শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / জম্মু-কাশ্মীৰৰ বিমানবন্দৰৰ পৰাই ওভতাই পঠালে গুলাম নবী আজাদক

জম্মু-কাশ্মীৰৰ বিমানবন্দৰৰ পৰাই ওভতাই পঠালে গুলাম নবী আজাদক

শ্ৰীনগৰ, ৮ আগষ্ট : জম্মু-কাশ্মীৰত কেইবাদশক ধৰি বলৱৎ হৈ থকা অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয়শাসিত ৰাজ্য হিচাপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতে বিৰোধী কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰে তথা কৰি আহিছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ এনে সিদ্ধান্ত সমাজবিৰোধী বুলি উল্লেখ কৰি কংগ্ৰেছে প্ৰতিবাদ মুখৰ কৰি চৰকাৰৰ এনে সিদ্ধান্তক কঠোৰ সমালোচনা কৰে কংগ্ৰেছে। ইপিনে, কংগ্ৰেছৰ এনে সিদ্ধান্তৰ পিছতে দলটোৰ মাজতে একাংশৰ মত বিৰোধ ঘটিছে। কংগ্ৰেছৰ একাংশ নেতাই জম্মু-কাশ্মীৰ প্ৰসংগত বিৰোধ কৰাৰ বাবে নিজৰ পদবীৰ পৰা আঁতৰি অহা পৰিলক্ষিত হৈছে। জম্মু-কাশ্মীৰৰ ৰাইজৰ পৰা ৩৭০ অনুেচ্ছদ আঁতৰাই কেন্দ্ৰীয়শাসিত ৰাজ্য হিচাপে ঘোষণা কৰি মোদী চৰকাৰে ভৰিত কুঠাৰ মৰা বুলিও কংগ্ৰেছে ব্যক্ত কৰিছে।

বিভিন্ন স্থানত কংগ্ৰেছে উক্ত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে। জম্মু-কাশ্মীৰ প্ৰসংগক লৈ বিৰোধিতা কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ গোলাম নবী আজাদে আজি পুৱা জম্মু-কাশ্মীৰত উপস্থিত হয়। জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ একাংশ নেতা তথা কৰ্মীক লগ কৰাৰ উদ্দেশ্যে গোলাম নবী আজাদে বৃহস্পতিবাৰে পুৱা ৰাজ্যখনৰ এটি বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে উক্ত কাৰ্য যাতে তেওঁ সমাপন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰৰ পৰাই গোলাম নবী আজাদক ওভতাই পঠায়।

শ্ৰীনগৰ বিমানবন্দৰত তেওঁক আবদ্ধ কৰি কোনো লোকক সাক্ষাৎ তথা আন ঠাইত জোৱাত বাধা প্ৰদান কৰি পৰৱৰ্তী বিমানেৰে জম্মু-কাশ্মীৰৰ পৰা ওভতাই পঠিয়ায়। প্ৰণিধানযোগ্য যে, গোলাম নবী আজাদৰ বাবে সেই সময়ত জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ অধ্যক্ষ গোলাম আহমদ মীৰ উপস্থিত আছিল। প্ৰণিধানযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ নেতাসকলক সাক্ষাৎ কৰি গোলাম নবী আজাদে হিংসাজৰ্জৰ কৰি তোলাৰ আশংকা কৰি তেওঁ বিমানবন্দৰৰ পৰা যাতে আন ঠাইলৈ যাব নোৱাৰে তাৰ বাবে একপ্ৰকাৰ নিষিদ্ধ কৰি খন্তেক সময়ৰ ভিতৰতে বিমানবন্দৰৰ পৰাই ওভতাই পঠিয়াই জম্মু কাশ্মীৰ প্ৰশাসনে।