শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানলৈ ‘বীৰ চক্ৰ’

বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানলৈ ‘বীৰ চক্ৰ’

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ঘোষণা


নতুন দিল্লী, ১৪ আগষ্টঃ
স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিলে ‘বীৰ চক্ৰ’ প্ৰাপকৰ নাম। প্ৰতিৰক্ষা মন্ত্ৰালয়ে বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানলৈ বীৰ চক্ৰ প্ৰদানৰ কথা আজি ঘোষণা কৰিছে। ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনা এইগৰাকী উইং কমাণ্ডাৰক বীৰ চক্ৰৰে সন্মানিত কৰিব ভাৰত চৰকাৰে। উল্লেখ্য যে অভিনন্দনে বালাকোটত হোৱা এয়াৰ ষ্ট্ৰাইকৰ পিছত পাকিস্তানৰ এফ-১৬ বিমান ধবংস কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী উইং কমাণ্ডাৰক পাকিস্তানে আটকো কৰিছিল। কিন্তু ভাৰতৰ কূটনৈতিক সফলতাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনে অভিনন্দন বৰ্ধমানক পুনৰ স্বদেশলৈ ওভতাই পঠিয়ালৈ বাধ্য হৈছিল।

বায়ু সেনাৰ এইগৰাকী উইং কমাণ্ডাৰক প্ৰতিৰক্ষা মন্ত্ৰালয়ে বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা আকাশমাৰ্গৰ আক্ৰমণৰ সময়ছোৱাত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে সামৰিক বাহিনীৰ বিশেষ সন্মান বীৰ চক্ৰৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।