শেহতীয়া খবৰ
Home / আঞ্চলিক / নিৰ্মাণ সম্পূৰ্ণ হোৱা দুটা বছৰৰ পাছতো মুকলি নহল বুঢ়ীদিহিঙৰ কানাইপথাৰ পশু চিকিৎসালয়

নিৰ্মাণ সম্পূৰ্ণ হোৱা দুটা বছৰৰ পাছতো মুকলি নহল বুঢ়ীদিহিঙৰ কানাইপথাৰ পশু চিকিৎসালয়

ডিজিটেল সংবাদ, ফিল’বাৰীঃ অসম-অৰুণাচল সীমান্তৰ বুঢ়ীদিহিং মৌজাত বসবাস কৰা প্ৰায় ৮০ % লোকেই কৃষিৰ কৰ্ম লগত জড়িত। এই কৃষি প্ৰধান অঞ্চলৰ সাধাৰণ জনতাই কৃষিৰ লগতে পশু পালন কৰি জীৱন নিৰ্বাহ কৰি আহিছে। এই বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ পশু পালকৰ কথা চিন্তা কৰি ১৯৬৫ চনতেই অসম চৰকাৰে নিৰ্মাণ কৰিছিল বুঢ়ীদিহিং মৌজাৰ কঠালগুৰিস্থিত কানাইপথাৰ পশু চিকিৎসালয়। কানাইপথাৰ পশু চিকিৎসালয় নিৰ্মাণ হোৱাত বুঢ়ীদিহিং মৌজাৰ প্ৰায় ৩০ খন মান গাঁৱৰ ৰাইজে নিজৰ পশুধনক বিভিন্ন বেমাৰ আজাৰ হলে পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও, কিন্তু এয়া এক সপোন হৈ থাকিল বুঢ়ীদিহিং মৌজাবাসীৰ। অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ গাফিলতি বাবেই আজিৰ পৰা প্ৰায় পাঁচটা দশক আগতেই নিৰ্মাণ কৰা কানাইপথাৰ পশু চিকিৎসালয়খন জহি খহি যায়। পুনৰ অঞ্চলটোৰ কেইগৰাকী মান সচেতন ব্যক্তিৰ বিভাগৰ ওচৰত বাৰম্বাৰ  আবেদন নিবেদনৰ পাছত বিভাগীয় কৰ্তৃপক্ষই প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে এক আটক ধুনীয়া চিকিৎসালয় আৰু কাৰ্য্যালয় গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰে বিগত দুটা বৰ্ষৰ আগত। অঞ্চলৰ কৃষকসকলে নিজৰ পশুধন অসুখত ভোগা সময়ত নতুনকৈ নিৰ্মাণ কৰা দেখনিয়াৰ চিকিৎসালয়খনত পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি পশুৰ ৰোগ নিৰাময় কৰিম বুলি আশা কৰিছিল যদিও, আজিলৈকে নতুনকৈ নিৰ্মাণ কৰা কানাইপথাৰ পশু চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰায় দুটা বছৰ পাৰ হোৱাৰ পিছতো আজি লৈকে বিভাগীয় কৰ্তৃপক্ষই অঞ্চলটোৰ কৃষক সকলৰ সমস্যা কথা চিন্তা নকৰি প্ৰায় কোটি টকীয়া কানাইপথাৰ পশু চিকিৎসালয় পুনৰ মুকলি নকৰিলে। ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই পশু চিকিৎসালয় ৰাইজৰ সুবিধাৰ অৰ্থে মুকলি নকৰাত ক্ষোভিত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী- বৰডুমচা আঞ্চলিক সমিতিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰচাৰ সম্পাদক দেৱজিৎ সোণাৰ আৰু  আঞ্চলিক সমিতিৰ সম্পাদক কুমুদ মৰাণে এক প্ৰেছ বিবৃতি অতি সোনকালে এই চিকিৎসালয়  মুকলি কৰিবলৈ বিভাগক আহ্বান জনাইছে।