শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যত ২,৭৬,৩২৩টা পৰিয়ালৰ নাই ভূমি: বান-খহনীয়াত সৰ্বস্বান্ত লক্ষাধিক পৰিয়াল 

ৰাজ্যত ২,৭৬,৩২৩টা পৰিয়ালৰ নাই ভূমি: বান-খহনীয়াত সৰ্বস্বান্ত লক্ষাধিক পৰিয়াল 

ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিপৰীতে নগণ্য ভূমি আবণ্টন দিয়েই দায় সাৰিছে বিভাগে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : বান আৰু গৰাখহনীয়াত প্ৰতিবছৰে লাখ লাখ লোকে সৰ্বস্ব হেৰুৱাই পথৰ ভিখাৰীত পৰিণত হ’বলগীয়াত পৰে যদিও এওঁলোকক উচিতভাৱে সংস্থাপিত কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে আজিকোপতি স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এতিয়া এইসকল লোকে অসমৰ মাটিতে অসমীয়া হৈয়ো বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। প্ৰতিবছৰে বান আৰু গৰাখহনীয়াত লাখ লাখ লোকে নিজৰ ঘৰ-মাটি হেৰুৱাবলগীয়াত পৰে। বানৰ পিছতে গৰাখহনীয়াই বিপৰ্যস্ত কৰি তোলে নৈপৰীয়াবাসীৰ জীৱন। সাময়িক ব্যৱস্থা হিচাপে তেওঁলোকক আন স্থানত স্থানান্তৰিত কৰা হয় যদিও ভূমি আবণ্টন নকৰাৰ ফলত এইসকল লোকে ভূমিহীন হিচাপে দিন কটাবলগীয়া হৈছে। যাৰ ফলত বিভিন্ন চৰকাৰী আঁচনিৰ পৰা এইসকল লোক বঞ্চিত হ’ব লগীয়াত পৰে। লক্ষণীয় যে ৰাজ্যত এতিয়াও ২,৭৭,৪২৫টা ভূমিহীন পৰিয়াল আছে।

অৱশ্যে বিশ্বনাথত ১,১০২টা পৰিয়ালক ভূমিপট্টা বিতৰণৰ বাবে আনুষ্ঠানিক ব্যৱস্থা চলি থকাত ৰাজ্যখনত সৰ্বমুঠ ২,৭৬,৩২৩টা পৰিয়ালৰ নিজা ভূমি নাই। অৰ্থাৎ এই ২,৭৬,৩২৩টা পৰিয়ালে এতিয়ালৈকে কোনোধৰণৰ চৰকাৰী আঁচনি লাভ কৰা নাই। লক্ষণীয় যে গৰাখহনীয়াৰ কবলত পৰা লোকসকলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হয়গৃহৰ। তেনে অৱস্থাত চৰকাৰী আঁচনিৰ গৃহ পাবলৈ হ’লে ভূমিপট্টা থকাটো বাঞ্ছনীয়। উল্লেখ্য, বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই দাখিল কৰা তথ্য লক্ষ্য কৰিলে ভূমিহীন লোকক ৰাজ্য চৰকাৰে ভূমি আবণ্টনৰ ক্ষেত্ৰত কিমান তৎপৰ হৈছে সেয়া পৰিলক্ষিত হয়। সেই অনুসৰি গোলঘাট জিলাত পূৰ্বতে ২,৭৭৫টা পৰিয়াল ভূমিহীন আছিল। পৰৱৰ্তী পৰ্যায়ত চৰকাৰে ইয়াৰে ১,৩৩৫টা পৰিয়ালক ভূমিপট্টা আবণ্টন দিয়ে।

তেনেস্থলত এতিয়াও গোলাঘাটত ভূমিহীন লোকৰ সংখ্যা ১,৪৪০। আনহাতে চৰাইদেউত ৬,৩৬৯টা পৰিয়ালৰ ভিতৰত ২,০০০টা পৰিয়ালক ভূমিপট্টা দিয়া হৈছিল। এনে অৱস্থাত জিলাখনত ভূমিহীন হিচাপে আছে ৪,৩৬৯টা পৰিয়াল। লক্ষণীয় যে খহনীয়াত ক্ষতিগ্ৰস্ত জিলাসমূহত ভূমিহীন লোকৰ সংখ্যা অধিক। কিন্তু এনে জিলাসমূহত নগণ্যসংখ্যক লোককহে ভূমিপট্টা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ব্ৰহ্মপুত্ৰৰ খহনীয়াত আটাইতকৈ ক্ষতিগ্ৰস্ত মৰিগাঁৱত ২৯,৮২৯টা পৰিয়ালৰ ভূমি নাই। কিন্তু বিগত সময়ছোৱাত ইয়াৰে মাত্ৰ ২৭৪টা পৰিয়ালকহে চৰকাৰে ভূমি আবণ্টন কৰিছে। এনে অৱস্থাত জিলাখনত এতিয়াও ২৯,৫৫৫টা ভূমিহীন পৰিয়াল আছে। অনুৰূপ ধৰণে ধুবুৰী জিলাত ১১,৬৫৮টা ভূমিহীন পৰিয়াল আছে যদিও চৰকাৰে ৪২১টা পৰিয়ালকহে ভূমিৰ যোগান ধৰিছে। সেই হিচাপত জিলাখনত ১১,২৩৭টা পৰিয়ালৰ ভূমিপট্টা নাই। অৰ্থাৎ এইসকল লোক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব লগীয়াত পৰিছে।

লক্ষণীয় যে গৰাখহনীয়াৰ কবলত পৰা জিলাসমূহৰ ভিতৰত বৰপেটা জিলাও অন্যতম। জিলাখনত ২৭,৬২০টা পৰিয়ালৰ ভূমি নাই যদিও মাত্ৰ ৩৫টা পৰিয়ালকহে ভূমিৰ যোগান ধৰিছে চৰকাৰে। সেই হিচাপত জিলাখনত ২৭,৫৮৫টা পৰিয়ালক ভূমিপট্টা দিবলৈ বাকী আছে। গোৱালপাৰাতো ২৭,৭৮৭টা পৰিয়ালৰ বিপৰীতে মাত্ৰ ১,৫৭২টা পৰিয়ালক ভূমি আবণ্টন কৰা হৈছে। একেদৰে দৰঙত ৮,৭৯৮টা পৰিয়ালৰ বিপৰীতে ২০৮টা পৰিয়ালকহে ভূমি আবণ্টন কৰা হৈছে। যাৰ ফলত জিলাখনত থকা ৮,৫৯০টা পৰিয়ালে অন্য চৰকাৰী ভূমিক বা বিভিন্ন চৰত বসবাস কৰিব লগাত পৰিছে আৰু বহুক্ষেত্ৰত অবৈধ দখলকাৰী হিচাপে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিব লগীয়াত পৰিছে।

ৰাজ্যত বৃহৎ হাৰত এই ভূমিহীন লোকৰ সংখ্যা আছে যদিও তাৰ বিপৰীতে ভূমি আবণ্টন নগণ্য হোৱা পৰিলক্ষিত হৈছে। এখনৰ পিছত এখন চৰকাৰ আহিছে যদিও কোনো এখন চৰকাৰে এই ভূমিহীন লোকসকলক ভূমি দিয়াৰ ক্ষেত্ৰত কোনো এক দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আনহাতে, প্ৰতিবছৰে বান আৰু গৰাখহনীয়াৰ ফলত এই ভূমিহীন লোকৰ সংখ্যা বৃদ্ধি হৈ আহিছে। কিন্তু বৃহৎসংখ্যাৰ বিপৰীতে নগণ্যজনকহে ভূমি আবণ্টন কৰাত প্ৰতিবছৰে ভূমিহীনৰ সংখ্যা বৃদ্ধি হৈ আহিছে আৰু ই এক বৃহৎ সংখ্যাত পৰিণত হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )