শেহতীয়া খবৰ
Home / আঞ্চলিক / তৃতীয় বাৰ্ষিক তিনিচুকীয়া জিলাভিত্তি কাৰাটে প্ৰতিযোগিতা সফল সমাপ্তি

তৃতীয় বাৰ্ষিক তিনিচুকীয়া জিলাভিত্তি কাৰাটে প্ৰতিযোগিতা সফল সমাপ্তি

শৰৎ গগৈ, লেখাপানীঃ তিনিচুকীয়া জিলাখনৰ মাৰ্ঘেৰিটা, লেখাপানীকে ধৰি বিভিন্ন ঠাইত প্ৰশিক্ষণ অনুষ্ঠিত হৈ থকা জিলাভিত্তি কাৰাতে চেম্পিয়নচিপ তিনিচুকীয়া জিলা কাৰাতে- দু এছচিয়েচনৰ দ্বাৰা অনুষ্ঠিত হোৱা কাৰাতে প্ৰতিযোগিতা ২৯ জুলাই তাৰিখে ডিগবৈ বৰবিল ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । এই প্ৰতিযোগিতাত জিলাখনৰ দুলিয়াজন ডিগবৈ, মাৰ্ঘেৰিটা আৰু জাগুনৰ প্ৰায় ৭৩ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে । ৭৩ গৰাকী খেলুৱৈৰ ভিতৰত ৬ গৰাকীয়ে সোণ, ৬ গৰাকীয়ে ৰূপ আৰু প্ৰায় ১০ গৰাকীতকৈ অধিক খেলুৱৈয়ে ব্ৰঞ্জ পদক পাবলৈ সক্ষম হয় । বিশেষকৈ লেখাপানী জাগুনৰ ভিতৰুৱা অঞ্চলটোৰ কেইবাগৰাকী খেলুৱৈক  অবিৰত ভাৱে প্ৰশিক্ষণ দি থকা প্ৰশিক্ষক ৰমেশ শইকীয়াৰ নেতৃত্বত অংশগ্ৰহণ কৰা খেলুৱৈ সকলে যথেষ্ট পৰিমানৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা অঞ্চলটোৰ সচেতন ৰাইজে প্ৰশিক্ষকজনক প্ৰশংসা কৰা দেখা যায় । অনাগত দিন বোৰত জাগুন লেখাপানী অঞ্চলটোৰ বিভিন্ন ভিতৰুৱা গাঁৱসমূহৰ উঠি অহা নৱপ্ৰজন্মক শাৰীৰিক আৰু আত্মনিৰ্ভশীলতাৰ প্ৰতিভা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষক ৰমেশ শইকীয়াই অসম তথা ভাৰতবৰ্ষকে ধৰি বিশ্ব দৰবাৰলৈ খেলুৱৈ সকলক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লোৱাৰ কথা অৱগত কৰিছে ।