শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিত যোগ দিবলৈ সাজু শান্তিয়াজ কুজুৰ, গৌতম ৰয়

বিজেপিত যোগ দিবলৈ সাজু শান্তিয়াজ কুজুৰ, গৌতম ৰয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এজনৰ পিছত এজনকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ আন কে’বাজনো জ্যেষ্ঠ নেতাই গেৰুৱা দলটোলৈ মন মেলিছে। দুই-এদিনৰ ভিতৰতেই কে’বাজনো জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰাটো প্ৰায় নিশ্চিত হৈছে। তাৰেই এক অংশ হিচাপে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতিলৈ এক পত্ৰযোগে তৎকালে কাৰ্যকৰী হোৱাকৈ কংগ্ৰেছৰ সদস্য পদৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰে।

একান্ত ব্যক্তিগত সিদ্ধান্ত বুলি পদত্যাগ-পত্ৰত উল্লেখ কৰে। ইপিনে, বৰাকৰ ৰজা গৌতম ৰয়ে বিজেপিত যোগদান কৰাটো একপ্ৰকাৰ খাটাং হৈছে। আজি গৌতম ৰয়ে কংগ্ৰেছ দল ত্যাগ কৰে। সভাপতি ৰিপুন বৰালৈ পত্ৰ লিখি কংগ্ৰেছ দলৰ পৰা বিদায় লয় গৌতম ৰয়ে। মন কৰিবলগীয়া যে কংগ্ৰেছৰ কাৰ্যকালত মন্ত্ৰী হৈ থকাৰ সময়ত গৌতম ৰয়ৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল। বিশেষকৈ সমাজ কল্যাণত শিশু খাদ্যৰ বাবদ ভয়াৱহ কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল গৌতম ৰয়ৰ। চৰকাৰ সলনি হোৱাৰ পিছতেই কে’বাবাৰো জেৰাৰ সন্মুখীন হৈছিল গৌতম ৰয়। দলীয় এক সূত্ৰই দিয়া তথ্য অনুসৰি গৌতম ৰয়ে কাইলৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )