শেহতীয়া খবৰ
Home / আঞ্চলিক / নৰ্থ ইষ্ট ডিভা বিজয়ী মালশ্যা কাশ্যপক লৈ আনন্দ – উল্লাস ওৰাং-মাজবাটবাসীৰ , শিক্ষাৰ পাতনি মেলা শিক্ষানুষ্ঠানৰ আচাৰ্য-আচাৰ্যাৰ আশীৰ্বাদ গ্রহণ

নৰ্থ ইষ্ট ডিভা বিজয়ী মালশ্যা কাশ্যপক লৈ আনন্দ – উল্লাস ওৰাং-মাজবাটবাসীৰ , শিক্ষাৰ পাতনি মেলা শিক্ষানুষ্ঠানৰ আচাৰ্য-আচাৰ্যাৰ আশীৰ্বাদ গ্রহণ


গণ বাৰ্তা ,ওৰাং,৬ আগষ্ট :
প্রাইড ইষ্ট এন্টাৰটেইনমেন্ট প্রাইভেট লিমিটেড ৰ উদ্যোগত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহত সৌন্দৰ্য প্রতিযোগিতা এংগেজ ‘নৰ্থ ইষ্ট ডিভা ২০১৯ ‘ ৰ যোৱা ৪ আগষ্ট ৰবিবাৰে গুৱাহাটীৰ তাজ ভিভান্টা হোটেলত অনুষ্ঠিত হোৱা সুন্দৰী প্রতিযোগীতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে মাজবাটৰ মালশ্যা কাশ্যপে | উত্তৰ – পূৰ্বাঞ্চলৰ যুৱতী সকলক ৰাষ্ট্রীয় আৰু আন্ত:ৰাষ্ট্রীয় পৰ্যায়ৰ সৌন্দৰ্য প্রতিযোগীতাত প্রতিষ্ঠা লাভ কৰাৰ বাবেই ‘প্রাইড ইষ্ট এন্টাৰটেইনমেন্ট প্রাইভেট লিমিটেড’ এ নৰ্থ ইষ্ট ডিভাৰৰ জৰিয়তে নিৰলস প্রচেষ্টা চলাই আহিছে | ইয়াৰ উপৰি অসম গৌৰৱ মুগা বস্ত্রক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ মানসেৰে নৰ্থ ইষ্ট ডিভা সৌন্দৰ্য প্রতিযোগীতাৰ জৰিয়তে ঐকান্তিক প্রচেষ্টা লৈছে | এই প্রতিযোগীতাত শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰে ওডালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ন মাটি (খ) ৰ নিৱাসী বেতিবাৰী চাহবাগিছাৰ কৰ্মচাৰী প্রয়াত ধীৰাজ ডেকা আৰু অৰ্চনা ডেকাৰ দ্বিতীয়া কন্যা মালশ্যা কাশ্যপে | খিতাপ অৰ্জন কৰি সুন্দৰী গৰাকীয়ে  শিক্ষাৰ পাতনি মেলা মাজবাট শংকৰদেৱ বিদ্যা নিকেতনতৰ আচাৰ্য-আচাৰ্যা সকলৰ আশীৰ্বাদ লবলৈ নিকেতনলৈ যায় | নিকেতনৰ হৈ প্রধান আচাৰ্য ৰথিন দত্ত ই ফুলাম গামোছা ,জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনায় | তাৰ পিছতেই পূব মাজবাট আঞ্চলিক মহিলা সমিতি , পূব মাজবাট আঞ্চলিক মহিলা সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ অভ্যৰ্থনা সমিতি ,বটাবাৰী মহিলা সমিতি ,মাজবাট টাউন মহিলা সমিতি ইত্যাদি অনুষ্ঠান – প্রতিষ্ঠানে  সুন্দৰী গৰাকীক পৃথকে পৃথকে সম্বৰ্ধনা জনায় |