শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / দূৰ্দিনৰে গতি কৰিছে দেশৰ অটোমোবাইল কোম্পানী, ১৯ বছৰৰ পিছত সৰ্বাধিক সংকটৰ সন্মুখীন অটোমোবাইল কোম্পানী

দূৰ্দিনৰে গতি কৰিছে দেশৰ অটোমোবাইল কোম্পানী, ১৯ বছৰৰ পিছত সৰ্বাধিক সংকটৰ সন্মুখীন অটোমোবাইল কোম্পানী

ৰপ্তানী-বিক্ৰী স্তব্ধ দেশত, হেৰুৱাব পাৰে চাকৰি হাজাৰ হাজাৰ কৰ্মচাৰীয়ে


নতুন দিল্লী, ১৩ আগষ্টঃ ১৯ বছৰৰ পিছত ভয়ংকৰ সংকটৰ দিশেৰে গতি কৰিছে দেশৰ অটোমোবাইল কোম্পানীসমূহ। অটোমোবাইল কোম্পানীসমূহে নিৰ্মাণ কৰি উলিওৱা বাহনসমূহৰ বিক্ৰী তথা ৰপ্তানি নোহোৱাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। ইমানেই নহয়, বহু অটোমোবাইলৰ ডীলাৰ ইতিমধ্যে বন্ধ কৰি দিবলৈ বাধ্য হৈছে। ফলত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া হৈছে। দুটা দশকৰ ভিতৰত প্ৰথমবাৰলৈ যাত্ৰীবাহী গাড়ীৰ বিক্ৰী ৩০.৯৮ শতাংশলৈ হ্ৰাস পাইছে। চলিত বৰ্ষৰ জুলাই মাহত ৩০.৯৮ শতাংশলৈ যাত্ৰীবাহী গাড়ীৰ বিক্ৰী হ্ৰাস পাইছে। এই কথা আজি উল্লেখ কৰিছে ছ’চাইটী অৱ ইণ্ডিয়া অটোমোবাইল মেনুফেক্সাৰাৰ্চ (এছআইএএম)এ। সংগঠনটোৱে আজি প্ৰকাশ কৰা অনুসৰি জুলাই মাহত অটোমোবাইল কোম্পানীসমূহে ২,০০,৭৯০খন যাত্ৰীবাহী বাহন বিক্ৰী কৰিছে। কিন্তু বিগত বৰ্ষৰ এই মাহতেই বিক্ৰী কৰা বাহনৰ সংখ্যা আছিল ২,৯০,৩৯১ খন।

আনহাতে জুলাই মাহত যাত্ৰীবাহী কাৰৰ বিক্ৰী ৩৫.৯৫ শতাংশলৈ হ্ৰাস পাইছে। সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা জুলাই মাহত ৬৭,০৩০ খন বাহন বিক্ৰী হৈছে। কিন্তু যোৱা বৰ্ষৰ জুলাই মাহত বিক্ৰী হোৱা ইয়াৰ সংখ্যা আছিল ৭৯,০৬৭খন। ১৯ বছৰৰ পিছত প্ৰথমবাৰলৈ ভাৰতত অভাৱনীয় হাৰত হ্ৰাস পাইছে বাহন বিক্ৰীৰ সংখ্যা। ২০০০ চনত চলিত বৰ্ষৰ দৰে বাহন বিক্ৰীৰ পৰিমাণ অভাৱনীয় হাৰত হ্ৰাস পোৱা দেখা গৈছিল। সংগঠনটোৱে যাত্ৰীবাহী বাহনৰ পৰা শীঘ্ৰে জিএছটি হ্ৰাস কৰাৰ দাবী জনাইছে চৰকাৰৰ ওচৰত। সংগঠনটোৱে দাবী কৰা অনুসৰি জিএছটিৰ পৰিমাণ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিব লাগে। যদিহে এনে কৰা নহয় তেন্তে ইয়াৰ প্ৰভাৱ পৰিব অটোমোবাইল কোম্পানীসমূহৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ওপৰত। হেৰুৱাবলগীয়া হ’ব পাৰে হাজাৰ কৰ্মচাৰীয়ে চাকৰি।

ইতিমধ্যে ভাৰতত বৃহৎ কাৰ নিৰ্মাতা কোম্পানী মাৰুতি ছুজুকিয়ে ৬ শতাংশ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিছে। শেহতীয়াকৈ নিচান ইণ্ডিয়াই ১,৭১০জন কৰ্মচাৰীক কামৰ পৰা বৰ্খাস্ত কৰিছে। এতিয়া দেশৰ প্ৰখ্যাত অটোমোবাইল কোম্পানীসমূহে একত্ৰিত হৈ চৰকাৰৰ পৰা সহায় বিচাৰিবলৈ বাধ্য হৈছে। ইতিমধ্যে কোম্পানীসমূহে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰিছে বুলি জানিব পৰা গৈছে।