শেহতীয়া খবৰ
Home / আঞ্চলিক / দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড : ৰহস্যজনক ভাৱে জুইৰ সুত্ৰপাত হয় বাসগৃহত

দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড : ৰহস্যজনক ভাৱে জুইৰ সুত্ৰপাত হয় বাসগৃহত

বাইক, টকাৰ বাণ্ডিল,কাপোৰ,সোণ আদিকে ধৰি কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত


গণবাৰ্তা,দুধনৈ,১৩ আগষ্টঃ আজি বিয়লি প্ৰায় ৫ মান বজাত হথাৎ দুধনৈত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ৰহস্যজনক ভাৱে জুইৰ সুত্ৰপাত হয় এটা বাসগৃহ ৷ এই অগ্নিকাণ্ডত বাইক, টকাৰ বাণ্ডিল,কাপোৰ,সোণ আদিকে ধৰি কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত ৷ আৰক্ষীৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবা ঘন্টাৰ চেষ্টাৰ অন্তত নিৰ্বাপন কৰে জুই ৷ এই অগ্নিকাণ্ড সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আজি বিয়লি দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ দ্বিতীয় খণ্ডত সংঘটিত হোৱা এক ৰহস্যজনক ভয়ংকৰ অগ্নিকাণ্ডত এটা ঘৰ সম্পুৰ্ণৰূপে জাহ যোৱাৰ উপৰিও কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়৷ জানিব পৰা মতে, বাত্চা জী প্ৰসাদ নামৰ এজন কাপোৰৰ ব্যবসায়ীৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়৷ব্যৱসায়ী গৰাকীয়ে নিজৰ ছোৱালীৰ বিয়াৰ দিন ঠিক কৰাৰ বাবে যোৱা কালিয়ে পৰিয়াল সহ কলিকতালৈ যোৱাৰ ফলত ঘৰটোত কোনো মানুহ নাছিল৷ আজি বিয়লি হথাৎ ঘৰটো জুইৰ ক’লা ধোঁৱাই আৱৰি ধৰাৰ সমান্তৰাল ভাবে এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত ওচৰ চুবুৰীয়াৰ মাজত হাহাকাৰ লাগে আৰু লগেলগে দুধনৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ দুধনৈ আৰক্ষীয়ে খবৰ পোৱাৰ ল’গে ল’গে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত এদল আৰক্ষীয়ে অতি তৎপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীৰ লগত লগ হৈ জুই নুমাৱলৈ সক্ষম হোৱাৰ লগতে আন এটা চিলিণ্ডাৰ সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী জাহ যায়৷ ৰাইজৰ অভিযোগ ব্যৱসায়ী গৰাকীৰ ঘৰটোলৈ যোৱা কোনোধৰণৰ সুবিধাজনক পথ নথকাত জুই নিৰ্বাপনৰ বাবে অসুবিধাৰ সৃষ্টি হয়৷ ঘৰটোত কোনো মানুহ নথকাত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া সন্দেহৰ আৱৰ্তত৷ ইফালে এই অগ্নিকাণ্ডত ৫০০ টকাৰ কেইবাটাও বাণ্ডিলক লগতে, এখন বাইক, সোণৰ আ-অলংকাৰ, কাপোৰ আদিকে ধৰি ঘৰটোৰ ভিতৰত থকা সকলো সম্পত্তি জুইত ভস্মীভূত হয় ৷