শেহতীয়া খবৰ
Home / আঞ্চলিক / ঈদৰ নিশা হোজাইত অঘটন, ভয়াবহ অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মীভূত

ঈদৰ নিশা হোজাইত অঘটন, ভয়াবহ অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মীভূত

মাহমুদ আলী,নীলবাগান ১৩ আগষ্ট : ঈদৰ নিশাই হোজাইত সংঘটিত হয় এক ভয়ংকৰ অঘটন৷ঈদৰ আনন্দ উপভোগ কৰি থকাৰ সময়তে হোজাইত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা৷হোজাইৰ চহৰৰ মুছলিম পট্টি মণিৰাম দেৱান পথৰ নিবাসী আনিচুদ জামান আৰু আলি আহমেদ নামৰ লোক দুজনৰ ঘৰত যোৱা   নিশা ভয়ংকৰ অগ্নিকাণ্ড  সংঘটিত হোৱাত তিনিটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত প্ৰায় ৩০ লাখ  টকাৰ সা সম্পত্তি ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আলি আহমেদৰ ৰান্ধনী ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ সময়ত দুটা  ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত জুই নিৰ্বাপন কৰিবলৈ অহা ৰাইজৰ মাজত হুৱা দুৱা লাগে। প্ৰায় আধাঘণ্টা পলমকৈ উপস্থিত হোৱা অগ্নিনিবাপক বাহিনীৰ সাতখন গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰাত সমীপৰ বাকী কেইবাটাও বাসগৃহ কথমপি ৰক্ষা পৰে। পৰিয়াল দুটাৰ মুঠ আঠটা কোঠালি জুইত জাহ যায় বুলি ৰাইজে জানিব দিয়ে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বট চাৰ্কিট অথবা গেছ ছিলিণ্ডাৰৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।