শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / মিঞাসকল বঙালী নে অসমীয়া ?

মিঞাসকল বঙালী নে অসমীয়া ?

সম্প্ৰতি ‘মিঞা’ শব্দটো লৈ প্ৰায় সৰ্বত্ৰে বহুলভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে। কি সংবাদ মাধ্যম, কি চ’চিয়েল মিডিয়া, কি সভা-সমিতি–  সকলোতে চৰ্চিত হৈছে এই  ‘মিঞা’ শব্দটো। কোনোবায় জনগোষ্ঠী হিচােপ, কোনোবায় গালি বা তিৰষ্কাৰ সূচক শব্দ হিচােপ, কোনোবায় সম্বোধন সূচক শব্দ হিচােপ; কোনোবায় আকৌ ৰাজনৈতিক পাশাখেলৰ গুটি হিচােপও ব্যৱহাৰ কৰিছে এই  বহুল চৰ্চিত ‘মিঞা’ শব্দটো। তাৰ মাজতে আকৌ নামনি অসমত উকমুকাই উঠা বঙালী সম্প্ৰসাৰণবাদীসকলৰ মস্তিষ্ক প্ৰসূত ‘চলো পাল্টাই’ অভিযানৰ মোহত বন্দী একাংশই এই  ‘মিঞা’ শব্দটোক ‘বঙালী-মুছলমান’ শব্দলৈ পৰ্যবসিত কৰিবলৈ উঠি-পৰি লাগিছে। কিন্তু প্ৰশ্ন হয়–  জনসংখ্যাৰ ফালৰ পৰা ৰাজ্যখনৰ বৃহত্তম জনগোষ্ঠী বুলি দাবী কৰি অহা মিঞা জনগোষ্ঠীৰ লোকসকল প্ৰকৃততে বঙালী নে অসমীয়া ? এই জটিল প্ৰশ্নৰ সমিধানৰ বােব এই জনগোষ্ঠীৰ অতীত-ঐতিহ্যৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজন আছে।
ঐতিহাসিক তথ্য অনুসৰি অবিভক্ত ভাৰত বৰ্ষৰ অবিভক্ত বংগ ৰাজ্য আৰু বংগ ভংগৰ পৰৱৰ্তী কালত পূৰ্ব বংগৰ মৈমনসিংহ, নোৱাখালী, চিলেট ঢাকা আৰু বৰিশাল জিলাসমূহৰ পৰা তদানীন্তন বৃটিছ চৰকাৰৰ পৃষ্ঠ পোষকতাত অসমৰ পতিত মাটিত মৰাপাট খেতি কৰিবলৈ একাংশ মুছলমান কৃষকক অসমলৈ আমদানি কৰি আনিছিল। যিদৰে চাহ খেতি কৰিবলৈ ঝাৰখণ্ডৰ পৰা  চাহ-শ্ৰমিকসকলক অসমলৈ আমদানি কৰি অনা হৈছিল। এনেকি অসমলৈ আহিবলৈ বংগীয় মুছলমান কৃষকসকলক উৎসাহিত কৰাৰ নিমিত্তে পাঁচ টকীয়া ফেমিলি টিকেট প্ৰদান কৰা হৈছিল আৰু উক্ত টিকেটৰ জৰিয়তে সপৰিয়ালে ষ্ট্ৰীমাৰ আৰু ৰেলেৰে অসমললৈ আহিছিল। আনহাতে ইংৰাজ শাসকৰ এক ঐতিহাসিক পৰিকল্পনাৰ ফচল হিচােপ ১৯০৫ চনত প্ৰৱৰ্তন কৰা হৈছিল বংগ ভংগ আইন। এই পৰিকল্পনা মতেই উৰিষ্যা আৰু বিহাৰ ৰাজ্যক পশ্চিমবংগৰ সৈতে চামিল কৰি বংগ-বিহাৰ-উৰিষ্যা নামেৰে এখন ৰাজ্য কৰা হয় আৰু অসমক পূৰ্ববংগৰ সৈতে চামিল কৰি ১৯০৫ চনৰ পৰা ১৯১২ চনলৈ ঢাকাত অসম-বংগ ৰাজ্যৰ ৰাজধানী পতা হয়। তেনে অবস্থাত অসম আৰু পূৰ্ববংগ মিলি অসম-বংগ নামেৰে একেখন ৰাজ্য আৰু একেটা প্ৰশাসনৰ তলতীয়া হৈ থকা বােব অসম আৰু পূৰ্ববংগৰ মাজত চাকৰিয়ালৰ বদলি, মানুহৰ অবাধ যাতায়াত আৰু শিক্ষা-সংস্কৃতিৰ একপ্ৰকাৰ মুকলি বিনিময় হৈছিল। সেইখিনি সময়তে গোপাল চন্দ্ৰ ৰাভাক চুেবদাৰলৈ পদন্নতি দি ঢাকালৈ বদলি কৰা হয় আৰু ঢাকাতেই ১৯০৯ চনত গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত জন্মগ্ৰহণ কৰে অসমীয়া ভাষা-সংস্কৃতিৰ অন্যতম পূৰোধা বিষ্ণু প্ৰসাদ ৰাভা। প্ৰথম অসমীয়া আই চি এচ বিষয়া আনন্দৰাম বৰুৱা সুখ্যাতিৰে ঢাকাত চাকৰি কৰা কথা সৰ্বজন বিদিত। এনেকুৱা এটা মুকলিমূৰীয়া পৰিৱেশত পূৰ্ববংগৰ পৰা অসমলৈ আহি অসমৰ পতিত মাটিত ধান, মৰাপাট উৎপাদন কৰাটো কোনো দোষণীয় বা অপৰাধ নাছিল। যাৰ বােব সেইখিনি সময়ছোৱাত পূৰ্ববংগৰ পৰা অসমলৈ অধিক হাৰত বংগীয় মুছলমানৰ প্ৰব্ৰজন ঘটিছিল বুলি একাংশ  ইতিহাসবিদে মন্তব্য কৰে। প্ৰব্ৰজনকাৰীসকলৰ বেছিভাগেই আহি অসমৰ ধান, মৰাপাট আদি  উৎপাদনৰ উপযোগী ঠাই  চৰ-চাপৰি বা নৈ পৰীয়া অঞ্চলত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। থলুৱা অসমীয়াসকলেও বন্ধত্বসুলভ আচৰণেৰে তেওঁলোকক ঘৰ সাজিবলৈ বাঁহ, খেৰ আদিৰ যোগন ধৰা আৰু সুলভ মূল্যত তেওঁলোকৰ ওচৰত মাটি বিক্ৰী কৰা বুলি কিংবদন্তি আছে। এনেদৰে তদানীন্তন বৃটিছ চৰকাৰ আৰু থলুৱা লোকৰ উৎসাহজনক ভূমিকাই অধিক হাৰত প্ৰব্ৰজন কৰিবলৈ আৰু অসমত স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ বংগীয় প্ৰব্ৰজনকাৰীসকলক অনুপ্ৰাণিত কৰিছিল। তেওঁলোকেও অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি নিজৰ সতি-সন্ততিসকলক  অসমীয়া মাধ্যমত পঢ়ুৱাইছিল। ১৮৭৮ চনত দিয়াৰা গাঁৱত স্থাপিত ১ নং দিয়াৰা নিম্ন প্ৰাথমিক বিদ্যালযখন চৰ-চাপৰিৰ মিঞা অধ্যুষিত অঞ্চলৰ প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয় বুলি জনা যায়। ঊনৈশ শতিকাৰ শেষাৰ্দ্ধত স্থাপিত ইয়াৰ সমকালীন আন কেতেবাৰ বিদ্যালয় হৈছে–  ১৮৮০ চনত ফুলেৰ চৰত স্থাপিত ৩ নং ফুলেৰ চৰ নিম্ন প্ৰাথমিক বিদ্যালয়, ১৮৮১ চনত  স্থাপিত ঝাউডাঙা প্ৰাথমিক বিদ্যালয়, ১৮৮২ চনত  স্থাপিত ঝগৰাৰ চৰ বালক প্ৰাথমিক বিদ্যালয়, ১৮৮৫ চনত স্থাপিত ১৯ নং শিলঘাগ্ৰী প্ৰাথমিক বিদ্যালয়, ১৮৮৬ চনত স্থাপিত ভাটীয়াডাঙা প্ৰাথমিক বিদ্যালয়, ১৮৯২ চনত স্থাপিত শিয়ালটাৰী  প্ৰাথমিক বিদ্যালয়,  ১৮৯৬  চনত স্থাপিত বেগুনটালি প্ৰাথমিক বিদ্যালয়, ১৮৯৯  চনত স্থাপিত মৈৰাবাৰী বালক  প্ৰাথমিক  বিদ্যালয়  ইত্যাদি। পৰৱর্তীত শিক্ষা আৰু সাংস্কৃতিক আদান-প্রদানৰ মাজেৰে মিসকলৰ উত্তৰ প্ৰজন্মই অসমীয়া জাতিসত্তাৰ সৈতে একাকাৰ হৈ পৰিছিল আৰু সম্প্রতি তেওঁলােকৰ অধিক সংখ্যকে নিজকে মিঞা জনগােষ্ঠীয় পৰিচয়েৰে অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বুলি গৌৰৱবােধ কৰে।

আনহাতে, পৌৰাণিক মাগধী ভাষাৰ পৰাই ব্ৰজাৱলী আৰু ব্ৰজাৱলী ভাষাৰ পৰাই পৌৰাণিক কামৰূপী আৰু পৰৱর্তীত অসমীয়া ভাষাৰ উৎপত্তি হােৱা বুলি ভাষাবিদসকলে মন্তব্য কৰে। লক্ষ্যণীয় যে মিঞসকলে ঘৰত ব্যৱহাৰ কৰা দোৱানৰ লগত ব্ৰজাৱলী আৰু পৌৰাণিক কামৰূপী ভাষাৰ ভালেখিনি সামঞ্জস্য থকা দেখা যায়। এইখিনিতে শ্ৰীমন্ত শংকৰদেৱৰ এফাকি শ্লোক উল্লেখ কৰিব পাৰি। যেনে— নামত শংকৰা বুদ্ধিত পাগল; বিহানে টাকা দিলোঁ নানিলি ছাগল। ইয়াত ব্যৱহৃত ‘পাগল’, ‘বিহানে’, ‘টাকা’, ‘ছাগল’ আদি শব্দবােৰ মিঞা দোৱানতাে হুবহু ব্যৱহাৰ হােৱা দেখা যায়। ইয়াৰ উপৰিও ব্ৰজাৱলী ভাষাৰ অনেক শব্দ যেনে— ‘কহয়’, ‘ৰাখােৱাল’, ‘ছাৱাল’, ‘হিৰো’, ‘পন্থ’, ‘ক্ষীৰ’ আদি শব্দক মিঞা দোৱানত ক্রমে কয়’, ‘হাল’, ‘ছাৱা’, ‘কবাে’, ‘পথ’, ‘খীৰ’আদি ৰূপে ব্যৱহাৰ কৰা হয়। গতিকে অসমীয়া ভাষা আৰুমি দোৱানৰ মূল একেটাই; সেয়া হৈছে মাগধীৰ পৰা অহা ব্ৰজাৱলী অথবা পৌৰাণিক কামৰূপী ভাষা। তদুপৰি মিঞাসকলে ঘৰত ব্যৱহাৰ কৰা মিঞা দোৱনটো পৌৰাণিক কামৰূপী ভাষাৰ অপভ্রংশ বুলি ইতিমধ্যে একাংশ ভাষাতত্ত্ববিদৰ লগতে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়েও স্বীকৃতি দিছে। এনেদৰে ভাষাগত বিশ্লেষণ আৰু অসম সাহিত্য সভাৰ স্বীকৃতিৰ পৰা ক’ব পৰা যায় যে মিঞাসকল প্রকৃতাৰ্থত অসমীয়া। ১৯৫০ চনৰ ৰাইটৰ পৰা আৰম্ভ কৰি ছবছৰীয়া অসম আন্দোলনৰ ভৰপক সময়ত হােৱা নেলী, গহপুৰ, বােৰকাজুলি, চমৰীয়া, চাউলখােৱা চাপৰি, মুকালমুৱা আদিৰ হত্যাকাণ্ড, ১৯৯৩, ১৯৯৬ আৰু ২০১২ চনত বড়ােভূমিৰ বাঁশবাৰী, কোকৰাঝাৰ, ওদালগুৰি, নাৰায়ণগুৰি আদিৰ হত্যাকাণ্ড, চিৰিং চাপৰিকে আদি কৰি উজনি অসমৰ বিভিন্ন ঠাইত নামনি অসমৰ মিঞা শ্রমিকক কৰা নির্যাতন-আতিশয্য অৰু অতি সম্প্রতি এনআৰচি উন্নীতকৰণৰ নামত সর্বাধিক মিঞাসকলৰ নামৰ বিপৰীতে অনা ভুৱা অভিযােগ আদি সহ্য কৰিও এই জনগােষ্ঠীৰ লােকসকল অসমীয়া জাতীয় জীৱনৰ আৱেষ্টনীৰ মাজতে স্থিতপ্রজ্ঞ হৈ আছে। মিঞা অধ্যুষিত অঞ্চলত অসমৰ জাতীয় উৎসৱ বিহু পালন কৰা হৈছে। অসমীয়া সাহিত্যৰ ভঁৰাললৈ মিঞা লেখক-লেখিকাৰ অৱদাননা অতুলনীয়। ভাষা আন্দোলন আৰু মাধ্যম আন্দোলনৰ সময়তাে অভূতপূর্বত্যাগ স্বীকাৰ কৰিছে এইজনগােষ্ঠীয় লােকে। গতিকে মিসকলক অসমীয়া বুলি কোৱাৰ যুক্তিযুক্ততাই অধিক। কিন্তু অতি সম্প্রতি ওপৰত উল্লেখ কৰি অহা ধাৰাবাহিক মিঞা নির্যাতনৰ ফলত বিতৃষ্ণা হৈ আৰু চিৰ চেনেহী ভাষা জননীৰ চিৰশত্রু হিচাপে বিবেচিত বঙালী সম্প্রসাৰণবাদীসকলৰ উচটনিত নামনি অসমৰ একাংশ বংগীয় মূলৰ যুৱকে নিজকে অসমীয়াৰ সলনি বঙালী বুলি পৰিচয় দিবলৈ কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে। কেৱল ইমানেই নহয়, আগন্তুক ২০২১ চনৰ লােকপিয়লত নিজৰ মাতৃভাষা বঙালী বুলি লিখাই দি অসমীয়া ভাষাক সংখ্যালঘুৰ ভাষাত পৰিণত কৰিব বুলি ‘চলাে পাল্টাই’ অভিযানৰ জৰিয়তে ভাবুকিও প্রদান কৰি আছে। তেওঁলােকে যুক্তিৰ অৱতাৰণা কৰিব বিচাৰে যে— যিহেতু তেওঁলােকৰ পূৰ্বপুৰুষ বঙালী আছিল; সেয়েহে তেওঁলােকেও বঙালী জাতিলৈ প্রত্যাগমন কৰাটো কোনাে অপৰাধ নহয়। বংশগতভাৱেই তেওঁলোেক বঙালী। অৱশ্যে তেওঁলােকে এনেদৰে দাবী কৰাটো কোনাে অপৰাধ নহয়। কিন্তু তেওঁলােকৰ এই সিদ্ধান্ত নিতান্তই আত্মঘাতী আৰু অসমৰ একাংশ সুযোেগ সন্ধানী আন্দোলনজীৱীয়েও সেইফেৰা কাম হােৱাটেৱেই বিচাৰি আছে। এনেদৰে মিঞাসকলে তেওঁলােকৰ পূৰ্বপুৰুষৰ বঙালী জাতীয়তালৈ প্রত্যাগমন কৰাটোৱেই যদি অৱধাৰিত; তেন্তে যুক্তিৰ খাতিৰত ক’ব পৰা যায় যে মিঞাসকলৰ পূৰ্বপুৰুষসকল যিহেতু কামৰূপ প্ৰাগজ্যোতিষপুৰৰ নিম্নবৰ্ণৰ হিন্দু আছিল; গতিকে তেওঁলােকে তেওঁলােকৰ পূর্বপুৰুষৰ ধৰ্মলৈ প্রত্যাগমন কৰিবনে? নিশ্চয় নকৰে। তেন্তে পূর্বপুৰুষৰ জাতিলৈ (বঙালী জাতিলৈ) কিয় প্রত্যাগমন কৰিব বিচাৰে? গতিকে ৰাজ্যখনত নিজৰ পৰিচয় সংকট মােচন কৰিব লগা হ’লে এওঁলােকে জনগােষ্ঠীয়ভাৱে নিজকে ‘মিঞা’ বুলি পৰিচয় দিব লাগিব আৰু জাতিগতভাৱে নিজকে ‘অসমীয়া’বুলি পৰিচয় দিব লাগিব। কেৱল পৰিচয় দিয়াই নহয়, এওঁলােক হাড়ে-হিমজুৱে অসমীয়া হ’ব লাগিব। অন্যথায় এদিন কালৰ গৰ্ভত নিঃশেষ হৈ যাব এওঁলােকৰ স্বকীয় অস্তিত্ব।

(ফোনঃ ৮৭২১৮৩২৬৪৭)

 

বিঃদ্ৰঃ এই শিতানত প্ৰকাশৰ বাবে আমালৈ লেখাসমূহ তলত উল্লেখ কৰা ই-মেইলত পঠাওকঃ myganaadhikar1@gmail.com