শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচিক লৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক তৰুণ গগৈ

এনআৰচিক লৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক তৰুণ গগৈ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয় উন্নীতকৰণ চমুকৈ এনআৰচিক লৈ তিলমানো চিন্তিত নহয় কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ। এখন শুদ্ধ এনআৰচি প্ৰস্তুত হোৱাটো নিবিচাৰে চৰকাৰে। যাৰ বাবে এনেদৰে বিষয়টোক লৈ বিধি-পথালি দিছে। আজি মন্ত্ৰী আৱাসত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে এনআৰচিক লৈ শেহতীয়াকৈ একাধিক বিতৰ্কৰ সৃষ্টি হৈছে। সেই সন্দৰ্ভত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি বিষয়টোক যিধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেয়া দেখা হোৱা নাই। ৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত এনআৰচি।

চৰকাৰে হাজেলাক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। যদি হাজেলাই ভুল কৰিছে তেন্তে চৰকাৰে কি কৰি আছে বুলি প্ৰশ্ন কৰে। বিষয়টো উচ্চতম ন্যায়ালয়ক অৱগত কৰিব লাগে। বিজেপিয়ে বিদেশী সমস্যাটো কেতিয়াও সমাধান নিবিচাৰে বুলি উল্লেখ কৰি গগৈয়ে কয় যে সেই বাবেই এনআৰচিক লৈ চৰকাৰে ষড়যন্ত্ৰ চলাই আছে। বিদেশী সমস্যাক লৈ বিজেপি চৰকাৰ চিন্তিত নহয়, সেয়া স্পষ্ট হৈছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে পাঁচ বছৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ সময়ত মোদীয়ে ঘোষণা কৰিছিল যে ১৬ মে’ৰ পিছত সকলো বিদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব। পাঁচ বছৰ উকলি গ’ল কিমানজন বিদেশী খেদিলে বিজেপি চৰকাৰে। এতিয়ালৈকে বিদেশীৰ তালিকাই প্ৰস্তুত কৰিব পৰা নাই। তেনেস্থলত কেনেকৈ বিদেশী খেদিব বুলি প্ৰশ্ন কৰে গগৈয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )