শেহতীয়া খবৰ
Home / আঞ্চলিক / জনীয়াৰ কালামপুৰত নাওঁ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৪ জনসহ মুঠ ৫ জন সন্ধানহীন

জনীয়াৰ কালামপুৰত নাওঁ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৪ জনসহ মুঠ ৫ জন সন্ধানহীন

গণবাৰ্তা,য’তিগাওঁ ১৩ আগষ্টঃ  ঈদৰ দিনা অৰ্থাৎ ১২ আগষ্টৰ আবেলি জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন কালামপুৰ গাঁৱত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। কালামপুৰ গাঁৱৰ পৰা কালামপুৰ চৰলৈ বেঁকী নৈৰ মাজেৰে গৈ থকা অৱস্থাত হঠাতে হোৱা ধুমুহাত  টুলুঙা নাও দুৰ্ঘটনা হৈ একেটা পৰিয়ালৰ ৪ জন সহ মুঠ ৫ জন লোক সন্ধানহীন হয়। অভিশপ্ত নাওঁখনত তিনিটা পৰিয়ালৰ মুঠ ১১ জন লোক কালামপুৰ গাঁৱৰ  পৰা কালামপুৰ চৰলৈ বেঁকী নৈৰ মাজেৰে যাত্ৰা কৰিছিল। কিন্তু বেঁকী নৈৰ মাজ ভাগ পোৱাৰ পিছতে প্ৰবল ধুমুহা হৈ নাওঁখন ডুব যায়। ইয়াৰে শিশু সহ ৬ জন লোক সাতুৰী চৰত গৈ নিজৰ জীৱন ৰক্ষা কৰে যদিও আব্দুল ছামাদ (৫০), চায়েদ আলী (৪৮), একৰাবুল হুছেইন (৭), ছানিয়াৰা খাতুন (৪) আৰু নাৰগীচ আকতাৰ (৭) এতিয়াও সন্ধানহীন হৈ আছে। কালি নিশা হোৱাৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাব পৰা নাছিল যদিও আজি পুৱাৰে এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই আছে যদিও বাতৰি লেখা পৰলৈকে এজন লোককো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এই হৃদয় বিদাৰক ঘটনাই অঞ্চল ব্যাপী গভীৰ শোঁকৰ ছাঁ পেলাইছে।