শেহতীয়া খবৰ
Home / আঞ্চলিক / ভৱানীপুৰত এজেৱাইচিপিৰ কলেজ শাখা গঠন

ভৱানীপুৰত এজেৱাইচিপিৰ কলেজ শাখা গঠন

সঞ্জীৱ দাস, ভৱানীপুৰঃ সংগঠনৰ ভেটি দৃঢ় কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিয়ে কালি দুপৰীয়া ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত উপস্থিত হৈ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পুৰণি শাখা সমিতিখন ভংগ কৰি নতুন শাখা সমিতি এখন গঠন কৰে। এজেৱাইচিপিৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ দাসে আঁত ধৰা কালিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে এজেৱাইচিপিৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নয়ন কলিতা। এই সভাখনত মঞ্চত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ উপদ্দেষ্টা নৱ কুমাৰ তালুকদাৰ, উপঃ সভাপতি জীৱন বৈশ্য, বিত্ত সম্পাদক কল্পজ্যোতি চৌধুৰী, ভৱানীপুৰ মহিলা শাখা সমিতিৰ সম্পাদিকা মঞ্জু কলিতা। আজিৰ সভাই যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখাখনৰ নতুন সভাপতি হিচাপে মৃন্ময় তালুকদাৰ, উপঃ সভাপতি নিখিল পাঠক, উপঃ সভানেত্ৰী বনিস্মিতা ভড়ালী, সাধাৰণ সম্পাদক দেৱজিৎ দাস, সহঃ সাধাৰণ সম্পাদক আজিজ খান, সহঃ সাধাৰণ সম্পাদিকা নিচিতা দাসৰ লগতে বহুকেইটা পদত শাখা খনত নতুন সদস্যক দায়িত্বভাৰ অৰ্পণ কৰে। কালিৰ এই সভাত সভাপতিৰ ভাষনত সঞ্জীৱ দাস আৰু নিমন্ত্ৰিত অতিথিৰ ভাষনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ উপদ্দেষ্টা নৱ কুমাৰ তালুকদাৰৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক সৌৰভ কলিতাই আগবঢ়ায়। এজেৱাইচিপিৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ দাসে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে- সংগঠন নেতা হোৱাৰ বাবে নহয় সমাজৰ হকে কাম কৰিবৰ বাবেহে কৰা তোমালোকে কাৰণ, সমাজৰ আশাৰ শলিতাডালেই হ’ল ছাত্ৰ সমাজ। উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ বহুকেইটা সদস্যৰ উপস্থিতিৰ লগতে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী কালিৰ এই সভাখনত উপস্থিত থাকে।