শেহতীয়া খবৰ
Home / আঞ্চলিক / মহানগৰ / ২০ প্ৰয়াত শিল্পী  পৰিয়াললৈ এককালীন সাহায্যৰ ঘোষণা

২০ প্ৰয়াত শিল্পী  পৰিয়াললৈ এককালীন সাহায্যৰ ঘোষণা

১৪ শিল্পী  পৰিয়াললৈ পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ

মহানগৰ প্ৰতিবেদক, ১৪ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ৰাজ্য চৰকাৰে প্ৰয়াত ২০জন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা কৰিছে। মঙলবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰয়াত বিশজন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বিশজন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য স্বাধীনতা দিৱসৰ দিনা ৰাজ্য চৰকাৰে আগবঢ়াব।

প্ৰতিটো শিল্পীৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে সাংস্কৃতিক বিভাগে। এককালীন সাহায্য লাভ কৰা সাংস্কৃতিক পৰিয়ালসকলৰ ভিতৰত আছে প্ৰয়াত দুৰ্লভ চন্দ্ৰ শইকীয়া (শোণিতপুৰ), প্ৰয়াত বিপুল বশিষ্ঠ গোস্বামী (নলবাৰী), প্ৰয়াত কৰুণাকান্ত দাস (নলবাৰী), প্ৰয়াত তপন বৰদলৈ (গুৱাহাটী), প্ৰয়াত দিলীপ নায়ক (কামৰূপ গ্ৰাম্য), প্ৰয়াত অধ্যাপক শৈলেন শইকীয়া (গুৱাহাটী), প্ৰয়াত বিষু্ণপ্ৰসাদ বৰুৱা (কামৰূপ মহানগৰ), প্ৰয়াত অৰুণ কাকতি (মাজুলী), প্ৰয়াত প্ৰসন্ন ভূঞা (নগাঁও), প্ৰয়াত আজিম হাজৰিকা (গুৱাহাটী), প্ৰয়াত কৃতী কুমাৰ শৰ্মা (বিশ্বনাথ), প্ৰয়াত সৰ্বেশ্বৰ মেধী (নলবাৰী), প্ৰয়াত গদাধৰ দাস সূত্ৰধৰ (বৰপেটা), প্ৰয়াত অনন্তৰাম দাস (বৰপেটা), প্ৰয়াত প্ৰদীপ দত্ত (কামৰূপ গ্ৰাম্য), প্ৰয়াত অজিত ভূঞা (কামৰূপ গ্ৰাম্য), প্ৰয়াত শিৱপ্ৰসাদ ঠাকুৰ (কামৰূপ মহানগৰ), প্ৰয়াত ৰমণী খাউণ্ড (যোৰহাট), প্ৰয়াত হৰেশ্বৰ পাঠক (নলবাৰী) আৰু তৰুণ চন্দ্ৰ দাস (গুৱাহাটী)ৰ পৰিয়াললৈ স্বাধীনতা দিৱসৰ দিনাখনেই ৰাজ্য চৰকাৰে এককালীনভাৱে ৫০ হাজাৰ টকাকৈ আগবঢ়াব।

আনহাতে মঙলবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে শিল্পী পৰিয়াল পেঞ্চনৰো ঘোষণা কৰিছে। ১৪জন শিল্পীৰ পৰিয়ালক ৰাজ্য চৰকাৰে প্ৰতিমাহে ৪ হাজাৰ টকাকৈ শিল্পী পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে সাংস্কৃতিক বিভাগে। শিল্পী পৰিয়াল পেঞ্চন লাভ কৰাসকলৰ ভিতৰত আছে ৰীণা বৰুৱা (কামৰূপ মহানগৰ), নিকুঞ্জ মহন্ত (নগাঁও), গিৰিজা দাস (গুৱাহাটী), অবলা বৰ্মন (নলবাৰী), বিবাৰী বসুমতাৰী (কোকৰাঝাৰ), কমলা খাউণ্ড (মাজুলী), মমতা হাজৰিকা (বিশ্বনাথ), গন্ধেশ্বৰী দেৱী (দৰং), ৰেখা দাস (কামৰূপ গ্ৰাম্য), দময়ন্তী তালুকদাৰ (বৰপেটা), ৰেণু ডেকা (কামৰূপ গ্ৰাম্য), কচিৰমা বৰুৱা (শোণিতপুৰ), কাঞ্চনা কলিতা (নলবাৰী) আৰু লাৱণ্য বৰা (নগাঁও)ৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে প্ৰতিমাহে ৪ হাজাৰ টকাকৈ শিল্পী পেঞ্চন আগবঢ়াব। ১৫ আগষ্টৰ পৰা এই শিল্পী পেঞ্চন আগবঢ়াব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে।