শেহতীয়া খবৰ
Home / আঞ্চলিক / দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ আয়োজনক লৈ বিশেষ তৎপৰতা

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ আয়োজনক লৈ বিশেষ তৎপৰতা

গুৱাহাটীত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা  ২০-২৫টা নাকা তালাচী

ষ্টাফৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ আগষ্টঃ কাইলৈ দেশবাসীয়ে উদ্যাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস। ইতিমধ্যে তিনিদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদ্যাপন আৰম্ভ হৈছে। কালি স্বচ্ছ ভাৰত অভিযানৰ পিছত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত একতাৰ দৌৰ অনুষ্ঠিত হয়। ইপিনে বিদ্ৰোহী সংগঠনৰ স্বাধীনতা দিৱস বৰ্জনক লৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত আৰক্ষীয়ে নিশ্ছিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে।

উল্লেখ্য যে ৰাজ্যৰ কে’বাটাও বিদ্ৰোহী সংগঠনে স্বাধীনতা দিৱস বৰ্জন কৰিছিল। আনহাতে আলফাৰ এটা দলে গুৱাহাটীক কেন্দ্ৰ কৰি কূটাঘাতৰো পৰিকল্পনা যুগুত কৰা বুলি চোৰাংচোৱা সূত্ৰই লাভ কৰা তথ্যৰ পিছতে গুৱাহাটীত সুৰক্ষাৰ ব্যৱস্থা দৃঢ় কৰি তোলা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চেক পইণ্ট স্থাপন কৰি দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ওপৰত তীক্ষ® দৃষ্টি ৰখাৰ উপৰি কোনো কাৰণতে যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰি অসামৰিক পোছাকত আৰক্ষী নিয়োগ কৰি কূটাঘাতকাৰীক চিনাক্ত কৰি কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে পৰিকল্পনা যুগুত কৰিছে। উল্লেখ্য যে কাইলৈ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব।

খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া মূল কাৰ্যসূচীত ৩২টা দলে সামৰিক কুচকাৱাজ প্ৰদৰ্শন কৰাৰ উপৰি ১২টাকৈ দলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ থলুৱা নৃত্য প্ৰদৰ্শন কৰা হ’ব কাইলৈৰ কাৰ্যসূচীত। খানাপাৰাৰ মূল কাৰ্যসূচীত যাতে কোনো কূটাঘাতকাৰীয়ে বিধি-পথালি দিব নোৱাৰে তাৰ বাবে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি আজি সাংবাদিকক গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়ে। ইয়াৰ উপৰি খানাপাৰাৰ মূল কাৰ্যসূচীৰ ভিতৰচ’ৰাত এজন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াক দায়িত্ব দিয়াৰ বিপৰীতে কাৰ্যসূচীৰ বাহিৰৰ সুৰক্ষাৰ দায়িত্বও এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ ওপৰত ন্যস্ত কৰা হৈছে। লগতে অসামৰিক পোছাকতো আৰক্ষী নিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে। আনহাতে গুৱাহাটীত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে ২০-২৫টা তালাচী চকীৰ ব্যৱস্থা কৰা হৈছে। এই তালাচী চকী তথা নাকাবন্দীয়ে স্থান সলাই সলাই কূটাঘাতকাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )