শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / মিঞা বিতৰ্কঃ অসমীয়াৰ সাৰ্বজনীনতা আৰু মিঞা কবিতা

মিঞা বিতৰ্কঃ অসমীয়াৰ সাৰ্বজনীনতা আৰু মিঞা কবিতা

অতি সম্প্ৰতি মিঞা কবিতা সম্পৰ্কীয় বিতৰ্কৰ প্ৰেক্ষাপটত কিছু প্ৰাসংগিক বিষয় উল্লেখ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিছোঁ। তথ্য মতে ১৯৯১ চনৰ লোকপিয়লত অসমত  শতকৰা ৫৭ ভাগ লোকৰ মাতৃভাষা আসমীয়া বুলি উল্লেখ আছে। ইয়াৰে শতকৰা ১৮ ভাগ হ’ল অভিবাসী মুছলমানসকল (মিঞা)। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই এই লোকসকলে অসমীয়া ভাষাক মাতৃভাষা ৰূপে গ্ৰহণ কৰিছে। ১৯৩১ চনত অসমত  অসমীয়া লোকৰ সংখ্যা শতকৰা ৩৬ ভাগৰ পৰা ১৯৫১ চনত শতকৰা ৬২ ভাগত পৰিণত হোৱা আৰু সংখ্যালঘু হোৱাৰ পৰা অসমীয়া ভাষা ৰক্ষা পৰাৰ কাৰণ অভিবাসী (বংগীয় মূলৰ মুছলমান/মিঞা) সকলৰ ঐকান্তিক প্ৰচেষ্টা, আন্তৰিকতা আৰু দূৰদৰ্শিতা সম্পৰ্কে দ্বিমত নাই। এই মানুহখিনিয়ে যিকোনো নথি-পত্ৰত মাতৃভাষা অসমীয়া বুলি লিখে। কিন্তু এওঁলোকে ঘৰত যি দোৱান ব্যৱহাৰ কৰে সেয়া অসমীয়া, বাংলা আৰু গোৱালপৰীয়া ভাষাৰ সংমিশ্ৰণত এক সুকীয়া ৰূপ লৈছে। অসমীয়াৰ সাৰ্বজনীন ৰূপৰ প্ৰভাৱত স্বকীয়তা লাভ কৰি এই দোৱানে ইতিমধ্যে অসমীয়াৰ এটা সামাজিক জাতিগত উপ-ভাষাৰ মৰ্যাদা লাভ কৰা বুলি অসমীয়া ভাষাৰ পণ্ডিতসকলে মত পোষণ কৰিছে। অসমীয়াৰ এই উপ-ভাষাত সাহিত্য চৰ্চা হ’লে অসমীয়া ভাষা সংকটাপন্ন হ’ব বুলি ধাৰণা কৰাটো সমীচীন নহয়। অসমীয়াৰ উপ-ভাষাত কবিতা লিখা আৰু কবিতা লিখি কেইগৰাকীমান যুৱক-যুৱতীয়ে অসমীয়াৰ বদনাম কৰা বুলি অভিযোগ উত্থাপিত হৈ তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ ৰুজু হোৱা বিষয় দুটা আমি পৃথককৈ চাব লাগিব। আপত্তিজনক বিষয়ৰ উল্লেখ কৰা বাবে যিকোনো কবি-লেখকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হ’ব পাৰে।  আনহাতে, অসমীয়াৰ উপ-ভাষা এটাত নতুনকৈ সাহিত্যৰ সৃষ্টিৰ দিশটো উল্লিখিত ধৰণৰ অভিযোগ, প্ৰতি-অভিযোগৰ সৈতে একাকাৰ কৰা বিষয় নহয়। অসমৰ বিভিন্ন জনগোষ্ঠীয় উপাদানে যিদৰে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰি ৰাখিছে, তেনেদৰে অভিবাসী দোৱানত সাহিত্য সৃষ্টি হ’লে সিওঁ হ’ব অসমীয়া ভাষা-সাহিত্য আৰু অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰা এটা অংগ। সাহিত্য চিৰকাল সমাজৰ দাপোণ হৈয়ে থাকিব।  ছ’চিয়েল মিডিয়া তথা মূল সংবাদ মাধ্যমত দেখা পোৱা গৈছে যে বিভিন্নজনৰ চিন্তাই ধোঁৱাই কুণ্ডলী পকোৱাৰ দৰে একেটা কুণ্ডলী পকাইছে। কবিতাই হেনো ভৌগোলিক পৰিসীমা অতিক্ৰম কৰিছে। পিছে আজিৰ বিশ্বায়নৰ যুগত সৃষ্টিৰ পৰিধি কেনেকৈ নিৰ্ধাৰণ কৰিব ? আনকি অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ ভাষাত সাহিত্য চৰ্চা অসমৰ পৰিসীমাৰ ভিতৰতে সিমাবদ্ধ ৰাখি কৰিছে বুলিও ক’ব বিচৰা মনোভাব বৰ দুৰ্ভাগ্যজনক। এটা ভৌগোলিক পৰিসীমাৰ মাজত সীমিত ৰাখিব পৰাকৈ সাহিত্য-কলাৰ চৰ্চা কিদৰে সম্ভৱ এইটো একধৰণৰ আধিপত্যবাদী চিন্তাৰ বাদে একোৱেই হ’ব নোৱাৰে৷ অসমৰ সমূহ জনগোষ্ঠীৰ সাহিত্য-কলাৰ সৃষ্টি কেৱল মূল সুঁতিৰ প্ৰগতিশীল শ্ৰেণীক তৈলমৰ্দন কৰাৰ বাবেহে হ’ব লাগে বুলি কোনোবাই ধাৰণা কৰি বহি থাকিলে তেনে ধাৰণাই সংস্কৃতিৰ অপমৃত্যুকেই হাত বাউলি মাতি অনাৰ লেখিয়া কথা হ’ব। সাহিত্যই কোনো ইতিহাস নতুন ৰূপত পাঠকৰ আগত তুলি ধৰিব পৰাকৈ স্বাধীন হ’বই লাগিব। এইবোৰ ক্ষেত্ৰত প্ৰগতিশীল শ্ৰেণী আৰু উগ্ৰ জাতীয়তাবাদীসকলৰ মাজৰ ৰেখাডাল সূক্ষ্ম হৈ আহিলে নতুন প্ৰজন্ম হতাশ হোৱা স্বাভাৱিক। আনহাতে চৰ-চাপৰিবাসীৰ সামাজিক সমমৰ্যাদা সম্পৰ্কে বহুলভাৱে আলোচনা হ’লে অসমৰ উঠি অহাচাম হতাশ নহৈ আগ্ৰহী হ’ব। সামাজিক বৈসম্যমূলক মনোভাব আঁতৰ হৈ সমিলমিলৰ মাজেৰে জাতীয় জীৱনে উন্নতিৰ জখলা বগাই যোৱাৰ সম্ভাৱনা অধিক। তেতিয়া কোনো যুৱকৰ মনত চৰ-চাপৰিৰ মানুহৰ প্ৰতি ঘৃণা জমা নহ’ব তথা অসমৰ কোনো লোকেই এটা বৃহৎ জনগোষ্ঠীয়ে কোৱা উপ-ভাষাত কথা ক’বলৈ বেয়া লাগে বুলি কোৱাৰ পৰিৱেশ নাথাকিব। চৰ-চাপৰিৰ দোৱানত কোৱা কথাবোৰ তেওঁলোকৰ দৰে বুজি পালে অসমীয়া ভাষা আৰু জাতি সত্তাৰ ক্ষেত্ৰত সংকট নামি আহিব বুলি ভবাটো অদূৰদৰ্শী চিন্তা আৰু এক অমূলক ভয়। চৰ-চাপৰিবাসীয়ে মিঞা ভাষাৰ দাবী কৰা কথাটো এটা অৰ্থহীন প্ৰলাপৰ বাদে একোৱেই নহ’ব। তেওঁলোকে যি দোৱান ঘৰত নিতৌ ব্যৱহাৰ কৰে সেই দোৱানত কবিতা লিখি সেইবোৰক ‘মিঞা কবিতা বুলি ক’লেই যদি অসমীয়া জাতি সত্তাত কুঠাৰাঘাত কৰা হয় তেন্তে দীৰ্ঘদিন ধৰি তেওঁলোকক ‘মিঞা’ বুলি ৰাজহুৱা অপমান কৰি থাকিলে অসমীয়া জাতি সত্তাৰ ভেটিত টোকৰ নপৰে কিয় ? অভিবাসীসকল এতিয়া অসমীয়া নহয় বুলি ক’বনে ?  অভিবাসীসকলৰ না জাতি মিঞা, না সম্প্ৰদায় মিঞা,  না তেওঁলোকৰ ভাষা মিঞা। কিন্তু কবিতা ‘মিঞা কবিতা’ হোৱাৰ কাৰণ ইতিমধ্যে আমি উপলব্ধি কৰা ধৰণে উল্লেখ কৰিছোঁ। অৱশ্যে প্ৰগতিশীল শ্ৰেণীয়ে এই বিষয়টো অধিক জটিল নকৰি আন্তৰিক তৎপৰতাৰে সাহিত্যক সাহিত্যৰ স্থানত ৰাখি প্ৰকৃত সমস্যাক আলোচনাৰ মেজত আনিলে বিশ্বাস আৰু আন্তৰিকতাই পথ প্ৰশস্ত কৰিব। চৰ-চাপৰিবাসী এতিয়াও যে অসমীয়া হ’বলৈ বাকী নাই সেইটো দোহোৰাই থকাৰ প্ৰয়োজন নাই। চৰ-চাপৰিবাসী বংগীয় মূলৰ মুছলমানসকলে কোনো বিনিময়তে অসমীয়া ভাষা এৰি বাংলা ভাষাক আপোন কৰি মাতৃভাষা হিচাপে গ্ৰহণ নকৰে। ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে এই অভিবাসীসকলৰ ঘৰত কোৱা দোৱান অসমীয়া, বাংলা আৰু গোৱালপৰীয়া ভাষাৰ সংমিশ্ৰণত এক সুকীয়া ৰূপ লৈছে। যিটো ৰূপ শতকৰা ৫০ ভাগতকৈ অধিক অসমীয়া ভাষাৰ প্ৰভাৱত গঠিত। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এশ বছৰৰ অধিক কাল সহাৱস্থান তথা সাংস্কৃতিক আৰু সামাজিক আদান-প্ৰদানৰ ফলত অভিবাসীসকল কেতিয়াবাই অসমীয়া হৈ গ’ল। অথচ অসম  আন্দোলনৰ পৰৱৰ্তী কালছোৱাত অভিবাসীসকলে মিঞা, বাংলাদেশী, বিদেশী আদি ভাষাৰে ৰাজহুৱা অপবাদ আৰু অপমান সহ্য কৰি আহিব লগীয়া হোৱাটোহে দুৰ্ভাগ্যজনক। অতদিনে তেওঁলোকৰ সমস্যাবোৰ অৱজ্ঞা কৰা নাইবা সমাধান কৰিব নোৱাৰা বাবেহে অসমৰ এটা বৃহত জনগোষ্ঠী পিছ পৰি আছে।  এজন কবিয়ে যিকোনো ভাষা আৰু দোৱানত লিখিব পৰাকৈ স্বাধীন। অভিবাসীসকলে আসমীয়াৰ উপৰিও নিজৰ দোৱানত কবিতা লিখিলে অসমীয়া ভাষা সংকটত পৰাৰ কথা কোৱাসকলে ইংৰাজী, হিন্দী, বাংলা আদি ভাষাত লিখা তথা অনুবাদ সম্পৰ্কে কি ভাবে নাজানো। বাংলা আগ্ৰাসনৰ প্ৰতি চৰ-চাপৰিবাসীৰ সজাগতাৰ প্ৰমাণ অসমত এক  সোণালী ইতিহাস।(মিঞাই অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰা কালৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ‘চলো পাল্টাই’ নস্যাৎ কৰালৈ) ভাষা আন্দোলনৰ পিছত আচলতে মিঞাসকলৰ প্ৰতি ভাষাৰ ক্ষেত্ৰত সন্দেহৰ আঙুলি টোঁৱাই থকা দিশটোৱেই দুৰ্ভাগ্যজনক। আহিছোঁ মিঞাৰ জনগোষ্ঠীয় পৰিচয়ৰ দিশটোলৈ। ইতিপূৰ্বে মই ‘অসমীয়াৰ সৰ্বজনীনতা আৰু মিঞা কবিতা’ শিৰ্ষক এই লেখাটি সংশোধিত তিনিটা খণ্ডত প্ৰস্তুত কৰি পাঠকৰ বাবে আগবঢ়াইছোঁ আৰু তাত চৰ-চাপৰিবাসী অৰ্থাৎ সংখ্যালঘু মুছলমানসকলক বুজাবলৈ ‘অভিবাসী’ আৰু ‘বংগীয় মূলৰ’ শব্দ দুটা ব্যৱহাৰ কৰা হৈছে। এই দুয়োটা শব্দৰ ব্যৱহাৰৰ যুক্তিযুক্ততা সম্পৰ্কে মতানৈক্য আছে আৰু এয়া যিহেতু আলোচ্য বিষয়, গতিকে এইটো বিষয়ত পৰৰ্ৱতী সময়ত বহলাই আলোচনা কৰাৰ বাবে এৰিলোঁ। আনহাতে ‘মিঞা’ শব্দৰ অৰ্থ সন্মানসূচক হোৱা সত্ত্বেও অসম বিগত কেইবাটাও দশক ধৰি সংখ্যালঘু মুছলমানসকলক বিশেষকৈ চৰ-চাপৰিবাসী ধৰ্মীয় সংখ্যালঘুসকলৰ ক্ষেত্ৰত ইয়াৰ অপব্যৱহাৰ কৰি অহাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি এই বিষয়টোকে উভতি ধৰাৰ নিচিনাকৈ মিঞা শব্দৰ অৰ্থৰ উচিত ব্যাখ্যাৰে এই নামকৰণক মান্যতা প্ৰদানৰ একধৰণৰ মনোভাব জনতাৰ মাজত জাগ্ৰত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ মিঞা কবিতা চৰ্চাত অহাৰ পৰা ছ’চিয়েল মিডিয়াত মিঞা জনগোষ্ঠীয় পৰিচয় সম্পৰ্কে সচেতনতা দেখা গৈছে। মিঞাসকলৰ দোৱান ইতিমধ্যে যিহেতুকে অসমীয়াৰ এটা সামাজিক জাতিগত উপ-ভাষাৰ মৰ্যাদা লাভ কৰিছে। অসমীয়াৰ এই উপ-ভাষাটোক কৃত্ৰিম বুলি কৈ আউল নলগাই ইয়াৰ স্বকীয়তা বিচাৰ কৰাটোহে আলোচনাৰ বিষয় হ’ব লাগে। প্ৰগতিশীল শ্ৰেণীয়ে উদাৰতাৰে সৈতে আগবাঢ়ি আহি আধিপত্যবাদৰ ঊৰ্ধত বিষয়টো আলোচনা কৰিব বুলি আশা কৰিলোঁ। মিঞাই ব্যৱহাৰ কৰা দোৱানত সাহিত্য সৃষ্টি হ’লে ইয়াৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্য এক শক্তিশালী উপাদানেৰে সমৃদ্ধশালী হ’ব বুলি আমাৰ বিশ্বাস।

(লেখক দিল্লীত কৰ্মৰত আকাশবণী গুৱাহাটী কেন্দ্ৰৰ যুৱ কেন্দ্ৰৰ যুৱবাণী শাখাৰ প্ৰাক্তণ ঘোষক

ফোনঃ ৯০১৩৬১৪৬৫৬)

 

বিঃদ্ৰঃ এই শিতানত প্ৰকাশৰ বাবে আমালৈ লেখাসমূহ তলত উল্লেখ কৰা ই-মেইলত পঠাওঁকঃ myganaadhikar1@gmail.com