শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | বিধানসভাৰ বাহিৰে-ভিতৰে যিমানেই সমালোচনা নকৰক ৩১ আগষ্টত এনআৰচি প্ৰকাশ হ’বই

বিশেষ নিউজ ৰিপ’ৰ্ট | বিধানসভাৰ বাহিৰে-ভিতৰে যিমানেই সমালোচনা নকৰক ৩১ আগষ্টত এনআৰচি প্ৰকাশ হ’বই

হাজেলাক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সকীয়নি

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ আগষ্ট : এনআৰচিক লৈ ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰীমনৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। আদালতৰ খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয়সমূহত বিভিন্ন পক্ষৰ অধিবক্তাসকলৰ যুক্তি শুনি ৰায় সংৰক্ষিত ৰাখে। অহা মঙলবাৰে সমগ্ৰ বিষয়ে নিৰ্দেশনা প্ৰদান কৰিব। একেদৰে ৰাজনীতিবিদসকলে বিধানসভাৰ ভিতৰে-বাহিৰে বা অন্য কোনো পক্ষই আদালতৰ ৰায় কিম্বা নিৰ্দেশনাক যিমানেই সমালোচনা নকৰক কিয় তাৎপৰ্যপূৰ্ণভাৱে আজি আদালতে তেনে সকলো কথা আওকাণ কৰি আগষ্ট মাহৰ ৩১ তাৰিখে অথবা তাৰ পূৰ্বে পূৰ্ণাংগ এনআৰচি প্ৰকাশ কৰিবলৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক মৌখিকভাৱে নিৰ্দেশনা প্ৰদান কৰে।

একেদৰে অসমৰ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে বিভিন্ন সংবাদ মাধ্যমত বা বিগত বিধানসভাত হোৱা সমালোচনা যিহেতু ন্যায় ব্যৱস্থাৰ আওতাৰ ভিতৰত নপৰে, সেয়ে এইবোৰ সম্পৰ্কে আদালতে কোনো নিৰ্দেশনা প্ৰদান নকৰে বুলি স্পষ্ট কৰি দিয়ে। কোনে কি কৰে কৰক আদালতে ৩১ আগষ্ট তাৰিখে এনআৰচি প্ৰকাশ কৰিব। উল্লেখ্য যে যোৱা ২৩ জুলাই, ২০১৯ত গোচৰৰ পক্ষৰ হৈ থকা দল-সংগঠনৰ লগতে অসমৰ অন্যান্য আগ্ৰহী দল-সংগঠনৰ পৰা পিতৃ বা মাতৃৰ যিকোনো এজন ভাৰতীয় আৰু আনজন ‘ডি’ ভোটাৰ বা বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা ব্যক্তি বা ঘোষিত ব্যক্তি হ’লে তেনে পৰিয়ালৰ সন্তানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব নে নাই আৰু যিহেতু আই এম ডি টি আইন বাতিল হৈ গৈছে, সেয়ে আই এম ডি টি আইনৰ অধীনত ভাৰতীয় ঘোষিত হোৱাসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা হ’ব নে নাই এই দুই বিষয়ত মতামত বিচৰাত আমছু আৰু ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়ত তৰফৰ পৰা নিজৰ নিজৰ মতামত আগবঢ়ায়।

জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে আদালতত যুক্তি আগবঢ়াই কয় যে যিহেতু নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৩ সৰ্ব ভাৰততে প্ৰযোজ্য হৈ আছে সেয়ে ১৯৮৭ চনলৈ অসমত (ভাৰত) জন্ম লোৱাসকলৰ পিতৃ-মাতৃৰ দুয়োজনেই বিদেশী হ’লেও তেনে লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিব লাগে। সমান্তৰালকৈ ১৯৮৭ চনৰ পৰা ২০০৪ চনৰ মাজত জন্মগ্ৰহণ কৰাসকলৰ পিতৃ-মাতৃৰ এজন ভাৰতীয় আনজন বিদেশী হলেও তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে। কোনোবাৰ জন্ম ২০০৪ চনৰ পূৰ্বে হৈছে কিন্তু তেওঁৰ পিতৃ বা মাতৃৰ যিকোনো এজনক ২০০৪ৰ পিছত বিদেশী ঘোষণা কৰিছে বা ‘ডি’ ভোটাৰ বুলি চিহ্নিত কৰিছে তেনে লোককো এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলি যুক্তি আগবঢ়ায়।

আনহাতে, আই এম ডি টি আইন বাতিল হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে আই এম ডি টি আইনৰ অধীনত ভাৰতীয় ঘোষণা হোৱাসকলক ভাৰতীয় বুলি জাজমেন্ট দিয়াত আই এম ডি টি আইনৰ অধীনৰ লোকসকলৰ নামো অন্তৰ্ভুক্ত কৰিব লাগে বুলি যুক্তি আগবঢ়ায়। একেদৰে এনআৰচিৰ শুনানিৰ নামত শেহতীয়াকৈ সৰ্বসাধাৰণ ৰাইজক কৰি অহা হাৰাশাস্তি আৰু চৰকাৰে এনআৰচিৰ গুৰুত্বপূৰ্ণ নথি ৰাজহুৱা কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কংগ্ৰেছে এক আবেদন দাখিল কৰিছে। অন্যান্য পক্ষভুক্ত দল-সংগঠনসমূহেও নিজৰ নিজৰ যুক্তি আগবঢ়ায়। আনহাতে শেহ¸তীয়াকৈ এনআৰচি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ে সময়ে সময়ে প্ৰদান কৰি অহা নিৰ্দেশনা তথা উচ্চতম ন্যায়ালয়ৰ অনুমোদিত এছ অ’ পিৰ বিধি উলংঘা কৰি অসমৰ বিভিন্ন ঠাইৰ সংখ্যালঘু লোকক পুনৰীক্ষণৰ নামত ২/১ সময় দি ৩০০/৪০০ কিঃমিঃ দূৰত্বত শুনানিলৈ যাবলৈ বাধ্য কৰাই হাৰাশাস্তি কৰি থকাৰ লগতে বিভিন্ন ঠাইত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ ৪জনকৈ লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০জনতকৈ অধিক লোক আহত হৈছে বুলি আদালতক আবেদন আকাৰে অৱগত কৰোৱাৰ লগতে আদালতৰ হস্তক্ষেপ বিচাৰে।

আদালতৰ খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয়সমূহত বিভিন্ন পক্ষৰ অধিবক্তাসকলৰ যুক্তি শুনি ৰায় সংৰক্ষিত (অৰ্ডাৰ ৰিজাৰ্ভ্‌ড) ৰাখে। অহা মঙলবাৰে সমগ্ৰ বিষয়তে নিৰ্দেশনা প্ৰদান কৰিব। আজিৰ শুনানিকালত আমছু আৰু মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বাল, ছলমান খুৰশ্বিদ আৰু অধিবক্তা ফোজাইল আহমেদ আইয়োবী, নিজাম পাশ্বা, মোস্তাফা খাদ্দাম হুছেইন, ইবাদ মুস্তাক, তেহছিনা হুছেইন, অদিতি গুপ্তা, আব্দুল কাদিৰ উপস্থিত থাকে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা একাংশ সংগঠনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক বিভিন্ন সময়ত সমালোচনা কৰি এনআৰচিৰ প্ৰতি ৰাইজৰ মনত এক সন্দেহৰ বীজ ৰোপণ কৰাৰ অপচেষ্টাৰে ৰাজনীতি কৰি অহাত আজি আদালতে লোৱা কঠোৰ ভূমিকাই চৰকাৰী-বেচৰকাৰী ষড়যন্ত্ৰকাৰীসকলক মোক্ষম আঘাত দিলে বুলি আমছুৰ মুখপাত্ৰ আজিজুৰ ৰহমানে উল্লেখ কৰে।

তেওঁ লগতে কয় যে এনে লোকৰ ষড়যন্ত্ৰ উফৰি যাব বুলি আমাৰ বিশ্বাস। আনহাতে, অহা মঙলবাৰে আদালতে উল্লিখিত গোটেই বিষয়সমূহত সঠিক নিৰ্দেশনা প্ৰদান কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি জমা দিয়া সকলো অসমবাসী ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান কোনো অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ সৰ্বস্তৰৰ ৰাইজৰ গ্ৰহণযোগ্যকৈ এখন শুদ্ধ আৰু নিকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰিব বুলি আমি আশাবাদী।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )