অসমীয়া (যাক শ্ৰীযুত হোমেন বৰগোহাঞিদেৱে নামাকৰণ কৰিছিল ‘ন-অসমীয়া’ বুলি ব্যৱহাৰিক সুবিধাৰ কাৰণে কিন্তু বৰ্তমান এনে প্ৰয়োজন উঠি গৈছে।) অসমৰ শিখসকল, বৌদ্ধসকল, বিভিন্ন জনগোষ্ঠী, পৰ্বত ভৈয়াম, নেপালীসকল, বঙালীসকল সকলো মিলিয়েই অসমীয়া।” (চৌধুৰী আৰু ভূঞা (সম্পা.)ঃ  অসম সাহিত্য সভাৰ ভাষণাৱলী, পৃ. ৩৫১)
সেইদৰে অসম সাহিত্য সভাৰ ৬১ তম সৰ্থেবাৰী অধিৱেশনত হিতেশ ডেকা, ৬২ তম্ বোকাখাত অধিৱেশনৰ সভাপতি ড০ লক্ষ্মীনন্দন বৰা আদি স্বনামধন্য ব্যক্তিসকলেও অসমৰ চৰ-চাপৰিবাসীক ‘ন-অসমীয়া’, ‘পমুৱা’ আদি বোলাৰ বিপৰীতে তেওঁলোকক ‘অসমীয়া’ বুলি অভিহিত কৰিছে।
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়োৱা এই চৰ-চাপৰিবাসী মুছলমানসকলক ‘ন-অসমীয়া’, ‘নতুন অসমীয়া’ নুবুলি সাহিত্য সভাৰ সভাপতি সকলে অসমীয়া বুলি স্বীকৃতি দিলেও ৰাজনৈতিকভাৱে আজিও যে তেওঁলোকক অসমীয়া জাতিসত্তাৰ পৰা নিলগত ৰখা হৈছে সেই কথা নুই কৰিব নোৱাৰি।
এতিয়া কথা হ’ল এই সম্প্ৰদায়টোৰ সৰ্বজনবিদিত  তেনে কোনো নিৰ্দিষ্ট নামকৰণ নহলেও পূৰ্বৰে পৰা বহুল প্ৰচলিত এটা নাম হৈছে ‘মিঞা’। সম্প্ৰতি এই নামটোকেই ব্যাপক হাৰত সামাজিক মাধ্যম তথা বিভিন্ন প্ৰবন্ধপাতিত বিশেষকৈ এই সম্প্ৰদায়ৰ যুৱচামে ব্যৱহাৰ কৰা দেখা যায়। যদিও ই বিতৰ্কৰ উৰ্দ্ধত নহয়। ইয়াৰ কাৰণ হ’ল–ইতিহাসৰ পাতত মিঞা বুলি তেনে কোনো জনগোষ্ঠীয় পৰিচয় ক’তো নাই। ই এটা পাৰ্চীমূলীয় সম্বোধনবোধক তথা উপাধিসূচক শব্দ। যাৰ অৰ্থ ডাঙৰীয়া বা মহাশয়। তৎসত্ত্বেও মিঞা শব্দটো অসমত এই সম্প্ৰদায়টোক হেয় প্ৰতিপন্ন কৰাৰ অৰ্থত উপলুঙা কৰি তাচ্ছিল্যৰ সুৰত ব্যৱহাৰ কৰা হয়। গতিকে মিঞা নামটো লৈ বহুতকেই আপত্তি কৰা দেখা যায়। আনহাতে অবিভক্ত গোৱালপাৰা জিলাত তুলনামূলকভাৱে প্ৰাচীন কালৰে পৰা প্ৰচলিত ‘দেশী বা উজেনি’সকলৰ সৈতে বিৰোধ দেখুৱাবলৈ এই সম্প্ৰদায়ৰ লোকসকলে নিজকে ভাটীয়া বুলি পৰিচয় দিয়ে। ড০ আব্দুল মালিকেও অসমৰ মুছলমান জনগোষ্ঠীটোক বিভাজন কৰোঁতে ভাটীয়া হিচাপে এটা গোটক চিনাক্ত কৰিছে। ড০ উপেন ৰাভা হাকাচামেও ‘অসমীয়া আৰু অসমৰ ভাষা-উপভাষা’ গ্ৰন্থখনৰ এটা প্ৰবন্ধত এওঁলোকক ভাটীয়া হিচাপে অভিহিত কৰিছে। কিন্তু ইও সৰ্বজনবিদিত নহয়। কাৰণ এই নামটোৱে কেৱল অবিভক্ত গোৱালপাৰা জিলাক সামৰি লৈছে যদিও, সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিৰ মুছলমানসকলক সামৰি ল’ব পৰা নাই।
চৰ-চাপৰিবাসী এই লোকসকল ‘অভিবাসী অসমীয়া মুছলমান’ নামেৰে বিদ্বৎ সমাজত পৰিচিত লাভ কৰি আহিছে যদিও, এয়াও সৰ্বসন্মত গ্ৰহণযোগ্য ‘অভিধা’ বুলি ক’ব নোৱাৰি। কাৰণ ‘হেমকোষ’ত অভিবাসী শব্দৰ অৰ্থ দাঙি ধৰা হৈছে এইদৰে– ‘কোনো দেশৰ ৰাজনৈতিক ভূ-খণ্ডত বসবাস কৰা আন দেশৰ লোক–”People living in other’s country.” (বৰুৱা, হেমচন্দ্ৰঃ হেমকোষ, পৃ. ৭৯৩)  এনেদৰে অধ্যয়ন কৰিলে দেখা যায় যে আজিলৈকে যিকেইটা নামেৰে এই  জনগোষ্ঠীটোক নামকৰণ কৰা হৈছে, তাৰ কোনোটোৱেই সৰ্বসন্মতভাৱে গ্ৰহণযোগ্য হোৱা নাই। সেইবুলি যুগে যুগে এনেকৈয়ে চলি থাকিবনে ? নে সকলোৱে ঐক্যমতত উপনীত হৈ এটা সুনিৰ্দিষ্ট নামকৰণ কৰাৰ প্ৰয়োজন আছে ? যদি প্ৰয়োজন আছে বুলি ভাৱে তেন্তে ‘মিঞা’ বুলিয়েই কওঁ বা ‘ভাটীয়া’ বুলিয়েই কওঁ বা ‘মৈমনসিঙীয়া’ বুলিয়েই কওঁ, সেয়া কেৱল সকলোৱে একাগ্ৰ চিত্তে গ্ৰহণ কৰিব লাগে। তেনে এক চিন্তাধাৰাৰে যোৱা জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ মই নিজে অফলাইন আৰু অনলাইন যোগে প্ৰশ্নাৱলী (questionnaire) প্ৰ-পত্ৰ এখন প্ৰস্তুত কৰি তাৰ যোগেদি এক সমীক্ষা চলাওঁ। যি সমীক্ষাত ছাত্ৰ, গৱেষক, সমাজকৰ্মী, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতৃবিন্দ, বুদ্ধিজীৱী, সমাজ-সচেতন ব্যক্তিকে আদি কৰি প্ৰায় শতাধিক প্ৰশ্নাৱলী (questionnaire) প্ৰ-পত্ৰ পূৰণ হৈ আহে। সেই  প্ৰ-পত্ৰত তেওঁলোকে দাঙি ধৰা নিজৰ নিজৰ মন্তব্য অনুসৰি কেৱল অনলাইনৰ তথ্য অনুসৰি ৭৪.১৯% ব্যক্তিয়ে নিজকে ‘মিঞা’ হিচাপে পৰিচয় দাঙি ধৰিছে। বাকী ২৫.৮১% ব্যক্তিয়ে ভিন ভিন মন্তব্য দাঙি ধৰিছে। উদাহৰণস্বৰূপে তলত সমীক্ষা চিত্ৰটো তুলি ধৰা হ’ল।

উৎসঃ https://docs.google.com/forms/d/e1FAIpQLScDM5Pdh03UxBbD1Wk_dukmHfNaM9hCA4Tw5a-Tl_0i0vaKw/viewform

উপৰোক্ত সমীক্ষাৰ আধাৰত এটা কথা স্পষ্ট যে ‘মিঞা’ শব্দটোৰ অৰ্থান্তৰ ঘটাই তাৰ আচল অৰ্থক বিকৃত কৰি বা উপলুঙা কৰি তুচ্ছ-তাচ্ছিল্যৰ সুৰত এই জনগোষ্ঠীটোক বুজোৱা হয় যদিও, সম্প্ৰতি এই জনগোষ্ঠীয় লোকসকলে নিজকে ‘মিঞা’ হিচাপেই পৰিচয় দি ভাল পায়। গতিকে এই আলোচনাৰ পৰা এটা কথা ক’ব পাৰি যে, অতদিনে জনগোষ্ঠীটোক বিভিন্ন ধৰণে নামকৰণ কৰি আহিলেও সম্প্ৰতি জনগোষ্ঠীটোক সকলোৱে ঐক্যমতত উপনীত হৈ ‘মিঞা’ নামেৰেই অভিহিত কৰাটো যুক্তিসংগত। যাৰ দ্বাৰা জনগোষ্ঠীটো আগুৱাই যোৱাত আৰু বিভিন্ন সমস্যা সমাধান কৰাত উজু হ’ব বুলি আশা কৰিব পাৰি। অন্যথা অসম্ভৱ।

 

লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক
ভ্ৰাম্যভাষ–৮৬৩৮২৮৭৬৩৮