শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / মিঞা নামৰ ক্ষেত্ৰত সমৰ্থনকাৰীৰ অভাৱ নাই

মিঞা নামৰ ক্ষেত্ৰত সমৰ্থনকাৰীৰ অভাৱ নাই

একৈশ শতিকাৰ বিশ্বায়নৰ যুগত যি সময়ত মানুহে জ্ঞান বিকাশ তথা দক্ষতা বিকাশৰ প্ৰতিযোগিতাত লিপ্ত সেই সময়ত অসমৰ দৰে এক ভৌগোলিক খণ্ডত শতিকা গৰকা এক নিৰ্দিষ্ট লোকসমষ্টিয়ে নিজৰ পৰিচয়, অধিকাৰৰ প্ৰশ্নত ব্যস্ত হৈ থাকিবলগীয়াটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। খাদ্য-শষ্য উৎপাদনৰ পৰা অসমীয়া ভাষা-সংস্কৃতিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অহা এই লোকসমষ্টিক বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন নামেৰে যেনে – পমুৱা, চৰুৱা, লোহিত, অভিবাসী, ন-অসমীয়া, বংগমূলীয় অসমীয়া মুছলমান, চৰ-চাপৰিৰ অসমীয়া, মিঞা আদিৰে মাতি আহিছে। উল্লেখিত নামবোৰৰ ভিতৰত মিঞা নামটোকে বহুতে সাদৰেৰে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যদিও ই সৰ্বজন গৃহীত নহয়। আন আন জনগোষ্ঠীৰ দৰে এই লোকসমষ্টিৰ জাতীয় পৰিচয় অসমীয়া তাত কাৰো দ্বি-মত থকাৰ কথা নহয়। বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে যিহেতু বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত গতিকে অসমীয়া জাতীয় জীৱনৰ এক উপাদান হিচাপে এই লোকসমষ্টিৰো এটা সৰ্বজনগৃহীত স্বীকৃত নাম থকাটো বাঞ্চনীয়। আজি সৰ্বদিশতে লাঞ্ছিত-বঞ্চিত, নিপীড়িত-নিৰ্যাতিত, শৈক্ষিক-আৰ্থিক দিশত অনগ্ৰসৰ স্বীকৃতিবিহীন লোকসমষ্টিৰ স্বকীয় সামাজিক পৰিচয় নিশ্চিতকৰণাৰ্থে একাংশই দেখুওৱা স্পৃহা সঁচাকৈয়ে শলাগিবলগীয়া। প্ৰদৰ্শিত এই স্পৃহা আৰু চেতনাবোধক সাৰ্বিকৰূপত প্ৰণালীবদ্ধভাৱে সঠিক দিশত গতি দিব পৰা হ’লে যিদৰে জনগোষ্ঠীটোৰ অৱস্থাৰ উন্নয়ন আশা কৰিব পাৰি ঠিক সেইদৰে ইয়াৰ ব্যতিক্ৰম অৰ্থাৎ ভুল পদক্ষেপে অৱশিষ্ট অস্তিত্বও যে লোপ পাব সেয়াও কিন্তু নুই কৰিব নোৱাৰি। জোৰ পুৰি হাত পালেহি বুলিয়েই অস্থিৰ হৈ দিক-বিদিক নাচাই যেনি-তেনি দৌৰি আকৌ জলন্ত অগ্নিপিণ্ডলৈ গতি কৰিলে কিন্তু ভষ্ম হোৱাৰ গত্যন্তৰ নাথাকিব। সেয়ে ধৈৰ্য্য আৰু সুস্থিৰ সিদ্ধান্তৰে আগবঢ়াটো মংগলজনক হ’ব।
শিৰোনাম মতেই আমি প্ৰতিনিধিত্ব কৰা লোকসমষ্টিৰ নামটো যদি ‘মিঞা’ হয়, তেন্তে এই মিঞা কি, কিদৰে ইয়াৰ উৎপত্তি, মিঞা হ’বলৈ কি বৈশিষ্ট্য থাকিব লাগিব ইত্যাদি সম্বন্ধে আমাৰ আটাইৰে সম্যক জ্ঞান থকাটো বাঞ্চনীয়। সাধাৰণ ধাৰণা অনুসৰি অসমীয়াত যিদৰে কাৰোবাৰ নামৰ পিছত ডাঙৰীয়া শব্দ সংযোগ কৰি সন্মান প্ৰদৰ্শন কৰা হয় ঠিক সেইদৰে মিঞা শব্দটোও এটা সন্মানসূচক শব্দহে। কোনো কোনোবা মুছলমান মানুহে অৱশ্যে ‘মিঞা’ উপাধি হিচাপেও ব্যৱহাৰ কৰি আহিছে। সন্মানসূচক উপাধিৰ পৰাই যদি জনগোষ্ঠীটোৰ নাম ‘মিঞা’ হ’লহেঁতেন তেন্তে হয়তো কাৰো আপত্তি কৰাৰ অৱকাশ নাথাকিলহেঁতেন। কিন্তু অসমৰ প্ৰেক্ষাপটত বিদেশী খেদা আন্দোলনৰ সময়ৰ পৰা অতি সংকীৰ্ণ জাতীয়তাবাদী একাংশই সুকীয়া বেশ-ভূষাৰ এই লোকখিনিক বিদেশী হিচাপে সাব্যস্ত কৰিবলৈ তুচ্ছাৰ্থত ‘ মিঞা ‘ শব্দটো ব্যৱহাৰ কৰি আহিছে। নিজ জনগোষ্ঠীৰ লোকৰ জীৱন-চৰ্যা বা কৰ্ম নিপুণতা বা বিশেষ ভৌগোলিক অঞ্চলত বসবাস কৰাৰ লগত ৰজিতা খোৱাকৈ এটা উপযুক্ত নাম আমি সৰ্বসন্মতভাৱে বাচি ল’ব নোৱাৰা বাবেই হয়তো আনে আমাক দহক দহক ধৰি ধাৰাবাহিকভাৱে তুচ্ছাৰ্থত মাতি অহা মিঞা নামটোকে ল’বলৈ আমি যেন বাধ্য হৈ পৰিছোঁ। তথাপিতো নিজে লোৱা নহ’লেও আনে তুচ্ছ-তাচ্ছিল্য, ইতিকিং কৰি জাপি দিয়া মিঞা নামটোক লৈ আমি সুখী হ’লোহেঁতেন যদিহে জনগোষ্ঠীটোৰ সমূহ লোকে এই নামটোৰ লগত সহমত পোষণ কৰিলেহেঁতেন। মিঞা নামৰ ক্ষেত্ৰত যিদৰে সমৰ্থনকাৰীৰ অভাৱ নাই ঠিক সেইদৰে ইয়াৰ বিৰোধকাৰী আৰু মৌনতা অৱলম্বনকাৰীৰ সংখ্যাও নগন্য নহয়। ব্যক্তিগতভাবে মিঞা নামটোত মই সহমত নহও। কাৰণ – এই নামটো অইনে তুচ্ছাৰ্থত দিয়া নাম, দ্বিতীয়তে মিঞা নামটো কিছু জনপ্ৰিয় হৈছে যদিও এই নামটো এতিয়াও সৰ্বজনগৃহীত হোৱা নাই। তৃতীয়তে ইন্টাৰনেটৰ এক তথ্যমতে নাইজেৰিয়াৰ বাউচি ৰাজ্যৰ এক ক্ষুদ্ৰ জনগোষ্ঠীৰ পৰিচয় হ’ল মিঞা(Miya – Miyawa) আৰু তেওঁলোকৰ ভাষাক কোৱা হয় মিঞা ভাষা(Miya language) । এতিয়া কথা হ’ল নাইজেৰিয়াৰ এই মিঞা সকলৰ লগত আলোচ্য লোকসমূহৰ শাৰীৰিক গঠন, আকৃতি-প্ৰকৃতি, বৈশিষ্ট্য, ভাষা আদিৰ লগত কোনো সাদৃশ্য নথকাকৈ মিঞা নামৰ দ্বিতীয় জনগোষ্ঠী এটা থাকিব পাৰে নে নোৱাৰে সেয়া বিচাৰ্যৰ বিষয়। চতুৰ্থ আৰু মুখ্য কাৰণ হ’ল মিঞা নামৰ স্ৰষ্টা এম জি হাজৰিকাৰ নেতৃত্বৰ ‘ মিঞা পৰিষদ’ৰ মিঞা সন্দৰ্ভত আগবঢ়োৱা যুক্তি আলোচ্য লোকসমষ্টিৰ বাবে গ্ৰহণযোগ্য নহয়। মই ভাৱো যিসকলে উৎসাহতে বা আবেগত মিঞা বুলি পৰিচয় দিবলৈ গৰ্ববোধ কৰি আছে সেইসকলৰ অধিকাংশই হয়তো মিঞা সম্বন্ধে মিঞা পৰিষদৰ স্থিতি কি সেয়া নাজানে। মিঞা পৰিষদে মিঞা নামটো এক বহল অৰ্থত ব্যৱহাৰ কৰিব বিচাৰি আছে। মিঞা পৰিষদৰ মতে অসমত বসবাস কৰা সকলো মুছলমান (গৰিয়া, মৰিয়া, দেশী, চিলেটীয়া আদি) মানুহকেই মিঞাৰ অন্তৰ্ভুক্ত বুলি মানিব খোজে। এতিয়া প্ৰশ্ন হ’ল – মিঞা পৰিষদৰ উদাৰ সংঘা মতে সকলো মুছলমানেই যদি মিঞা তেন্তে আমি আলোচনা কৰি থকা লাঞ্ছিত বঞ্চিত, নিপীড়িত নিৰ্দিষ্ট জনগোষ্ঠীটোৰ সুকীয়া পৰিচয় কি হ’ব। সেই সম্বন্ধে মিঞা পৰিষদৰ স্থিতি স্পষ্ট কৰা প্ৰয়োজন আৰু জনসাধাৰণেও জ্ঞাত হোৱা দৰকাৰ । তদুপৰি গৰীয়া, মৰিয়া, দেশী সকলে নিজক মিঞা বুলি পৰিচয় দিবলৈ যে অনিচ্ছুক তাৰ প্ৰমাণ আমি পাই আহিছোঁ ।

এতিয়া জনসাধাৰণে চিন্তা কৰিব লাগিব যি উদ্দেশ্যে জনগোষ্ঠীটোৰ সুকীয়া নাম লোৱাৰ প্ৰয়োজনবোধ কৰিছোঁ সেই নামটোৱে যদি নিৰ্দিষ্ট লোকখিনিক নিৰ্দিষ্টকৈ বুজাবলৈ অপৰাগ বা বিভ্ৰান্তিকৰ হয় তেনেকুৱা নামেৰে জনগোষ্ঠীটোৰ ভৱিষ্যত কিদৰে সুৰক্ষিত বা উন্নয়ন আশা কৰিব পাৰি। নাম দিয়াৰ আগতে আকাৰ-আকৃতিৰ(নিৰ্দিষ্ট জনসমষ্টিৰ) ধাৰণা স্পষ্ট হ’ব লাগিব নহ’লে ভৱিষ্যতে বেমেজালিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকি যাব। সেয়ে জনগোষ্ঠীটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত দল-মত, সংগঠন, ব্যক্তিগত স্বাভিমান আদি এৰাই চলি সময়ৰ আহ্বানক গুৰুত্ব প্ৰদান কৰি সকলো জিলাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অতি কমেও ২৫ জনকৈ বিশিষ্ট লোক লৈ এক জাতীয় অভিবৰ্তন আয়োজন কৰি যুক্তি-তৰ্ক, আলোচনা-সমালোচনাৰ মাধ্যমেৰে সকলোৰে গ্ৰহণযোগ্য এটা নাম ঠিক কৰি মোহৰ মৰাৰ ব্যৱস্থা কৰিব লাগে। জনগোষ্ঠীটোৰ ভৱিষ্যত কৰ্মনিধি যুগুত কৰাৰ স্বাৰ্থত এক শক্তিশালী কৰ্ণধাৰ সমিতি গঠন কৰিব লাগে আৰু সেই সমিতিৰ মাধ্যমেৰে সকলোধৰণৰ সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ ব্যৱস্থা কৰিব লাগে। দৈনিক গণ অধিকাৰ কাকতৰ স্বত্বাধিকাৰী ও পৰিচালন সঞ্চালক ছাহজাহান তালুকদাৰ ডাঙৰীয়াই ‘মিঞা’ বিতৰ্ক শিতান আৰম্ভ কৰি বিভিন্নজনৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ ব্যৱস্থাই জনগোষ্ঠীয় নামৰ ক্ষেত্ৰত কিছু গতি আনিব নিশ্চয়। মুক্তভাৱে সকলোৰে মত জনোৱাৰ অধিকাৰ যিহেতু আছে গতিকে ব্যক্তি আক্ৰমণ বা অসাংবিধানিক শব্দ পৰিহাৰ কৰি সবল যুক্তিৰে নিজৰ মত প্ৰকাশ কৰিলে এটা সৰ্বসন্মত সমাধান নিশ্চয় আশা কৰিব পাৰি। এইখিনিতে নামৰ ক্ষেত্ৰত মোৰ মনৰ ভাৱখিনিও প্ৰকাশ কৰিলোঁ। এইটো অনস্বীকাৰ্য যে বৃটিছ শাসিত অবিভক্ত ভাৰতৰ মহামাৰীৰ প্ৰাদুৰ্ভাৱত ক্ৰমাৎ জনশূন্য হ’ব ধৰা অসম মুলুকৰ জনসংখ্যা বৃদ্ধি কৰাৰ স্বাৰ্থত একাংশ অসমীয়া আৰু বৃটিছসকলৰ অধিক শষ্য উৎপাদন নীতিৰ বাবে তেতিয়াৰ বংগৰ পৰা কৃষিত পাৰ্গত শ্ৰমিকসকলক আহ্বান কৰি আনিছিল। তেওলোকে ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া(চাপৰি) অঞ্চল আৰু নদীৰ মাজৰ চৰ অঞ্চলত থিতাপি লৈ খেতি-বাতি আৰম্ভ কৰিছিল। আমাৰ পূৰ্বপুৰুষসকলে আৰম্ভ কৰা এই বসতিস্থলৰ লগত সংগতি ৰাখি জনগোষ্ঠীয় নাম এটা ল’ব পাৰিলে মই ভাৱো ই অধিক বাস্তৱসন্মত, ইতিহাস সম্বৃদ্ধ, বৈশিষ্ট্যপূৰ্ণ নাম হ’ব। লোহিত, চৰুৱা বা চৰ-চাপৰিৰ অসমীয়া আদিৰ যিকোনো এটা নাম হ’লেও মই ভাৱো অধিক সাৰ্থক হ’ব। পৰিশেষত কৈ থওঁ – জনগোষ্ঠীয় নামৰ ক্ষেত্ৰত মোৰ নিজস্ব ভাৱ প্ৰকাশ কৰিলোঁ যদিও মোৰ মতত মই অলৰ-অচৰ নহও। সৰ্বজনীন সিদ্ধান্তৰে যিটো নাম গ্ৰহণ কৰা হ’ব সেইটোৰ প্ৰতিও মোৰ নিশ্চিত সমৰ্থন থাকিব। চিন্তাশীলসকলে যথাসম্ভব সোনকালে এক মুক্ত আলোচনাৰ ব্যৱস্থা কৰিব বুলি অনুৰোধ জনালোঁ।