শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / হিংসাত শিশু-মহিলা সৰ্বাধিক ক্ষতি হোৱাৰ আশংকা মালালাৰ

হিংসাত শিশু-মহিলা সৰ্বাধিক ক্ষতি হোৱাৰ আশংকা মালালাৰ

লণ্ডন, ৮ আগষ্ট : জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি অহা সংবিধানৰ অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰ কৰাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ঘোষণা কৰাৰ পিছতেই ৰাজ্যখনত অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে। এনে সময়ছোৱাতে জম্মু-কাশ্মীৰৰ জনতাক লৈ চিন্তিত হৈ পৰিছে শান্তিৰ নবেল বঁটা বিজয়ী তথা পাকিস্তানৰ শিক্ষা অধিকাৰৰ কাৰ্যকৰ্তা মালালা ইউচুফজাই। তেওঁ কাশ্মীৰৰ বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আহবান জনাইছে। বৃহস্পতিবাৰে মালালা ইউচুফজাই টুইটাৰৰ জৰিয়তে উল্লেখ কৰিছে যে ‘মই যেতিয়া শিশু আছিলোঁ, যেতিয়া মোৰ মা আৰু মোৰ পিতৃ শিশু আছিল, যেতিয়া ককা-আইতা যুৱ আছিল তেতিয়াৰে পৰা কাশ্মীৰৰ লোকসকলে সংঘৰ্ষৰ মুখলৈ গৈ আছিল।’

সবাতোকৈ কম বয়সতে শান্তিৰ নবেল বঁটা লাভ কৰা মালালাই (২২) উল্লেখ কৰিছে যে ‘কাশ্মীৰক লৈ চিন্তিত হৈ পৰিছোঁ। কিয়নো দক্ষিণ এছিয়া মোৰ ঘৰ, য’ত কাশ্মীৰসহ ১.৮ আৰব লোকৰ সৈতে সম্বন্ধ আছে।’ তেওঁ লগতে এই বুলিয়ো টুইটাৰত উল্লেখ কৰে যে ‘দক্ষিণ এছিয়াৰ লোকসকলে বিভিন্ন সাংস্কৃতিক ধৰ্ম, ভাষা, পৰম্পৰা, ব্যঞ্জনক প্ৰতিনিধিত্ব কৰি আহিছে। আশা কৰিছোঁ যে আমি সকলো শান্তিৰ বাৰ্তাৰে আগ বাঢ়িব পাৰোঁ।’ লগতে কয় যে এইটো আৱশ্যক নহয় যে এজনে আনজনৰ ক্ষতি কৰক। তেওঁ কয় কাশ্মীৰৰ মহিলা আৰু শিশুসকলক লৈ চিন্তিত।

কিয়নো শিশু আৰু মহিলাই হিংসাৰ সৰ্বাধিক সন্মুখীন হ’বলগীয়া হয় তথা লক্ষ্য কৰি লয়। হিংসাত তেওঁলোকৰ সৰ্বাধিক ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি মালালা ইউচুফজাই উল্লেখ কৰিছে যে ‘আমাৰ মাজত যি মতভেদ নাথকক কিয়, আমি কাশ্মীৰৰ সাত দশকৰ পুৰণি সংঘৰ্ষ শান্তিপূৰ্ণ সমাধানৰ ধ্যানকেন্দ্ৰিক কৰিব লাগে।’ লগতে তেওঁ এই বিষয়ত দক্ষিণ এছিয়াৰ দেশ, আন্তঃৰাষ্ট্ৰীয় সমুদায়ক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ টুইটাৰৰ জৰিয়তে আহবান জনাইছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )