শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ‘মিঞা’ এক সুকীয়া পৰিচয় হওঁক

‘মিঞা’ এক সুকীয়া পৰিচয় হওঁক

বিগত কিছুদিন ধৰি মিঞা শব্দটো লৈ অসমত এক বিতৰ্কৰ সূচনা হৈছে ৷ বিশেষকৈ “মিঞা পয়েট্ৰি”ক লৈ সংবাদমাধ্যমৰ লগতে ছচিয়েল মেডিয়াত ব্যাপক চৰ্চা চলিছে ৷ তাৰ লগে লগে মিঞা মুছলমানসকলৰ সূকীয়া পৰিচয়ৰ বিষয়টোৱেও আলোচনাৰ বিষয় হৈ পৰিছে ৷ সেই বিতৰ্কৰ আঁত ধৰিয়ে মই মোৰ নিজস্ব কিছু মতামত ব্যক্ত কৰিলোঁ ৷ প্ৰথম কথা হ’ল সুকীয়া পৰিচয় আমাক কিয় লাগে ? গণতান্ত্ৰিক দেশ এখনত প্ৰত্যেকৰে সমান অধিকাৰ থাকে ৷ বিশেষকৈ আমাৰ দেশৰ সংবিধানে আমাৰ দেশৰ সকলো নাগৰিককে সেই অধিকাৰ প্ৰদান কৰিছে ৷ সম উন্নয়ন তথা সমতাৰ অধিকাৰ হৈছে আমাৰ দেশৰ সকলো নাগৰিকৰে সাংবিধানিক অধিকাৰ ৷ কিন্তু ভাৰতবৰ্ষৰ দৰে এখন জনবহুল দেশৰ সকলো নাগৰিকে সেই অধিকাৰ আজিলৈকে উপযুক্তভাৱে লাভ কৰা নাই ৷ ইউপিএ চৰকাৰৰ আমোলত তদানীন্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে অৱসৰপ্ৰাপ্ত বিচাৰপতি ড° ৰাজেন্দ্ৰ সাচ্চাৰৰ নেতৃত্বত এজনীয়া তদন্ত সমিতি এখন গঠন কৰি দিছিল ৷ এই সমিতিৰ মুল উদ্দেশ্য আছিল ভাৰতৰ সংখ্যালঘু মুছলমানৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰা ৷ ৰাজেন্দ্ৰ সাচ্চাৰে সমগ্ৰ দেশৰ মুছলমানসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত যিখন প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনতে প্ৰকাশ হৈছিল ভাৰতবৰ্ষৰ মুছলমানসকলৰ উন্নয়নৰ নমুনা ৷ অসমতো সংখ্যালঘু মুছলমানৰ উন্নয়নৰ এক পয়ালগা স্বৰূপহে আমি দেখিবলৈ পাওঁ ৷ স্বাধীনতাৰ সত্তৰ বছৰ পাছতো এইসকল নাগৰিকে এশএবুৰি সমস্যাৰ মাজত ককবকাই থাকিবলগীয়া হৈছে ৷ শিক্ষা, স্বাস্থ্য, যাতায়ত ব্যৱস্থা আদিৰ অভাৱে আজিও এইসকল লোকক বহুযোজন আতৰত ৰাখিছে ৷ এইসকল নাগৰিকৰ সমস্যাৱলী সমাধানৰ পৰিৱৰ্তে বিভিন্ন সময়ত কেৱল সন্দেহৰ আৱৰ্তত ৰখা হৈছে ৷ আজি অসমৰ সংখ্যালঘু মুছলমানৰ মাজতো দেখা গৈছে কিছুমান জনগোষ্ঠীয় পৰিচয় ধাৰণ কৰি সংখ্যালঘুৰ উন্নয়ন পুঁজি নিজৰ মাজতে ৰখাৰ ব্যৱস্থা কৰিবলৈ লৈছে ৷ সৌসিদিনা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা এটি বিজ্ঞাপন জাৰি কৰা হৈছিল যত অসমৰ মুষ্টিমেয় কেইটামান সংখ্যালঘু জনগোষ্ঠীৰ নাম উল্লেখ কৰি উন্নয়ন পুঁজি নিৰ্ধাৰণ কৰিছে ৷ কিন্তু অসমৰ সংখ্যালঘু মুছলমানৰ এক বৃহৎ অংশ যাক আমি মিঞা মুছলমান বুলি কওঁ সেইসকলক তাত স্থান দিয়া হোৱা নাই ৷ গতিকে সেই বৃহৎ জনসমষ্টিটো অৰ্থাৎ মিঞা অধ্যুষিত অঞ্চলবোৰো উন্নয়ন আচনিৰ আওতাত যাতে আনিব পাৰে তাৰ বাবেই সেই জনসমষ্টিৰ এক সুকীয়া পৰিচয়ৰ প্ৰয়োজন আছে বুলি মই ভাৱো ৷ আৰ্থ-সামাজিক, শৈক্ষিক আদি দিশত উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে “মিঞা”সকলে নিজস্ব এক জনগোষ্ঠী হিচাপে পৰিচয় লাভ কৰাটো এতিয়া সময়ৰ আহ্বান ৷
অসমৰ তিনি কোটি বাৰ লাখ জনসংখ্যাৰ ভিতৰত সত্তৰ লাখৰো অধিক হ’ল বংগমূলীয় মুছলমানসকল ৷ এই বৃহৎ জনসমষ্টিটোক বিভিন্ন সময়ত বিভিন্ন নামেৰে নামাংকিত কৰি অহা হৈছে ৷ কোনোবাৰ মতে তেওঁলোক পুৰ্ববংগীয় কোনোবাৰ মতে চৰুৱা,পমুৱা কোনোবাৰ মতে আকৌ অভিবাসী, ন-অসমীয়া ইত্যাদি ৷ কিন্তু এই বৃহৎ জনসমষ্টিটোৰ আজিলৈকে এক সৰ্বজনগ্ৰাহ্য নাম নিৰ্ধাৰণ নহ’ল ৷ আমি জানো যে অসমৰ প্ৰায় প্ৰতিটো জনসমষ্টিৰে নিজা নিজা জনগোষ্ঠীয় পৰিচয় আছে নিজা ভাষা সংস্কৃতি আছে ৷ অসমৰ এই জনগোষ্ঠীয় বৈচিত্ৰই বৃহত্তৰ অসমীয়া জাতি গঠনত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে ৷ আজি জনগোষ্ঠীয় পৰিচয়ত নিজা ভাষা সংস্কৃতিৰে অসমৰ বড়ো, ৰাভা, ডিমাছা, কাৰ্বি, দেউৰী, মিছিং, তিৱা, সোনোৱাল-কছাৰী, টাই আহোম আদি জনগোষ্ঠীৰ লোকে এক সুকীয়া পৰিচয় লাভ কৰিছে ৷ ইয়াৰ উপৰিও চাহ জনগোষ্ঠী, কোঁচ-ৰাজবংশী, কলিতা, নাথ-যোগী আদি পৰিচয়েৰেও পৰিচিতি লাভ কৰিবলৈ কুচকাৱাজ চলিছে ৷ অসমৰ মুছলমান সকলৰ মাজতো এনেকুৱা জনগোষ্ঠীয় পৰিচয়ে গা কৰি উঠিছে ৷ আজি গৰিয়া, মৰিয়া, দেশী, জোলহা, মাইমল আদি বিভিন্ন নামেৰে জনগোষ্ঠীয় পৰিচয়ত  আত্মপ্ৰকাশ কৰিছে ৷ এতিয়া কথা হ’ল এই জনগোষ্ঠীয় পৰিচয় লাভ কৰা বা নিজকে তেনেকুৱা এক সুকীয়া জনগোষ্ঠীৰ বুলি পৰিচয় দিলেই সেইসকল অসমীয়া নহ’ব নেকি ? ওপৰত উল্লেখ কৰা জনগোষ্ঠীৰ লোকসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হয়নে নাই ? নিশ্চিতভাৱে সেইসকলো অসমীয়া জাতিৰ অংগ ৷ এইকথাত কোনেও বিৰোধিতা নকৰে বা কৰাটো উচিতো নহয় ৷ তেনেক্ষেত্ৰত অসমৰ এক বৃহৎ জনসমষ্টিয়ে এক সুকীয়া পৰিচয়েৰে নিজক প্ৰক্ষেপ পৰিব বিচাৰিলে তাত আপত্তি কিহৰ ? অসমৰ ভাষা সাহিত্যৰ লগত নিজকে বিলীন কৰি দিয়াৰ পাছত এই বৃহৎ জনসমষ্টিটোও যে বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে সেইকথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷ কিন্তু বৃহত্তৰ অসমীয়া জাতিৰ একো একোটা অংগ হোৱাৰ পাছতো  অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকে নিজৰ জনগোষ্ঠীয় পৰিচয় এটা বহন কৰি আহিছে ৷ তেনেক্ষেত্ৰত অসমৰ মিঞা মুছলমানসকলেও নিজকে “মিঞা” জনগোষ্ঠীৰ বুলি আত্মপ্ৰকাশ কৰিলে তাত কাৰো আপত্তি থাকিব নালাগে ৷ কাৰণ জনগোষ্ঠীয় পৰিচয় “মিঞা” বুলি ক’লেই সেইসকল অসমীয়া জাতিৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা নাহে ৷ আকৌ মিঞা বুলি কোৱাৰ লগে লগেই এইসকলক সন্দেহৰ আৱৰ্তত ৰখাটোও কাম্য নহয় ৷ মিঞা বুলি পৰিচয় দিলেই সি অবৈধ বিদেশী বা বিদেশীৰ ৰক্ষক এনেকুৱা ধাৰণা মুৰত অনাটোও একপ্ৰকাৰ বাতুলামি ৷
আমি জানো যে অসমৰ ইতিহাস হ’ল প্ৰব্ৰজনৰ ইতিহাস ৷ ইয়াত কোনোবাই আগত আহিছে কোনোবাই পাছত আহিছে ৷ এইদৰেই এৰা-ধৰাৰ মাজেৰে মিলিব লাগে মিলাব লাগে নীতিৰেই বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে ৷ তেনেক্ষেত্ৰত এই মিঞা সকলেও অবিভক্ত ভাৰতৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈহে প্ৰব্ৰজন কৰি আহিছিল ৷ উন্নবিংশ শতিকাৰ শেষৰ ফালে বা বিংশ শতিকাৰ আৰম্ভণিতে এইসকল লোকে তদানীন্তন পূৰ্ববংগৰ পৰা আহি অসমৰ চৰ-চাপৰিৰ লগতে ভৈয়াম অঞ্চলতো বাস কৰিবলৈ লয় ৷ কৃষিকৰ্মকে মুল জীৱিকা হিচাপে লৈ অসমৰ ছনপৰা মাটিত কৃষিকৰ্ম কৰি এইসকলে অসমৰ অৰ্থনৈতিক দিশত যথেষ্ট অৱদান আগবঢ়াই আহিছে ৷ ইয়াৰোপৰি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰতো যথেষ্টখিনি অৱদান এইসকলে আগবঢ়াই আহিছে যদিও আজিলৈকে এই বৃহৎ জনসমষ্টিৰ এটা নিৰ্দিষ্ট পৰিচয় পোৱা নগ’ল ৷ বৰঞ্চ চৰুৱা, পমুৱা, অভিবাসী, ন-অসমীয়া, মৈমনসিংঙীয়া আদি যাৰ যি মন যায় সেই নামেৰেই নামাংকিত কৰিবলৈ ধৰিলে ৷ নিজকে পৰিচয়বিহীন বুলি ভাৱি এই জনসমষ্টিটোৰ লোকসকলে ইমানদিনে হীনমন্যতাত ভুগি আছিল ৷ যাৰবাবেই হয়তো এক সুকীয়া নামেৰে পৰিচয় দিবলৈ ওলাইছে ৷ ইমানদিনে এইসকলক যিটো নামেৰে তিৰস্কাৰ কৰি অহা হৈছিল, যিটো শব্দ বিদেশীৰ পৰিপূৰক হিচাপে এচামে ব্যৱহাৰ কৰি আহিছিল সেই শব্দটোকে আজি নিজৰ জনগোষ্ঠীয় পৰিচয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে এইসকল লোকে ৷ গতিকে অসমৰ অন্যান্য জাতি-গোষ্ঠীৰ দৰেই “মিঞা”সকলেও এক নিজস্ব পৰিচয়ত আত্মপ্ৰকাশ কৰিব বিচৰাটো একো দোষনীয় নহয় ৷
আমি জনাত অসমত বসবাস কৰা সকলোকে বৃহত্তৰ অসমীয়া জাতিৰ একোটা অংগ বুলি কোৱা হয় কিন্তু অসমীয়া বুলি কোনো নিৰ্দিষ্ট জনগোষ্ঠী নাই। আজি নিজকে অসমীয়া বুলি পৰিচয় দিয়া লোক সকলেও কিন্তু নিজকে অসমীয়া বুলি কোৱাৰ আগতে নিজৰ জনগোষ্ঠীয় পৰিচয়টোকে আগতে প্ৰকাশ কৰে। ঠিক তেনেকৈ বড়ো, তিৱা, কাৰ্বি, ৰাভা, কোঁচ ইত্যাদি সকলেও কিন্তু নিজকে একো একোটা জনগোষ্ঠীয় মূলৰ বুলিহে পৰিচয় দিয়ে তাৰ পিছতহে অসমীয়া হিচাপে পৰিচয় দিয়ে আৰু লক্ষণীয় যে প্ৰতিটো জনগোষ্ঠীৰ ভাষাও ভিন্ন। কিন্তু যিসকলক বিভিন্ন সময়ত পূৰ্ববংগীয় মুছলমান, অভিবাসী মুছলমান, চৰুৱা পমুৱা মিঞা মুছলমান ইত্যাদি নামেৰে নামাকৰণ কৰা হৈছে সেইসকলৰ অধিকাংশই স্বাধীনতাৰ আগৰ বৈধ নথি থকা ভাৰতীয় সেইকথা কোনেও নস্যাৎ কৰিব নোৱাৰে ৷ এওঁলোক বৈধ ভাৰতীয় নাগৰিক তথা অসমৰ বৈধ বাসিন্দা হোৱাৰ পাছতো সময়ে সময়ে অবৈধ বিদেশী অথবা বাংলাদেশীৰ অপবাদ জাপি দিয়া হৈছে। তাৰ পাছতো এইসকলে নিজকে অসমীয়া বুলি পৰিচয় দি আহিছে ৷ আমি পাহৰি যোৱা উচিত নহয় যে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা একো একোটা নিৰ্দিষ্ট জনসমষ্টি জনগোষ্ঠীয় পৰিচয় লৈ অসমত আহি অসমীয়া জাতি গঠন কৰিছে। কিন্তু স্বাধীনতাৰ পূৰ্বৰে পৰা অসমত বৈধ ভাবে বসবাস কৰি অহা এই মিঞা মুছলমান সকলক তুচ্ছজ্ঞান কৰি অহা হৈছে। বৰ্তমান অসমৰ খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ যি কুচকাৱাজ চলিছে সেইদিশৰ পৰা মই কব বিচাৰোঁ এই মিঞাসকলো অসমৰ খিলঞ্জীয়া বাসিন্দা। যাৰ বাবেই এওঁলোকক এটা নিৰ্দিষ্ট জনগোষ্ঠীয় পৰিচয়ৰ আধাৰত নিজকে গঢ়ি তোলা প্ৰচেষ্টাক বিভিন্ন শক্তিয়ে বাধা দি আছে ৷ এওঁলোকৰ জনগোষ্ঠীয় পৰিচয় প্ৰতিষ্ঠা হ’লেই অসমীয়া সংস্কৃতি বা জাতীয় জীৱনত এক অপূৰণীয় ক্ষতি হ’ব বা অসমীয়াৰ পৰিচয়ৰ সংকট হ’ব বুলি ভৱাটো সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। কাৰণ অসমৰ অন্যান্য জাতি জনগোষ্ঠীয়ে নিজস্ব পৰিচয় বৰ্তাই ৰাখিও যদি অসমীয়া হৈ থাকিব পাৰিছে মিঞাসকলেও নিশ্চয় তাৰ ব্যতিক্ৰম নহ’ব ৷
(লেখক এগৰাকী শিক্ষক, ফোনঃ ৭০০২৬৪২৮১২)
বিঃদ্ৰঃ এই শিতানত প্ৰকাশৰ বাবে আমালৈ লেখাসমূহ তলত উল্লেখ কৰা ই-মেইলত পঠাওকঃ myganaadhikar1@gmail.com