শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়াৰ আদিতপুৰত আয়োজিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত জি কে ক্লাব চেম্পিয়ন

কলগাছিয়াৰ আদিতপুৰত আয়োজিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত জি কে ক্লাব চেম্পিয়ন

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়াৰ আদিতপুৰ ৰাজহুৱা খেলপথাৰত ৰয়েল ছচিয়েল ডেভেলপমেন্ট ছচাইটিৰ উদ্যোগত আয়োজিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত জি কে ক্লাব গুনীয়ালগুৰি চেম্পিয়নৰ খিতাপ দখল কৰে। ২৬ টা দল অংশগ্ৰহণ  কৰা প্ৰতিযোগিতাৰ চূড়ান্ত খেলত  আজি আদিতপুৰ ক্ৰিকেট ক্লাৱ আৰু জি কে ক্লাৱ অৱতীৰ্ণ হয়। জি কে ক্লাৱে আদিতপুৰ ক্লাৱক ১০ ৰানত পৰাজিত কৰি চেম্পিয়ন হয়। উক্ত প্ৰতিযোগিতাখন উদ্ভোদন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে।  ইফালে বঁটা বিতৰণি সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা লাল মাহমুদূৰ ৰহমান, যুৱ নেতা বাদল চন্দ্ৰ আৰ্য্য, শিক্ষাবিদ ড° ইউচুপ আলী আহমেদ ,  অধ্যক্ষ আব্দুল লাতিফ আহমেদ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।