শেহতীয়া খবৰ
Home / আঞ্চলিক / স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ অভ্যৰ্থনালৈ নিমন্ত্ৰিত ডাঃ ইলিয়াছ আলী

স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ অভ্যৰ্থনালৈ নিমন্ত্ৰিত ডাঃ ইলিয়াছ আলী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ আগষ্টঃ  দেশৰ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অহা ১৫ আগষ্টত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এক বিশেষ অভ্যৰ্থনাৰ আয়োজন কৰিছে। ‘এট হোম ৰিচেপচন’ শীৰ্ষক উক্ত অনুষ্ঠানত ভাগ ল’বৰ বাবে অসমৰ পৰা ডাঃ ইলিয়াছ আলী আৰু তেওঁৰ পত্নী ছায়েৰা বানু বেগমক পত্ৰযোগে ৰাষ্ট্ৰপতিয়ে নিমন্ত্ৰণ জনাইছে। ১৫ আগষ্টৰ দিনা ৰাষ্ট্ৰপতি ভৱনৰ কালচাৰেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া উক্ত বিশেষ অভ্যৰ্থনা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো গণ্যমান্য ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে জন্ম নিয়ন্ত্ৰণৰ লগতে বিশেষভাৱে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত পুৰুষৰ বন্ধ্যাকৰণৰ দিশত সজাগতা সৃষ্টি আৰু বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত অসমত আগবঢ়োৱা অৰিহণাৰ স্বীকৃতিস্বৰূপে ডাঃ ইলিয়াছ আলী ইতিপূৰ্বে ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )