শেহতীয়া খবৰ
Home / আঞ্চলিক / তিনি তালাকৰ বিৰুদ্ধে থানাত মহিলাৰ গোচৰ

তিনি তালাকৰ বিৰুদ্ধে থানাত মহিলাৰ গোচৰ

গণ বাৰ্তা, ছয়গাঁও ১৪ আগষ্টঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বি জে পি চৰকাৰে তিনি তালাকৰ লোৱাৰ সময়তে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰাত এগৰাকী বোৱাৰীক তিনি তলাক দি স্বামী গৃহৰ পৰা উলিয়াই দিয়াৰ বাতৰি পোৱা গৈছে। উপায়ন্তৰ হৈ হাচনাহাৰা পাৰবিন নামৰ বোৱাৰী গৰাকীয়ে ছয়গাঁও আৰক্ষী থানাত স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মঙ্গলবাৰে নিশা এজাহাৰ দাখিল কৰিছে। বোৱাৰী গৰাকীৰ অভিমতে প্ৰায় ডেৰ বছৰ পূৰ্বেই গৰৈমাৰী বিহাপাৰাৰ শিক্ষক পিতৃ হাচমত আলিৰ নিৰ্দেশত পুত্ৰ জয়নাল আবেদিনে পত্নীক তিনি তালাক দি স্বামীগৃহৰ পৰা উলিয়াই দিছিল |

নিৰ্যাতিত বোৱাৰী গৰাকীয়ে তেতিয়া স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষীৰ ওচৰ চাপে যদিও মহিলা গৰাকীয়ে তাৰ পৰা কোনো সুফল নাপালে ।ডেৰ বছৰ পিতৃগৃহত থকাৰ পিছতো কোনো ন্যায় নাপায় পুনৰ ৫ আগষ্টত মহিলা গৰাকী স্বামী গৃহলৈ যায়। পিছে উক্ত দিনাই শিক্ষক পিতৃৰ নিৰ্দেশ ত জয়নাল আৱেদিনে পত্নী হাচনাহাৰা ক তিনি তালাক দিয়ে। অভিযোগ মতে তাৰপিছতে গৰৈমাৰী আৰক্ষীৰ সহযোগত বোৱাৰী গৰাকীক নিশাই স্বামী গৃহৰ পৰা উলিয়াই দিয়ে ।

প্ৰধান মন্ত্ৰী মোডীৰ বলিষ্ঠ পদক্ষেপত ইছলাম ধৰ্মৰ তিনি তালাক নিষিদ্ধ হোৱাৰ পিছতো আকৌ শিক্ষক পিতৃয়ে পুতেকৰ দ্বাৰা তিনি তালাক দি বোৱাৰীগৰাকীক ঘৰৰ পৰা উলিয়াই দিয়া কাৰ্যৰ বিৰুদ্ধে অৱশেষত বোৱাৰীগৰাকী ছয়গাও আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰে।এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৭৫৩/১৯ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি বিষয়টোৰ অনুসন্ধান অব্যাহত ৰাখিছে ।