শেহতীয়া খবৰ
Home / ক্ৰীড়া / নগাঁও দ্বিতীয় ডিভিজন অান্ত: ক্লাৱ ফুটবল লীগ : শ্বাইন’ছ প্লেয়াৰ্ছৰ বিজয় ধাৰা অৱ্যাহত

নগাঁও দ্বিতীয় ডিভিজন অান্ত: ক্লাৱ ফুটবল লীগ : শ্বাইন’ছ প্লেয়াৰ্ছৰ বিজয় ধাৰা অৱ্যাহত

দেৱব্ৰত বৰা,বেবেজীয়া,৭ অাগষ্ট : নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল অামিন ষ্টেডিয়ামত চলি থকা অজিত বৰা সোঁৱৰণী দ্বিতীয় ডিভিজন অান্ত: ক্লাৱ  ফুটবল লীগত শ্বাইন’ছ প্লেয়াৰ্ছে নিজৰ তৃতীয়খন খেলতো ক্ৰমাগত  জয়ী হৈ বিজয় ধাৰা অৱ্যাহত ৰাখিছে।    অাজিৰ খেলত শ্বাইন’ছ প্লেয়াৰ্ছে প’লাইট ক্লাৱক ২-১ গ’লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। এই বিজয় সূত্ৰে শ্বাইন’ছ প্লেয়াৰ্ছে জয়ৰ ধাৰা অৱ্যাহত ৰাখি এই পৰ্য্যন্ত মুঠ ৯ পইন্ট সংগ্ৰহ কৰিছে। খেলখনত শ্বাইন’ছ প্লেৰ্য়াছৰ হৈ শৰৎ সিং ৰাভা  (১২ মিনিট) অাৰু হেডিঙৰে সাগৰ পাটৰে (৮২ মিনিট) ক্ৰমে গ’ল দুটা দিয়ে। অানহাতে প’লাইট ক্লাৱৰ হৈ একমাত্ৰ গ’লটো দিয়ে গোলাম মেহবুব হাজবি (৫৬ মিনিট) য়ে। অাজিৰ খেলখনত শ্বাইন’ছ প্লেয়াৰ্ছৰ গ’লৰক্ষক তন্ময় হাজৰিকাই চমকপদ প্ৰদৰ্শনেৰে ক্ৰীড়া প্ৰেমীৰ দৃষ্টি অাকৰ্ষণ কৰে।  উল্লেখ্য যে, তন্ময় হাজৰিকাই দ্বিতীয়াৰ্ধত নিজ দলক দুটা নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে।