শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / সমঝোতা এক্সপ্ৰেছ, আকাশী পথ বন্ধ কৰাৰ ঘোষণা পাকিস্তানৰ

সমঝোতা এক্সপ্ৰেছ, আকাশী পথ বন্ধ কৰাৰ ঘোষণা পাকিস্তানৰ

জম্মু কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক পাকিস্তান

নতুন দিল্লী, ৮ আগষ্ট : জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰৰ কথা ঘোষণা কৰাৰ পিছতেই ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে পাকিস্তান। জম্মু-কাশ্মীৰক ভাৰতৰ একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে পাকিস্তানে সকলো ধৰণৰ বেপাৰ-বাণিজ্য সাময়িকভাৱে ভাৰতৰ সৈতে বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ লগতে নতুন দিল্লীস্থিত পাকিস্তানৰ দূতাবাসৰ পৰা উচ্চায়ুক্তক নিজ দেশলৈ মাতি পঠোৱাৰ উপৰিয়ো ইছলামাবাদস্থিত ভাৰতীয় উচ্চ আয়ুক্তক নিজ দেশলৈ উভতি যোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে ইমৰান খান চৰকাৰে।

ইমানতে শান্ত নাথাকি ভাৰত-পাকিস্তানৰ মাজত চলাচল হৈ থকা সমঝোতা এক্সপ্ৰেছ বন্ধ কৰাৰ কথা আজি ঘোষণা কৰিছে পাকিস্তানে। লগতে পাকিস্তানৰ আকাশী মাৰ্গ ভাৰতৰ বাবে বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ পাকিস্তানে ভাৰতৰ সৈতে ৰে’ল সেৱা আৰু বিমান সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। উল্লেখযোগ্য যে শেহতীয়াকে ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ পৰা সংবিধাৰ অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাক কোনো কাৰণতে মানি ল’ব বিচৰা নাই পাকিস্তানে। চুবুৰীয়া ৰাষ্ট্ৰখনে ভাৰতৰ এই ঘোষণাক প্ৰত্যাহবান জনায় আন্তঃৰাষ্ট্ৰীয় আদালতৰ কাষ চাপিব বুলিয়ো ঘোষণা কৰিছে।

ইমানৰ পিছতো শান্ত নাথাকি ভাৰতৰ সৈতে সকলোধৰণৰ সম্পৰ্ক নাইকিয়া কৰিবলৈ উঠি-পৰি লাগিছে চুবুৰীয়া ৰাষ্ট্ৰখন। পাকিস্তানে ভাৰতৰ সৈতে বেপাৰ-বাণিজ্যৰ উপৰিও ৰে’ল সেৱা, বিমান সেৱা, কূটনৈতিক সম্পৰ্ক নাইকিয়া কৰাৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ ভাৰতৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে পাকিস্তানে। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পৰা অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছতে তাৰ ৫০০ গৰাকীতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে প্ৰশাসনে। সমগ্ৰ জম্মু-কাশ্মীৰত কমেও ৫০০ গৰাকীতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ কথা জানিব পৰা গৈছে প্ৰশাসনে।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতী আৰু অমৰ আব্দুল্লাকে ধৰি বহুলোকক প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। ইমানেই নহয়, জম্মু কাশ্মীৰত প্ৰথমবাৰলৈ ২২খন জিলাত সান্ধ্য আইন বলৱৎ কৰা হৈছে। লগতে বহিৰ্জগতৰ লগত যোগাযোগ বিচ্ছিন্ন কৰি দিছে প্ৰশাসনে। লেনলাইন, ম’বাইল, ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ফলত জম্মু-কাশ্মীৰৰ বাসিন্দাৰ বহিৰ্জগতৰ লগত সম্পৰ্ক প্ৰায় নাইকিয়া হৈ পৰিছে। ইমানেই নহয়, জম্মু-কাশ্মীৰ উপত্যকাত সান্ধ্য আইন বলৱৎ হৈ থকাৰ বাবেই স্থানীয় জনতাই মুক্ত মনে ঘূৰি ফুৰাত বাধা জন্মিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )