শেহতীয়া খবৰ
Home / আঞ্চলিক / ৩১ আগষ্টত প্ৰকাশ পাবই লাগিব এন আৰ চি, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মুখ থেকেচা

৩১ আগষ্টত প্ৰকাশ পাবই লাগিব এন আৰ চি, উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মুখ থেকেচা

পুনৰীŽৰণৰ সম্ভাৱনীয়তা নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ  আধাৰ কাৰ্ডৰ দৰে গোপনীয় হ’ব এন আৰ চিৰ নথি


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ আগষ্টঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলসমূহত এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰি যি পুনৰীক্ষণৰ আবেদন উত্থাপন কৰিছিল সেই ক্ষেত্ৰত আজি সৰ্বোচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰি পুনৰীক্ষণৰ সম্ভাৱনীয়তা শেষ কৰে। আজি সৰ্বোচ্চ ন্যায়ালয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰীমনৰ আদালতে আজি শুনানি গ্ৰহণ কৰি ৩১ আগষ্টত এন আৰ চি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এন আৰ চিৰ সকলো তথ্য আধাৰ কাৰ্ডৰ দৰে গোপনীয় হ’ব বুলি ৰায় দিয়ে। উল্লেখ্য যে ৰাজ্য চৰকাৰে পুনৰীক্ষণৰ বাবে আবেদন কৰিছিল যদিও এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত পুনৰ পুনৰীক্ষণৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ৩১ আগষ্টত এন আৰ চি প্ৰকাশ কৰিবলৈ নিশ্চিত কৰি দিয়ে। ৩১ আগষ্টত প্ৰকাশ পাব লগা নাগৰিকপঞ্জীত অন্তৰ্ভুক্তসকলৰ নাম অনলাইনযোগে প্ৰকাশ হ’ব। আনহাতে বাদ পৰাসকলৰ নাম মাত্ৰ এবাৰহে প্ৰকাশ হ’ব। এন আৰ চিৰ তথ্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হাতত থাকিব। এন আৰ চিৰ সমন্বয়কৰ কাৰ্যালয়তো এই সকলো তথ্য থাকিব আৰু প্ৰতিখন জিলালৈ এন আৰ চিৰ হাৰ্ড কপি প্ৰেৰণ কৰা হ’ব। এন আৰ চিৰ অনলাইন অধিকাৰ থাকিব কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন আৰ চিৰ সমন্বয়কৰ হাতত। সন্দেহযুক্ত নাগৰিকৰ সন্তানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নাথাকিব।

ইয়াৰ উপৰি ঘোষিত বিদেশী আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা ব্যক্তিৰ সতি-সন্ততিৰ নাম এন আৰ চিত উল্লেখ নাথাকিব। এই ক্ষেত্ৰত ২০০৪ চনৰ ৩ ডিচেম্বৰৰ পূৰ্বে জন্ম গ্ৰহণ কৰা লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা হ’ব। অৰ্থাৎ যিসকলে ২০০৪ চনৰ ৩ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত উল্লেখ নাথাকিব। দীৰ্ঘদিন ধৰি এন আৰ চিক লৈ শাসকীয় বিজেপি আৰু আৰ এছ এছকে ধৰি সংঘ পৰিয়ালে সীমান্ত অঞ্চলত ১২ শতাংশতকৈও অধিক বিদেশীয়ে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগ উত্থাপন কৰি সীমান্ত অঞ্চলৰ ২০ শতাংশ নথিৰ পুনৰ পুনৰীক্ষণৰ দাবী উত্থাপন কৰি আহিছিল যদিও আজি সৰ্বোচ্চ ন্যায়ালয়ে পুনৰীক্ষণ নহয় বুলি নিশ্চিত কৰাৰ পিছতে ৩১ আগষ্টত এন আৰ চি প্ৰকাশৰ পথ একপ্ৰকাৰ নিশ্চিত হৈ পৰিল। লক্ষণীয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে এই দাবী উত্থাপন কৰিছিল যদিও এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ইতিমধ্যে ২৮ শতাংশ পুনৰীক্ষণৰ কাম সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি আৰু পুনৰ পুনৰীক্ষণৰ প্ৰয়োজন নাই বুলি পূৰ্বৰ শুনানিত সৰ্বোচ্চ ন্যায়ালয়ে জানিবলৈ দিছিল। ৰাজ্যিক সমন্বয়কগৰাকীৰ এই মন্তব্যৰ পিছতে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে প্ৰতীক হাজেলাক আক্ৰমণ কৰি বিশ্বাসঘাতক আখ্যা দিছিল। উল্লেখ্য যে বিজেপি আৰু সংঘ পৰিয়ালে একমাত্ৰ হিন্দু বাংলাদেশীৰ স্বাৰ্থতেই পুনৰীক্ষণৰ নামত এন আৰ চি পিছুৱাই দিবলৈ চেষ্টা অব্যাহত ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। পূৰ্বেও নিৰ্বাচনৰ সময়ত আলিপুৰদুৱাৰত অমিত শ্বাহে প্ৰথমে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতহে এন আৰ চি হ’ব বুলি হুংকাৰ প্ৰদান কৰিছিল।

এনে অৱস্থাত শেহতীয়াভাৱে পুনৰীক্ষণৰ নামত ৩০ হাজাৰতকৈও অধিক লোকক ২৪ ঘণ্টাৰ ভিতৰত উপস্থিত হোৱাৰ জাননী দি যি হাৰাশাস্তিৰ সৃষ্টি কৰিছিল সেয়াও অন্ত পৰাৰ দিশলৈ গতি কৰিব। কাৰণ ১৬টা দিনৰ পিছতেই ৮৫৫জন শ্বহীদৰ তেজৰ বিনিময়ত লাভ কৰা এন আৰ চিৰ দাবী সাৰ্থক হোৱাৰ দিশত গতি কৰিব। আছু, এ পি ডব্লিউ, আমছুকে ধৰি বিভিন্ন সংগঠনে পুনৰীক্ষণ নালাগে বুলি দাবী জনাই থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে এন আৰ চি প্ৰক্ৰিয়াত বিলম্বিত কৰাৰ লক্ষ্যৰে যি পুনৰীক্ষণৰ দাবী উত্থাপন কৰিছিল সেই ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ে লোৱা সিদ্ধান্তৰ পিছতে এতিয়া ৩১ আগষ্টত এন আৰ চি প্ৰকাশ নিশ্চিত হৈ পৰিল।