শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / সেনা বাহিনীৰ পৰা চাটাই হ’ব পাৰে ২৭০০০ সেনা

সেনা বাহিনীৰ পৰা চাটাই হ’ব পাৰে ২৭০০০ সেনা

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা  বাহিনীত ব্যয় কমোৱাৰ লŽক্ষ্য

নতুন দিল্লী, ১৩ আগষ্টঃ ৰে’ল বিভাগৰ পিছত প্ৰতিৰক্ষা বিভাগত ব্যয় কমোৱাৰ লক্ষ্য আগত লৈ কেন্দ্ৰীয় চৰকাৰে সেনাবাহিনীৰ পৰা ২৭,০০০ সেনা চাটাই কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। যিকোনো মুহূৰ্ততে কেন্দ্ৰীয় চৰকাৰে চাটাই কৰিব পাৰে সেনাৰ ২৭ হাজাৰ জোৱানক। চলিত বৰ্ষত সেনাৰ বাবে আবণ্টিত মুঠ বাজেটৰ পৰিমাণ আছিল ৩.১৮ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে সেনাবাহিনীৰ পৰা ২৭ হাজাৰ জোৱানক চাটাই কৰি ১৬ হাজাৰ কোটি টকা ৰাহি কৰাৰ লক্ষ্য আগত লৈছে। উল্লেখযোগ্য যে বৰ্তমান সময়ছোৱাত ১২.৫০ লাখ জোৱান নিয়োজিত হৈ আছে সেনাবাহিনীত। যিসকল জোৱানক মাহেকীয়া দৰমহাৰ লগতে অন্যান্য সা-সুবিধা প্ৰদানৰ নামত বৃহৎ পৰিমাণৰ ধন বছৰি খৰচ হৈ আহিছে, সেই খৰচ ৰোধ কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰে’ল বিভাগৰ পৰাও বহু কৰ্মচাৰীক চাটাই কৰাৰ লক্ষ্য আগত লৈছে। তেনে সময়ছোৱাতেই সেনাবাহিনীৰ পৰাও সেনা জোৱান চাটাই কৰাৰ লক্ষ্য আগত লোৱাৰ ঘটনাই বৃহৎ চৰ্চা লাভ কৰিছে। বৰ্তমান সময়ছোৱাত সেনাৰ ১.৭ লাখ বিষয়া আৰু জোৱান, মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ, বোৰ্ডাৰ ৰোড্ছ অৰ্গেনাইজেচন, সৈনিক ¦³¨ল আদিত নিয়োজিত হৈ আছে।