শেহতীয়া খবৰ
Home / ক্ৰীড়া / কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকৰূপে মেককুলাম নিযুক্তি

কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকৰূপে মেককুলাম নিযুক্তি

ডিজিটেল সংবাদ, নতুন দিল্লীঃ আগন্তক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ত কলকতা নাইট ৰাইডাৰ্চৰ মুখ্য প্ৰশিক্ষকৰূপে দেখা পোৱা যাব নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডম মেককুলামক৷ কলকাতাই মেককুলামক দলটোৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হ’ব বুলি অনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ মেককুলাম এতিয়া কলকাতাত জেক কালিছৰ স্থান গ্ৰহণ কৰিব৷ উল্লেখযোগ্য যে, আইপিএলত পূৰ্বৰে পৰা কলকাতাৰ সৈতে জড়িত হৈ আছিল মেককুলাম৷ ২০০৮-১০ ৰ সময় চোৱালৈ কলকাতা দলৰ হৈ খেলিছিল মেককুলামে৷ তাৰ পিছত ২০১২-১৩ ত পুনৰ কলকাতাক সৈতে জড়িত হৈ পৰে মেককুলাম৷ ২০১২ত মেককুলাম থাকোঁতেই প্ৰথমবাৰ আইপিএলৰ চেম্পিয়নৰ খিতাপ দখল কৰে কলকাতাই৷