শেহতীয়া খবৰ
Home / আঞ্চলিক / নগাঁৱত ভু-লুন্ঠিত মানৱতাঃ চাইল্ড লাইনে উদ্ধাৰ কৰিলে পথৰ দাতিত পৰি থকা দুৰ্ভোগীয়া বৃদ্ধাক

নগাঁৱত ভু-লুন্ঠিত মানৱতাঃ চাইল্ড লাইনে উদ্ধাৰ কৰিলে পথৰ দাতিত পৰি থকা দুৰ্ভোগীয়া বৃদ্ধাক

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ সমীপবৰ্তী কাৱৈমাৰীৰ নগাঁও-ধিং পথৰ দাঁতিত এগৰাকী অসহায় ষাঠি উৰ্ধৰ মহিলাক আজি উদ্ধাৰ কৰা হয়। অসহায় মহিলা গৰাকীক চাইল্ড লাইনে উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত স্বেচ্ছাসেৱী সংগঠন গ্ৰাম বিকাশ পৰিষদৰ তত্বাৱধানত ৰখা হৈছে। জানিব পৰা মতে, কালি সন্ধিয়া কাৱৈমাৰীৰ নগাঁও-ধিং পথৰ দাঁতিত অসহায় মহিলা গৰাকীক স্থানীয় ছৈয়দ তাছিৰ নামৰ এজন যুৱকে প্ৰত্যক্ষ কৰি নিশাটো তাতেই থকাৰ ব্যৱস্থা কৰি দিয়ে। লগতে মানৱদৰদী এই যুৱকজনে মহিলা গৰাকীক নিশাৰ খাদ্যৰ যোগান ধৰাৰ ওপৰিও পথৰ কাষতে আঠুৱাৰ যোগান ধৰে। তদুপৰি আজি পুৱা তেওঁ চাইল্ড লাইনক ফোন কৰি উদ্ধাৰৰ বাবে অনুৰোধ জনায়। সেই মৰ্মে আজি পুৱা চাইল্ড লাইনে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰে। মানসিক ভাৱে অসুস্থ মহিলা গৰাকীয়ে ভালদৰে নিজৰ পৰিচয় অথবা কি পৰিস্থিতিত এইদৰে আহি পথৰ দাঁতিত পৰি থাকিব লগা হল সেই সম্পৰ্কে ভালদৰে কব পৰা নাই যদিও মহিলা গৰাকীয়ে তেওঁক ঘৰতে ভাতৃ-ভগ্নী সকলে ভালকৈ আল পৈচান নধৰে বুলি চাইল্ড লাইনৰ কৰ্মকত্তাৰ আগত সদৰী কৰে। যাৰ বাবে দুদিন মান পুৰ্বে ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হয় বুলি অসহায় বৃদ্ধা গৰাকীয়ে জনাইছে। ইপিনে, চাইল্ড লাইনে মহিলা গৰাকীক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি স্বেচ্ছাসেৱী সংগঠন গ্ৰাম বিকাশ পৰিষদৰ তত্বাৱধানত ৰখা বুলি জানিব পৰা গৈছে। চাইল্ড লাইনে সদৰী কৰা মতে, মহিলা গৰাকী মৰিগাঁও জিলাৰ কপাহেৰা বামুনঢ়বড়ীৰৰ ৰম্ভা ডেকা। পৰিয়ালৰ লোকে কৰা অৱহেলা আৰু লাঞ্ছনাৰ বাবেই ঘৰৰ পৰা ওলাই আহিছিল মহিলা গৰাকী। ককায়েক আৰু ভগ্নীৰ লগত থকা মহিলা গৰাকীয়ে আত্মীয়ৰ ব্যৱহাৰত অতিষ্ঠ হৈ গৃহ ত্যাগ কৰি পথৰ বাসিন্দা হোৱা হবলৈ বাধ্য হোৱা ঘটনাই সচেতন মহলক স্তম্ভিত কৰি তুলিছে।