শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / কাশ্মীৰত আত্মীয়ৰ সৈতে দুই মিনিট টেলিফোনত কথা পাতিবলৈ দুঘণ্টা দীঘলীয়া শাৰী

কাশ্মীৰত আত্মীয়ৰ সৈতে দুই মিনিট টেলিফোনত কথা পাতিবলৈ দুঘণ্টা দীঘলীয়া শাৰী

শ্ৰীনগৰ, ১৪ আগষ্টঃ কাশ্মীৰ উপত্যকাত মাথোঁ দুই মিনিট আত্মীয়ৰ সৈতে ফোনত কথা পাতিবলৈ কমেও দুঘণ্টাকৈ দীঘলীয়া শাৰী পাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কাশ্মীৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰত এনেধৰণৰ দীঘলীয়া শাৰী প্ৰায় সুলভ হৈ পৰিছে।

কাশ্মীৰত বসবাস কৰা লোকসকলে তেওঁলোকৰ আত্মীয়ৰ সৈতে ফোনত কথা পাতিবলৈ বৰ্তমান সময়ছোৱাত বৃহৎ প্ৰত্যাহবানৰ সন্মুখীন হ’বলগীয়া হৈছে। কিয়নো কাশ্মীৰ উপত্যকাত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ফোন আৰু ইণ্টাৰনেট সেৱা। জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ অনুেচ্ছদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰৰ ঘোষণাৰ দিন ধৰি উপত্যকাত টেলিফোন আৰু ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে। ইমানেই নহয়, ৫ আগষ্টৰ দিন ধৰি কাশ্মীৰত কেব্ল নেটৱৰ্কত নিউজ চেনেলো বন্ধ কৰি ৰাখিছে প্ৰশাসনে।

যোৱা কিছুদিন ধৰি ফোন আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ বাবে কাশ্মীৰ উপত্যকাৰ ৰাইজৰ মাজত ক্ৰমাৎ অসন্তুষ্টি বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। যিহেতু প্ৰাণ খুলি উপত্যকাৰ লোকসকলে পৰিয়ালৰ সদস্য তথা অন্য লোকৰ সৈতে কথা পাতিব পৰা নাই। ইমানেই নহয়, বহিঃজগতৰ লগতো সংযোগ নোহোৱা হৈ পৰিছে কাশ্মীৰ উপত্যকাৰ লোকসকলৰ।

উপায়ুক্ত কাৰ্যালয়ত সাধাৰণ নাগৰিকৰ বাবে প্ৰশাসনে ফোনলাইনৰ ব্যৱস্থা কৰিছে যদিও তাতেও কাশ্মীৰৰ লোকসকল প্ৰত্যাহবানৰ সন্মুখীন হ’বলগীয়া হৈছে। যিহেতু দুই মিনিট কথা পাতিবলৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তাৰ স্থানীয় লোকসকলে দুঘণ্টা শাৰী পাতিবলগীয়া হৈছে। এককথাত ফোন লাইন বন্ধ কৰি ৰখাৰ বাবে কাশ্মীৰৰ জনজীৱন ব্যাহত হৈ পৰিছে।