শেহতীয়া খবৰ
Home / আঞ্চলিক / দেউকণ ট্ৰফী ফুটবলত বিজয়ী হৈ সুব্ৰত কাপলৈ যোগ্যতা অৰ্জন কৰা ফুটবল দলক সম্বৰ্ধনা

দেউকণ ট্ৰফী ফুটবলত বিজয়ী হৈ সুব্ৰত কাপলৈ যোগ্যতা অৰ্জন কৰা ফুটবল দলক সম্বৰ্ধনা

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই অনা বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলক আজি বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ দেউকণ ট্ৰফী আন্তঃ জিলা স্কুল ফুটবলত বিজয়ী হৈ চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলে। ২৫ জুলাইত গুৱাহাটীৰ ছাই খেলপথাৰত অনুষ্ঠিত দেউকণ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ডিব্ৰুগড়ৰ ঔফুলীয়া হাইস্কুলক ২-১ গ’লত পৰাস্ত কৰি বিজয়ী খিতাপ দখল কৰাৰ লগতে দিল্লীত অনুষ্ঠিত হ’বলগীয়া সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় চৰাইদেউ জিলাৰ এই দলটো। ফুটবল দলটোৰ এই সাফল্যত আজি দলটোৰ খেলুৱৈ সকলক উৎসাহিত কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰে।
বিদ্যালয় কৰ্তৃপক্ষৰ লগতে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ফুটবল দলটোক। দলটোৰ সদস্যসকল ক্ৰমে বিকাশ বসুমতাৰী (দলপতি), টুটুমণি বড়া (গ’লকিপাৰ), দেৱজিৎ দত্ত, মনেশ্বৰ মাহেলা, মানস গগৈ, বিজয় কছাৰী, দ্বীপ গগৈ, দ্বীপ তাঁতী, শিলা তাঁতী, আদিত্য খাকলাৰী, শিৱম পাতৰ, পদুম বাতৰি, বিকাশ ৰজা, ৰাধে শ্যাম, ৰোহন তাঁতী, জিতু ভুঁই আৰু দলটোৰ প্ৰশিক্ষক দুলাল বৰ্মনক সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষৰ লগতে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা। বিদ্যালয় খনৰ অধ্যক্ষা জুৰি দেৱী ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মাণিক গগৈ, শাৰীৰিক প্ৰশিক্ষক ললিত চাবুকধৰা, বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষা ৰোহিনী গগৈ, শিক্ষক শৰৎ গগৈয়ে ভাষণ প্ৰদান কৰায় লগতে সাংবাদিক গৌতম গগৈ, হানচেং কোঁৱৰ, ৰফিক আহমেদ, অভিজিৎ ভূঞা, বিজু পালৰ লগতে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক প্ৰশান্ত দত্ত, চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ নিতুল গগৈ, অমিত দত্ত, দিলীপ বৰা, সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৌশিক গগৈৰ লগতে যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত থাকে। ইফালে বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৰ এই সাফল্যত উৎফুল্লিত হৈ উঠাৰ লগতে আগন্তুক সুব্ৰত কাপত সফলতা কঢ়িয়াই আনিব বুলি আশা কৰিছে জিলাখনৰ ক্ৰীড়ানুৰাগীসকল।