শেহতীয়া খবৰ
Home / আঞ্চলিক / ভাৰত- বাংলাদেশ সীমান্তত ‘সীমান্ত চেতনা মঞ্চ’ৰ কৰ্মকৰ্তাই সীমান্তৰক্ষী বাহিনীৰ বিষয়া জোৱানক ৰাখী পিন্ধালে

ভাৰত- বাংলাদেশ সীমান্তত ‘সীমান্ত চেতনা মঞ্চ’ৰ কৰ্মকৰ্তাই সীমান্তৰক্ষী বাহিনীৰ বিষয়া জোৱানক ৰাখী পিন্ধালে

ফাৰহাদ আহমেদ, মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্তৰক্ষী বাহিনীৰ বিষয়া জোৱানক “সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ”ৰ উদ্যোগত ভাৰতৰ ৭৩তম স্বাধীনতা দিৱসৰ দিনাই ভাৰত- বাংলাদেশ সীমান্তত উপস্থিত হৈ পবিত্ৰ ৰাখী বন্ধন দিৱসৰ কাৰ্যসুচী পালন কৰে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ তৰফৰ কৰ্মকৰ্তা সকলে  মানকাচৰ সীমান্ত ছাউনী,সাহা পাৰা ছাউনী,কাকৰীপাৰা ছাউনীত উপস্থিত হৈ সীমান্তৰক্ষী বাহিনীৰ বিষয়া জোৱানক সকলক পবিত্ৰ ৰাখী পিন্ধাই  দিয়ে। ঘৰৰ পৰা বহু দুৰত ভাৰত – বাংলাদেশ সীমান্তত কৰ্তব্য খাতিৰত থকা  সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া – জোৱান সকলে  ৰাখী বন্ধন ৰ দিনা অকলশৰীয়া হৈ থাকিব লগীয়া হয়। কিন্তু সীমান্ত চেতনা মঞ্চ (পূৰ্বোত্তৰ)ই  সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া – জোৱান সকলোক ৰাখী পিন্ধাই এক আনন্দৰ বাতাবৰণ সৃষ্টি কৰিছে। পবিত্ৰ ৰাখী বন্ধন দিৱসৰ কাৰ্যসুচীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক উপ সভানেত্ৰী শ্ৰীমতি ৰীতাধৰ সাহা, দক্ষিণ শালমাৰা-মানকাচৰ  জিলা সমিতিৰ বাপন সাহা, দিলীপ ৰয়,ৰাজু দেব নাথ, সংগীতা শেঠীয়াসহ ভালে সংখ্যক  কৰ্মকৰ্তাই উপস্থিত থাকি সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া – জোৱান সকলোক ৰাখী পিন্ধায়।