শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | পাহৰণিৰ গৰ্ভত প্ৰাক স্বাধীনতা কালৰ অসম বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ মৌলবী আমিৰ উদ্দিন

বিশেষ নিউজ ৰিপ’ৰ্ট | পাহৰণিৰ গৰ্ভত প্ৰাক স্বাধীনতা কালৰ অসম বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ মৌলবী আমিৰ উদ্দিন

অসমক ভাৰতৰ লগত থকাৰ সপক্ষে ভোটদান কৰা নেতাৰ পৰিয়াল এতিয়া আৰ্থিক দৈন্যতাত ভুগিছে


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৪ আগষ্টঃ
  সমগ্ৰ ভাৰতবৰ্ষই ৭৩ সংখ্যক স্বাধীনতা দিৱসটি উলহ মাহলেৰে তিনিদিনীয়কৈ পালন কৰি থকাৰ সময়তে প্ৰাক স্বাধীনোত্তৰ কালৰ অসম বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ মৌলবী মহম্মদ আমিৰ উদ্দিনৰ পৰিয়াল ৰজা ঘৰ-প্ৰজা ঘৰৰ দ্বাৰা চৰম উপেক্ষিত হৈ থাকিব লগীয়া হৈছে। অবিভক্ত নগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত কালিকাজুৰিত জন্ম গ্ৰহণ কৰা মৌলবী আমিৰ উদ্দিনে পৰৱৰ্তী সময়ত নগাঁও চহৰৰ ফৌজদাৰী পট্টিত পৰিয়ালসহ স্থায়ী ভাবে থিতাপি লৈছিল। তেওঁ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ হোৱাৰ ওপৰিও আইনজ্ঞও আছিল। তেওঁ দীৰ্ঘদিন নগাঁও আদালতত উকালতি কৰিছিল। কংগ্ৰেছ দলৰ লগত জৰিত হৈ ৰাজনীতি আৰম্ভ কৰা মৌলবী আমিৰ উদ্দিনে পৰৱৰ্তী সময়ত মুছলিম লীগৰ লগত জৰিত হৈ পৰে যদিও পৰৱৰ্তী সময়ত পুণৰ কংগ্ৰেছৰ লগত জড়িত হৈ পৰে।
১৯৩৭ চনত নগাঁও মহম্মদীয়ান(পূৱ) সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰথমে ছাৰ ছৈয়দ ছাদুল্লাহ আৰু পৰৱৰ্তী সময়ত গোপীনাথ বৰদলৈ চৰকাৰৰ দিনত বিধান সভাৰ প্ৰথম গৰাকী উপাধ্যক্ষ হিচাপে ৯ বছৰ কাল অৰ্থাৎ ১৯৪৬ চনলৈ এই পদত অধিষ্ঠিত হৈ আছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ ক্ষেত্ৰত এই গৰাকী ৰাজনীতিবিদৰ ভুমিকা আছিল অতি গুৰুত্বপূৰ্ণ। মহা মানৱ মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা সংগ্ৰামৰ  আন্দোলনত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰিছিল তেওঁ। প্ৰাক স্বাধীনতা কালৰ অসম বিধান সভাৰ উপাধ্যক্ষ হৈ থাকিও বৃটিছ বিৰোধী স্থিতিত অটল থাকি এইগৰাকী সংখ্যালঘু ৰাজনৈতিক নেতাই এক উজ্জ্বল চানেকি ৰাখি গৈছে।
উল্লখ্য যে, তেওঁ চাদুল্লা মন্ত্ৰী সভাৰ সময়ত বিধান সভাৰ উপাধ্যক্ষ আছিল। গুৰুত্বপূৰ্ণ আৰু গৌৰৱৰ বিষয় এই যে ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত অসমখন ভাৰতবৰ্ষৰ লগত থাকিব নে পূৱ পাকিস্তানৰ(বৰ্তমানৰ বাংলাদেশ) লগত থাকিব তাৰ বাবে প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ নেতৃত্বাধীন চৰকাৰে অসম বিধান সভাত অসমখন ভাৰতৰ লগত থকাৰ সপক্ষে ভোটদান কৰি এক ইতিহাস সৃষ্টি কৰিছিল। মুছলিম লীগৰ প্ৰস্থাৱ প্ৰত্যাখ্যান কৰি এই গৰাকী সংখ্যালঘূ নেতাই গ্ৰহণ কৰা স্থিতি নৱ প্ৰজন্মৰ ভাবে নিশ্চিত ভাবে এক প্ৰেৰণাদায়ক বিষয়। অসমখনক মনে প্ৰাণে ভাল পোৱা এগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ বংগীয় মুলৰ এই গৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালে আজি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। চাদুল্লা চৰকাৰৰ দিনৰ আৰু গোপীনাথ বৰদলৈৰ শাসন কালত বিধান সভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বিশিষ্ট স্বাধীনতা সংগ্ৰামী গৰাকী আজি পাহৰনিৰ অটল গহ্বৰত। তেওঁৰ লগতে তেওঁৰ পৰিয়ালক ৰজা ঘৰ-প্ৰজা ঘৰ ওভয়ে পাহৰিলে।

আজি তেওঁৰ পৰিয়াল আৰ্থিক দৈন্যতাত ভুগিছে। নগাঁৱৰ ফৌজদাৰী পট্টিত এটা আচাম টাইপৰ এটা ঘৰ আজিও বিদ্যমান। বৰ্তমান তেওঁৰ পৰিয়ালৰ লোকে এই পুৰণি ঘৰটোকে অলপ চুন তেল হানি সজাই পৰাই তুলিছে আৰু এই ঘৰৰ সন্মুখ ভাগত এটা সৰু ইলেকট্ৰনিক সা-সৰঞ্জামৰ দোকান দি পৰিয়ালটো কোনো মতে পোহপাল দি আহিছে। কিন্তু তেওঁ লোকৰ খবৰ লবলৈ আজি কাৰোৱেই আহৰি নাই।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )