শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে : সংবাদমেলত আব্দুল খালেক

এনআৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে : সংবাদমেলত আব্দুল খালেক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ আগষ্ট : এনআৰচিৰ শুনানিক লৈ শেহতীয়াকৈ ৰাজ্যত চলি থকা বিসংগতিক লৈ সৰৱ হৈ পৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক। ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ব্লেক মেইলিঙৰ বলি হৈছে। আজি গুৱাহাটীৰ ৰিভেৰা হোটেলত আয়োজিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ২৩ জুলাইত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিত হাজেলাই উল্লেখ কৰিছিল যে ইতিমধ্যে ২৭ শতাংশ লোকৰ পুনৰীক্ষণ সম্পূৰ্ণ হৈছে আৰু পুনৰীক্ষণৰ প্ৰয়োজন নাই।

কিন্তু ৰহস্যজনকভাৱে এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰিছে। এই সমষ্ট প্ৰক্ৰিয়াটোত এক ষড়যন্ত্ৰ নিহিত হৈ আছে বুলি উল্লেখ কৰি কয় যে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এনআৰচিৰ কাম চলাই গৈছে। দ্বিতীয়তে হাজেলা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী। তেনেস্থলত হাজেলাৰ লগতে কৰ্মচাৰীসকলক চৰকাৰে বিশ্বাসত নোলোৱাটো অতি দুৰ্ভাগ্যজনক। তেওঁ লগতে কয় যে এনআৰচিৰ শুনানিৰ বাবে নামনি অসমৰ লোকক উজনি অসমৰ সেৱা কেন্দ্ৰত উপস্থিত হ’বলৈ বাধ্য কৰোৱাৰ বাবে ইতিমধ্যে কেবাটাও দুৰ্ঘটনা ঘটিছে। উক্ত দুৰ্ঘটনাত কেবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। অৰ্ধশতাধিক লোক গুৰুতৰভাৱে আহত হৈছে।

এনআৰচিৰ শুনানিৰ বাবে যোৱাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক আঁকোৱালি লোৱা মৃতকৰ পৰিয়ালক দহ লাখ টকা আৰু আহতসকলক ৫ লাখ টকা প্ৰদানৰ দাবী উত্থাপন কৰে আব্দুল খালেকে। ‘ডি’ ভোটাৰৰ প্ৰসংগ উত্থাপন কৰি আব্দুল খালেকে কয় যে যিহেতু ৰাজ্যত এনআৰচিৰ কাম চলি আছে সেয়ে ‘ডি’ ভোটাৰ উঠাই দিব লাগে। ‘ডি’ ভোটাৰৰ নামত হাৰাশাস্তি সম্পূৰ্ণৰূপে বন্ধ হ’ব লাগে। সোণোৱাল চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই সেনাবাহিনীৰ লগতে বায়ু সেনা বিষয়াও সাৰি যোৱা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে এটা সম্প্ৰদায়ক লক্ষ্য কৰি বিদেশী সজোৱাৰ পৰিকল্পনা ৰচনা কৰা হৈছে। এই সমস্ত প্ৰক্ৰিয়াটো বন্ধ হোৱা দৰকাৰ। কিয়নো এনআৰচিৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত গতি কৰিছে। কোন বিদেশী, কোন স্বদেশী সেয়া স্পষ্ট হ’ব। আনহাতে, চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত যিসকল বিদেশী চিহ্নিত হ’ব সেইসকলক তেওঁলোকৰ দেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰি কয় যে চৰকাৰে চিনাক্ত বিদেশীক প্ৰত্যাৱৰ্তনৰ বিপৰীতে ডিটেনচন কেম্প সাজি ৰখাৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত চৰকাৰৰ ৰাজহ ব্যয় হ’ব।

তিনি তালাকৰ প্ৰসংগ উত্থাপন কৰি খালেকে কয় যে তিনি তালাকৰ সম্পূৰ্ণৰূপে বিৰোধী কংগ্ৰেছ। কিন্তু তিনি তালাক দিলে বুলিয়ে ধাৰা চাৰিৰ অধীনত জে’ললৈ প্ৰেৰণ কৰা কাৰ্য গ্ৰহণযোগ্য হ’ব নোৱাৰে। একেদৰে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভতো সাংসদগৰাকীয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ ভয়াৱহ বানৰ পিছতো গৃহমন্ত্ৰী অমিত শ্বাহে এবাৰো অসমলৈ নাহিল। গৰাখহনীয়াৰ সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই কথা কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰাৰ প্ৰয়োজনবোধ নকৰিলে। উল্লেখ্য যে তিনি তালাক, এনআৰচি, বান সমস্যাক লৈ এইবাৰ সংসদৰ মজিয়াত সৰৱ ভূমিকা পালন কৰিছিল বুলি সংবাদমেলত উল্লেখ কৰি খালেকে কয় যে লোকসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ, বান-গৰাখহনীয়া, পৰ্যটন কেন্দ্ৰ উত্তোলন, মৰাপাট কল, অশোক কাগজ কল ইত্যাদিকে ধৰি মুঠ ২৬টা প্ৰশ্ন উত্থাপন কৰিছিল।

ইপিনে, বৰপেটাক ঐতিহ্যসিক নগৰ হিচাপে স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন কৰে সাংসদগৰাকীয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰা সন্দৰ্ভত খালেকে কয় যে কলিতা এগৰাকী সুবিধাবাদী আৰু স্বাৰ্থপৰ ব্যক্তি। যদি কংগ্ৰেছ বেয়া তেন্তে তেওঁ কংগ্ৰেছৰ পৰা লোকসভাত নিৰ্বাচন খেলিব নালাগিছিল বুলি উল্লেখ কৰি আৰু কয় যে গেলা-পচাবোৰ থাকি পৰিৱেশ প্ৰদূষিত কৰাতকৈ আঁতৰি যোৱাই শ্ৰেয়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )