শেহতীয়া খবৰ
Home / আঞ্চলিক / বাঁহজানীত আছুৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

বাঁহজানীত আছুৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, বাঁহজানীঃ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি  অঞ্চলটোৰ অন্তৰ্গত শিক্ষানুষ্ঠান সমূহৰ পৰা বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এখন বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে স্থানীয় দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১২ বজাৰ পৰা বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ মল্ল বুজৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰন সমাদক অক্ষয় ডেকাই অংশ গ্ৰহন কৰি ভাষণত আজিৰ অভিনন্দিত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সমগ্ৰ ছাত্ৰ সমাজে অতি নিষ্ঠা আৰু সততাৰে অধ্যয়ন কৰি ভৱিষ্যত সমাজৰ বাবে একোজন সচা মানুহ হবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই। বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক মৃনময় কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদে ভাষণত কয় যে বৰ্তমান অসমত মেধাৰ অভাৱ নাই।অভাৱ আছে সু পৰিকল্পিত শিক্ষা ব্যৱস্থাৰ।

এই ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা আছে বুলি কৈ একমাত্ৰ চৰকাৰীভাবে সু পৰিকল্পিত আৰু কাৰিকৰী শিক্ষা ব্যৱস্থাৰ উপযুক্ত অভাৱৰ বাবাই আজি ৰাজ্যখনত  মেধাৰ অপচয় হৈছে। দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ থানেশ্বৰ শৰ্মাই আনুষ্ঠানিকভাবে উদ্ধোধন কৰা সভাখনত সদৌ নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰন সম্পাদক হেমেন চৌধুৰী, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কলিতা,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰণৱ বৰ্মণে অংশ গ্ৰহন কৰি ছাত্ৰ – ছাত্ৰী সকলক উদ্দেশ্যে বক্তব্য আগবঢ়াই।সভাৰ সামৰনিত বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সীমান্ত দাসে আঁতধৰা অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হোৱা ৫৩ গৰাকী ছাত্ৰ – ছাত্ৰীক মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জনোৱাৰ লগতে নিত্যানন্দ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক দেৱানন্দ ডেকা আৰু আন্তৰাষ্ট্ৰীয় কুম্ফু খেলুৱৈ জিৱেশ্বৰ শৰ্মাক ফুলাম গামোচা, ফুলাম জাপি, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।আনহাতে এই অনুষ্ঠানটোতে বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ মেধা পৰীক্ষা ২০১৯ ত প্ৰথম স্থান লাভ কৰা গংগাপুখুৰী বৰকুৰিহা হাইস্কুলৰ ছাত্ৰী অনিন্দিতা কৃষ্ণা, দ্বিতীয় স্থান লাভ কৰা শংকৰদেৱ শিশু নিকেতন চান্দকুছিৰ ছাত্ৰ মানসপ্ৰতিম তালুকদাৰ আৰু সু প্ৰভামহন্ত শংকৰদেৱ শিশুনিকেতন বগলচৰোডৰ ছাত্ৰ চিন্ময় শৰ্মাক বঁটা প্ৰদান কৰে।