শেহতীয়া খবৰ
Home / আঞ্চলিক / স্বচ্ছতাৰ অন্য এক নিদৰ্শন ভেল্লা গাওঁ পঞ্চায়তঃ স্বাধীনতা দিৱস উপলক্ষে গছপুলি ৰোপন আৰু চাফাই অভিযান

স্বচ্ছতাৰ অন্য এক নিদৰ্শন ভেল্লা গাওঁ পঞ্চায়তঃ স্বাধীনতা দিৱস উপলক্ষে গছপুলি ৰোপন আৰু চাফাই অভিযান

আজিজুল হক, ভেল্লাঃ স্বচ্ছতা-পৰিস্কাৰ পৰিচন্নতাৰ অন্য এক নিদৰ্শন হিচাপে পৰিগণিত হৈছে বৰপেটাৰ ১ নম্বৰ ভেল্লা গাওঁ পঞ্চায়তৰ কাৰ্য্যলয় । স্বচ্ছতাৰ ক্ষেত্ৰত এক সুন্দৰ, মনোগ্ৰাহীয় পৰিবেশে বিৰাজ কৰিছে পঞ্চায়ত কাৰ্যলয়টোৰ চৌদিশ। পঞ্চায়ত সভানেত্ৰী আফিয়া বেগমৰ তৎপৰতাত কাৰ্যলয়টোৰ বাহিৰ ভিতৰ চৌদিশ দৃষ্টিনন্দন হৈ পৰিছে। সেইজীয়াকৰণৰ লক্ষ্যৰেও কাৰ্যালয়ৰ চৌদিশে গছপুলি ৰোপনৰ পদক্ষেপ লৈছে সভানেত্ৰী গৰাকীয়ে। দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কালিও পঞ্চায়ত কাৰ্যলয়টোৰ চৌদিশত চাফাই অভিযান চলোৱা হয়। বিভিন্ন কাৰ্য্যসূচীৰ অন্তত পঞ্চায়তটোৰ সভানেত্ৰী, সদস্য, সদস্যা তথা বিষয়া-কৰ্মচাৰীসকলে আজি ৰাতিপুৱা ৯ বজাত চাফাই অভিযান চলাই গছপুলি ৰোপন আৰু কিছু সংখ্যক লোকৰ মাজত গছপুলি বিতৰণ কৰে। পঞ্চায়তটোৰ স্বচ্চতা বাহাল ৰখাৰ ক্ষেত্ৰত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু বৰপেটা খণ্ড উন্নয়ন বিষয়া মিনাৰ্ভা দেৱী আৰাম্বামৰ সহযোগীতাক স্বীকাৰ কৰে সভানেত্ৰী আফিয়া বেগমে। বাহঁৰে নিৰ্মিত বেৰৰ ভিতৰত ফুল, ফল, গছ গছনিৰে এক জাকজমকতাৰ পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা পঞ্চায়তটোক স্বচ্ছতাৰ ক্ষেত্ৰত এক আদৰ্শ পঞ্চায়ত হিচাপে স্বীকৃতি দিয়াৰ আহ্বান জনাইছে সচেতন মহলে। উল্লেখ যে পঞ্চায়তটোত অহা ১৫ আগষ্টত উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা হ’ব।