শেহতীয়া খবৰ
Home / ক্ৰীড়া / ক্ৰিকেটক বিদায় জনালে ক্ৰিছ গেইলে

ক্ৰিকেটক বিদায় জনালে ক্ৰিছ গেইলে

‘দ্য ইউনিভাৰ্ছ বছ’ৰ উল্লেখযোগ্য বিশ্ব অভিলেখ


নতুন দিল্লী,১৪ আগষ্টঃ ‘দ্য ইউনিভাৰ্ছ বছ’ ক্ৰিছ গেইলে আজি নিজৰ অন্তিমখন আন্তৰ্জাতিক মেচ খেলিছে। তেওঁ আইচিচি বিশ্বকাপৰ আগতেই এই ঘোষণা কৰিছিল যে তেওঁ ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পিছত আৰু ক্ৰিকেট নেখেলে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ইতিমধ্যে টি-২০ শৃংখলা অনুষ্ঠিত হৈছে। আজি বুধবাৰে এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ। ইয়াৰ পিছত টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব।

ক্ৰিছ গেইলক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই কথা স্পষ্ট যে তৃতীয় এদিনীয়া খেলাৰ পিছতে গেইলৰ আন্তৰ্জাতিক কেৰিয়াৰো স্তব্ধ হ’ব। অৱশ্যে তেওঁ আইপিএলৰ দৰে টি-২০ লীগ খেলি থাকিব। ৩৯ বছৰীয়া ক্ৰিছ গেইল কেৱল বিশ্বৰ সবাতোকৈ বিস্ফোৰক বেটছমেন হিচাপেই প্ৰসিদ্ধ নহয়, বৰং তেওঁৰ জনপ্ৰিয়তাও সৰ্বাধিক।

ক্ৰিছ গেইলৰ নামত কমেও ২৫টা বিশ্ব অভিলেখ আছে।

ইয়াৰে উল্লেখযোগ্য হৈছে– (১) ক্ৰিছ গেইল বিশ্বৰ এনে এজন প্ৰথম খেলুৱৈ যি ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰিছে। (২) গেইল একমাত্ৰ খেলুৱৈ যি টেষ্টত তৃতীয়টো শতক, এদিনীয়াত দ্বিশতক আৰু টি-২০ত শতক অৰ্জন কৰিছে। (৩) তেওঁ একমাত্ৰ খেলুৱৈ যি আইচিচি ১৯ অনুধৰ্ব বিশ্বকাপ, আইচিচি বিশ্ব টি-২০, আইচিচি ক্ৰিকেট বিশ্বকাপ (৫০ অভাৰ), আইচিচি চেম্পিয়নছ ট্ৰফী আৰু আইচিচি ক্ৰিকেট বিশ্বকাপৰ কোৱালিফায়াৰত শতক অৰ্জন কৰিছে। (৪) পৃথিৱীৰ প্ৰথমজন খেলুৱৈ যি টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰিছে। (৫) ক্ৰিছ গেইলে টি-২০ বিশ্বকাপত দ্বিশতক অৰ্জন কৰা প্ৰথম আৰু একমাত্ৰ খেলুৱৈ।