শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম -অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ কোটাঘাটৰ আশংকা

অসম -অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ কোটাঘাটৰ আশংকা

স্বাধীনতা দিৱসৰ বাবে তৎপৰ আৰক্ষী

গণ বাৰ্তা, ফিল’বাৰী, ১৩ আগষ্ট : ৭৩ তম স্বাধীনতা দিৱসলৈ মাজত মাথো এটা দিন বাকী। উত্তৰ -পূবৰ নিষিদ্ধ ঘোষিত সংগঠন আলফাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য নিষিদ্ধ ঘোষিত সংগঠনে সমুহে ৭৩ সংখ্যক স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক অনুৰোধ জনোৱাত তৎপৰ হৈ পৰা দেখা গৈছে ফিল’বাৰী ,বৰডুমচা, পেঙেৰী আৰক্ষী থানাৰ লগতে বিজুলীবন আৰক্ষী চকী।উজনি অসমৰ আটাইতকৈ স্পৰ্শকাতৰ জিলা হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ অসম – অৰুণাচল সীমান্তৰৱতী অঞ্চলৰ বৰডুমচা, পেঙেৰী, ফিল’বাৰীত যাতে উত্তৰ পূৰ্বাঞ্চলৰ নিষিদ্ধ ঘোষিত কৰা সংগঠনে কোনো ধৰনৰ কুটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি আৰক্ষীয়ে চুকা দৃষ্টি ৰাখিছে। অসম অৰুণাচল সীমান্তৰ পৰা অহা সকলো বাহন, লগতে বৰডুমচা, পেঙেৰী ফিল’বাৰী অঞ্চলৰ চাহপাত কঢ়িয়াই নিয়া বাহনকো আদি কৰি সকলো ধৰনৰ ব্যক্তিগত বাহন দুচকীয়া বাহন সমুহক তন্ন তন্নকৈ তালাচী চলাইছে যাতে স্বাধীনতা দিৱসৰ দিনা অঞ্চলটোত কোনো ঠাইতে কুটাঘাট সংঘটিত নহয় তাৰ বাবে সকলো প্ৰকাৰে সষ্টম হোৱা দেখা পোৱা গৈছে আৰক্ষীক।