শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / চন্দ্ৰযান-২ৰ পৃথিৱীৰ কক্ষপথ অতিক্ৰম

চন্দ্ৰযান-২ৰ পৃথিৱীৰ কক্ষপথ অতিক্ৰম

বেংগলুৰু, ১৪ আগষ্টঃ ভাৰতৰ দ্বিতীয় চন্দ্ৰযাত্ৰা বা চন্দ্ৰযান-২ৰ অভিযান প্ৰতি দিনে সফলভাৱে আগবঢ়াৰ পিছত আজি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বেংগলুৰু কাৰ্যালয়ে ঘোষণা কৰিছে যে পৃথিৱীৰ কক্ষপথ আজি নিচেই পুৱাতে অতিক্ৰম কৰিছে। চন্দ্ৰযান-২ৰ উৎক্ষেপণ কৰা আজি ২৩ দিন সম্পূৰ্ণ হ’ল।

চন্দ্ৰযান-২য়ে নিজৰ অভিযান সফল কৰাৰ লক্ষ্যত ক্ৰমে চন্দ্ৰৰ কাষ চাপি গৈছে বুলি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ এক বিবৃতিত আজি প্ৰকাশ পায়। আজি পৃথিৱীৰ কক্ষপথৰ পৰা ওলাই চন্দ্ৰযান-২য়ে চন্দ্ৰৰ কক্ষপথৰ পৰিসীমাত প্ৰৱেশ কৰাৰ পথত পৰিভ্ৰমণ আৰম্ভ কৰিছে।