শেহতীয়া খবৰ
Home / আঞ্চলিক / ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ঘোষণা : শ্ৰেষ্ঠ অসমীয়া ‘ছবি বুলবুল কেন চিং’

৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা ঘোষণা : শ্ৰেষ্ঠ অসমীয়া ‘ছবি বুলবুল কেন চিং’

শ্ৰেষ্ঠ ছবিৰ বঁটা আন্ধাধুনলৈ,  শ্ৰেষ্ঠ অভিনেতা আয়ুষ্মান খুৰানা (আন্ধাধুন), বিকী কৌশল (উৰী : দ্য ছাৰ্জিকেল ষ্ট্ৰাইক), শ্ৰেষ্ঠ অভিনেত্ৰী কীৰ্তি চুৰেজ (মহানতি) শ্ৰেষ্ঠ আমোদজনক ছবি বধাই হো

নতুন দিল্লী, ৯ আগষ্ট : উৎকণ্ঠাৰ অৱসান ঘটোৱাই অৱশেষত ঘোষণা কৰা হ’ল ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। নতুন দিল্লীৰ শাস্ত্ৰী ভৱনৰ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ কনফাৰেন্স হলত আনুষ্ঠানিকভাৱে ৬৬ সংখ্যক চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়। এইবাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় আয়ুষ্মান খুৰানাৰ ‘অন্ধা ধুন’-এ। ‘অন্ধা ধুন’ ছবিখনলৈ কেইবাটাও বঁটা ঘোষণা কৰা হয়। ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা এইবাৰ পলমকৈ কৰা হয়। কিয়নো লোকসভা নিৰ্বাচনৰ বাবেই ৬৬ সংখ্যক চলচ্চিত্ৰ পুৰস্কাৰ ঘোষণা পিছুৱাবলগীয়া হয়। কিন্তু আজি সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।

য’ত শ্ৰেষ্ঠ ছবি ৰূপে ‘অন্ধা ধুনে’ সন্মান লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ আমোদজনক ছবি ৰূপে সন্মান লাভ কৰে ‘বধাই হো’ৱে। আনহাতে এইবাৰৰ চলচ্চিত্ৰ বঁটাত পুনৰ জিলিকি উঠে অসমীয়া চলচ্চিত্ৰ পৰিচালক ৰীমা দাস। কিয়নো ৰীমা দাসৰ ‘বুলবুল কেন ছিং’-এ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছে। আজি ঘোষণা কৰা অনুসৰি শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আয়ুষ্মান খুৰানা (অন্ধা ধুন) আৰু বিকী কৌশল (উৰী ঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক)এ লাভ কৰে। আনহাতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে কীৰ্তি চুৰেজ (মহানতি, তেলেগু ছবি)এ। আনহাতে শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰে ‘বধাই হো’ত অভিনয় কৰা সুৰেখা চিক্ৰীয়ে। আনহাতে শ্ৰেষ্ঠ সামাজিক ছবিৰ বঁটা লাভ কৰে অক্ষয় কুমাৰৰ ‘পেডমেন’-এ।

শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰে অৰ্জিত সিঙে। অৰ্জিত সিঙে ‘ভিন্টি ঢিল’ৰ বাবে শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰে। আনহাতে শ্ৰেষ্ঠ মহিলা গীতিকাৰৰ বঁটা লাভ কৰে বিন্দু মালিনী (মায়াৱী মানভি)য়ে। শ্ৰেষ্ঠ মিউজিক ডাইৰেক্সন (ছাউণ্ড ডিজাইনাৰ)ৰ বঁটা লাভ কৰে ‘উৰী ঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’-এ। উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰিবলগীয়া আছিল যদিও লোকসভা নিৰ্বাচনৰ বাবে দিন পিছুৱাবলগীয়া হৈছিল। প্ৰতিবছৰে ৩ মে’ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰি অহা হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )