শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ‘দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে/মাটিক মাতৃ বােলা প্রতিজন ভাৰতীয়ই নতুন অসমীয়া’

‘দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে/মাটিক মাতৃ বােলা প্রতিজন ভাৰতীয়ই নতুন অসমীয়া’

১৯০১ চন বা তাৰো আগতে প্ৰব্ৰজন ঘটা পূৰ্ববঙ্গীয় মূলৰ অসমৰ নদী দাঁতিকাষৰীয়া চৰ-চাপৰি অঞ্চলত বসবাস কৰা লোকসকলে অসমত ‘মিঞা’ ৰূপে পৰিচিত৷ ঘাইকৈ কৃষিজীৱী এই লোকসকলে অসমৰ থলুৱা লোকসকলৰ সৈতে সু-সম্পৰ্ক কৰি চৰ-চাপৰিৰ পৰা উৎপাদন কৰা শাক-পাঁচলি, গাখীৰ আদিৰ ব্যৱসায় কৰি আহিছে৷ এওঁলোকৰ মাজৰে বনুৱা কিছুমানৰ অবিহনে হয়তো চহৰ-নগৰৰ অট্টালিকাবোৰ নিৰ্মাণ সম্ভৱপৰ নহ’লহেঁতেন৷ অসমৰ মাটিত বাস কৰা এইসকল নিৰক্ষৰ লােকৰ সতি-সন্ততিসকল অসমৰ ভাষা-সংস্কৃতি কেতিয়াও অস্বীকাৰ কৰা নাই। ১৯০১ চন বা ইয়াৰ সমসাময়িক সময়ত এইসকল লােকৰ প্ৰব্ৰজনৰ হাৰ যথেষ্ট বেছি হােৱাটো অসমীয়া জাতি আৰু অসমীয়া ভাষা সংকটৰ সন্মুখীন হ’ব বুলি অসমত একাংশ জাতীয়তাবাদী ভাবধাৰাৰ মানুহে বিভিন্ন সংগঠনৰ জন্ম দিছিল।

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ নেতৃত্বত অসমীয়া জাতি তথা অসমীয়া ভাষা বচোৱাৰ স্বাৰ্থত, অসমীয়া মানুহৰ জনসংখ্যাৰ অল্পতা আৰু মিঞা সকলৰ আগ্রাসন দেখি গঢ় লৈ উঠিছিল জাতীয়তাবাদী সংস্থা  ‘অসমীয়াৰ অধিকাৰ তথা স্বার্থ সংৰক্ষণ সভা’ আৰু অসম জাতীয় মহাসভা। এই সংস্থাৰ দাবী আছিল অসমত বাস কৰিবলৈ হলে মৈমনসিঙীয়া লােকসকলে অসমীয়া ভাষা গ্রহণ তথা অসমীয়া সংস্কৃতিক শ্রদ্ধা জনাব লাগিব। তেওঁলােকে এই দাবীৰ পূর্ণ সমর্থন জনাই ঠায়ে ঠায়ে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি তাত তেওঁলােকৰ লৰা-ছােৱালী পঢ়ুৱাই অসমীয়া ভাষাৰ প্রতি আনুগত্য প্রকাশ আৰু অসমীয়া সংস্কৃতি আদৰাৰ বাবে পর্যাপ্ত চেষ্টা কৰি হাড়ে-হিমজুৱে অসমীয়া হ’বলৈ চেষ্টা কৰি আহিছে। বর্তমান সময়ত কিছুমান চৰ-চাপৰিৰ বাসিন্দা মিঞা যুৱকে নিজা দোৱানত কবিতা লিখাটোক কেন্দ্ৰ কৰি ‘মিঞা পয়েট্রী’ বিতর্কই গা কৰি উঠিছে। অসমীয়া ভাষাৰ বিৰােধিতা কৰি যিহেতু তেওঁলােকে কবিতাৰ চৰ্চা কৰা নাই সেইবাবে এই বিষয়ে বিতর্ক হােৱাটোৰ কোনাে যুক্তিযুক্ততা থাকিব নােৱাৰে। অসমৰ বিভিন্ন জনগােষ্ঠীৰ মানুহে অসমীয়া ভাষাৰ উপৰি নিজৰ ঘৰুৱা ভাষাত সাহিত্য চর্চা কৰাটো কোনাে নতুন কথা নহয়, বৰঞ্চ গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমীয়া ভাষা বিনাশৰ পৰিকল্পনাৰে চলাে পাল্টাই শ্ল’গানেৰে এইসকল লােকৰ লগত ভাষিক ভাতৃত্বৰ প্রলােভন দিয়া দুষ্টচক্ৰৰ আহ্বান পােনছাটেই নাকচ কৰি অসম আৰু অসমীয়া ভাষাক সন্মান প্রদর্শন কৰি তেওঁলােকে নিজকে অসমীয়া বুলি চিনাকি দিয়াটো।

বর্তমান মিঞা অধ্যুষিত চৰ-চাপৰি এলেকাত সম্পূর্ণ জাতীয়তাবাদী ভাবধাৰাৰে প্রকৃত অসমীয়া একাংশই গঢ় দিয়া অসমীয়া মাধ্যমৰ জাতীয় বিদ্যালয় গঢ়ি তুলিছে। তাতেই তেওঁলােকৰ শিশুসকলে অসমীয়া ভাষা শিকাৰ সুযােগ লাভ কৰিছে। এইসকল পূর্ববংগীয় মূলৰ লােকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ বাবে অকণাে ইতস্তত বােধ নকৰে। আজিকালি চৰ-চাপৰিত অসমীয়াৰ স্বাভিমান বিহুগীত বাজি থাকে। বহু যুৱকে মােবাইলৰ ৰিংটনত বিহু গীত সংলগ্ন কৰি ৰাখে। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে গীতত কৈ যােৱা ‘দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে/মাটিক মাতৃ বােলা প্রতিজন ভাৰতীয়ই নতুন অসমীয়া’ কথাষাৰৰ ‘ভাৰতীয়’  শব্দটো বিশ্ববাসী বুলি মানি লৈ এই ‘মিঞা’ বুলি পৰিচিত মানুহখিনিক ন -অসমীয়া বুলি কোৱাটো যুক্তিসংগত হ’ব বুলি আমি বিবেচনা কৰাে।

(লেখক চলাকুৰা পয়েস্তি চৰ প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক,

ফোনঃ  ৯১০১৮৭১৯৭০)

 

বিঃদ্ৰঃ এই শিতানত প্ৰকাশৰ বাবে আমালৈ লেখাসমূহ উল্লেখ কৰা ই-মেইলত পঠাওঁকঃ myganaadhikar1@gmail.com