পঙ্কজ নাথ, চাংসাৰি, ১৩ আগষ্ট : ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ আমিনগাঁওটো ৭৩ তম স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে । তাৰেই পৰিপ্ৰেক্ষিততে আজি মঙ্গলবাৰে কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত স্বচ্চতাৰ অভিযান চলোৱা হয় । জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ কাৰ্যালয়ৰ চৌহদত চলোৱা হয় এই চাফাই অভিযান। এইবাৰ জিলা পৰিবহন কাৰ্যালয়ত তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰা হব। আজিৰ চাফাই অভিযানৰ পিছত কালিলৈ ১৪ আগষ্টত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এক গছপুলি ৰোপন কাৰ্যসূচী দিনৰ ১১ বজাত জিলা পৰিবহন বিষয়া কাৰ্যালয়ত অনুষ্ঠিত হব বুলি পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিছে । ১৫ আগষ্ট তাৰিখে পুৱা ৭:৩০ বজাত জিলা পৰিবহন কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হব বুলিও জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে । ইয়াৰ উপৰিও নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হব লগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পথ সুৰক্ষা সজাগতা অনুষ্ঠান আয়োজন কৰা হব বুলিও কামৰূপ প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে।
