শেহতীয়া খবৰ
Home / ৰাজনীতি / এক দেশ, এক পৰিয়াল : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী

এক দেশ, এক পৰিয়াল : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী

  • অনুেচ্ছদ ৩৭০ ৰ বাবেই ৪২০০০ লোকৰ মৃত্যু

  • দেশ বিৰোধী কামত ব্যৱহাৰ হৈছিল অনুেচ্ছদ ৩৭০, ৩৫(এ)

নতুন দিল্লী, ৮ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লালকিল্লাৰ পৰা স্বাধীনতা দিৱসত ৰাষ্ট্ৰক সম্বোধন কৰিবলৈ আৰু কেইটামান দিন মাজত থকাৰ সময়ছোৱাতেই আজি জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ)ক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰে। দেশবাসীক সম্বোধন কৰিয়ে জম্মু-কাশ্মীৰৰ পৰা অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰক ঐতিহাসিক ঘোষণা বুলি উল্লেখ কৰে। তেওঁ কয় যে জম্মু-কাশ্মীৰত দীৰ্ঘদিনে বলৱৎ হৈ থকা এই অনুেচ্ছদ ৰাষ্ট্ৰবিৰোধী কামত ব্যৱহাৰ কৰি আহিছিল। ইমানেই নহয়, এই অনুেচ্ছদৰ আশ্ৰয় লৈ বিচ্ছিন্নতাবাদী নেতাসকলে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে ৰাজ্যখনত কেইবা দশক ধৰি অনুেচ্ছদ ৩৭০ বলৱৎ হৈ থকাৰ বাবেই জম্মু-কাশ্মীৰত ৪২,০০০ লোকৰ মৃত্যু ঘটিছে।

তেওঁ কয়- জম্মু-কাশ্মীৰত কিছুদিনলৈ পোনপটীয়াকৈ কেন্দ্ৰৰ শাসন চলি থাকিব বুলি উল্লেখ কৰি এইবুলিও কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখত খালী হৈ থকা পদসমূহ অতিশীঘ্ৰে পূৰণ কৰা হ’ব। জম্মু-কাশ্মীৰৰ আৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালসকলৰ বাবে কেন্দ্ৰই শীঘ্ৰে সু-ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি কয় যে জম্মু-কাশ্মীৰৰ শ্ৰমিকসকলে অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিল। এতিয়াৰে পৰা জম্মু-কাশ্মীৰৰ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি মোদীয়ে কয় যে শ্ৰমিকৰ বাবে জম্মু-কাশ্মীৰত নাছিল কোনো ধৰণৰ আইন। তেওঁ লগতে কয়- জম্মু-কাশ্মীৰত বলৱৎ হৈ থকা অনুেচ্ছদ ৩৭০ক হাথিয়াৰ হিচাপে লৈছিল পাকিস্তানে। তেওঁ কয়- অনুেচ্ছদ ৩৭০ক এক দেশ, এক পৰিয়ালৰ লক্ষ্য আগত লৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰত্যাহাৰ কৰা হৈছে।

ইয়াৰ বাবে জম্মু-কাশ্মীৰ, লাডাখ আৰু সমগ্ৰ দেশবাসীক ধন্যবাদ জনাই মোদীয়ে কয় যে দেশে অনুেচ্ছদ ৩৭০ক প্ৰত্যাহাৰ কৰি দেশবাসীয়ে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয়- জম্মু-কাশ্মীৰ আৰু লাডাখে যি গতিৰে বিকাশ লাভ কৰিব লাগিছিল সেই গতিৰ পৰা দীৰ্ঘদিন বঞ্চিত হৈ অহাৰ কথা উল্লেখ কৰি কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ কেন্দ্ৰই বহু কাম কৰি যাব। তেওঁ কয়- অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ) বিচ্ছিন্নতবাদী আৰু দুৰ্নীতিৰ বাদে আন একো নাছিল বুলি উল্লেখ কৰি কয় যে সংসদে গৃহীত কৰা আইন অতদিনে বলৱৎ হৈ অহা নাছিল জম্মু-কাশ্মীৰ উপত্যকাত। যিটো আশ্চৰ্যজনক বুলি উল্লেখ কৰি মোদীয়ে কয় যে জম্মু-কাশ্মীৰত দীৰ্ঘদিনে মহিলাক অন্যায় কৰি অহা হৈছিল। তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰি অহাৰ কথা উল্লেখ কৰি মোদীয়ে এইবুলিও কয় যে জম্মু-কাশ্মীৰৰ শিক্ষাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰী শিক্ষা যোজনা সম্প্ৰসাৰণ কৰা হ’ব।

জম্মু-কাশ্মীৰত দীৰ্ঘ দশক ধৰি তাৰ শিশুসকলে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ অহাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে এতিয়াৰে পৰা তাৰ শিশুসকলক শিক্ষাৰ অধিকাৰৰ পৰা কোনো কাৰণতেই বঞ্চিত কৰা নহ’ব তথা বঞ্চিত হ’বলৈ দিয়া নহ’ব। লগতে কয়- অন্য ৰাজ্যৰ চাফাই কৰ্মচাৰীসকলে যি সুবিধা লাভ কৰি আহিছিল সেই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিল জম্মু-কাশ্মীৰ উপত্যকাৰ চাফাই কৰ্মচাৰীসকল। তেওঁ কয়- এতিয়াৰে পৰা জম্মু-কাশ্মীৰৰ কন্যাসকলে সমগ্ৰ দেশৰ কন্যাসকলৰ দৰে সমান সুবিধা লাভ কৰিব পাৰিব। লগতে কয়- জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনতাই এছ টি-এছ চি আসন সংৰক্ষণৰ সুবিধা লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি সম্বোধনত এইবুলিও কয় যে সেনা আৰু অৰ্ধসামৰিক বলত স্থানীয় যুৱকৰ ভৰ্তি প্ৰক্ৰিয়াৰ বাবে ৰেলীৰ আয়োজন কৰা হ’ব বুলি উল্লেখ কৰি মোদীয়ে এইবুলিও কয় যে জম্মু-কাশ্মীৰৰ শিক্ষাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰী শিক্ষা বৃত্তিৰ আঁচনি সম্প্ৰসাৰণ কৰা হ’ব।

তেওঁ কয়- পূৰ্বতে জম্মু-কাশ্মীৰত যিসমূহ আঁচনি কেৱল কাগজতে সীমাবদ্ধ হৈ আছিল সেইসমূহ এতিয়া বলৱৎ কৰা হ’ব বুলি উল্লেখ কৰি কয় যে জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত ৰাজ্যলৈ ৰূপান্তৰিত কৰাটো পৰিকল্পনা অনুযায়ী কৰা হৈছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে জম্মু-কাশ্মীৰ, লাডাখৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পদসমূহ শীঘ্ৰে পূৰণ কৰা হ’ব বুলি উল্লেখ কৰি মোদীয়ে আৰু কয় যে জম্মু-কাশ্মীৰৰ লোকসকলে সুন্দৰ পৰিৱেশৰ মাজেৰে নিৰ্বাচনৰ নেতা নিৰ্বাচন কৰাৰ পূৰ্ণ অধিকাৰ লাভ কৰিব বুলি উল্লেখ কৰে।