শেহতীয়া খবৰ
Home / আঞ্চলিক / মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে গণশিল্পী খগেন মহন্ত উদ্যান

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে গণশিল্পী খগেন মহন্ত উদ্যান

খগেন মহন্তই আকাশবাণী আৰু চলচ্চিত্ৰৰ মাধ্যমেৰে আমাৰ লােক সংগীতক জনপ্রিয় কৰিছিলঃ মুখ্যমন্ত্রী

ডিজিটেল সংবাদ, গুৱাহাটীঃ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদ্যনির্মিত ‘গণশিল্পী খগেন মহন্ত উদ্যান’ৰ শুভ উদ্বোধন কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযােগত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে গণশিল্পী খগেন মহন্তই জীৱন জোৰা সাধনাৰে যি অমৰ সৃষ্টি কৰিলে তাৰ দ্বাৰা আমাৰ নতুন প্রজন্ম সদায়ে উদ্বুদ্ধ হৈ থাকিব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ লােক জীৱনৰ লগত এই গণশিল্পী গৰাকীৰ গভীৰ সম্পৰ্ক আছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নৱ প্ৰজন্মক নিজস্ব শিল্প ভাবনাৰে আগুৱাই যােৱাৰ বাবে শিল্পী গৰাকীৰ সংগীতে সদায়ে অনুপ্রেৰণা যােগাই যাব।

মুখ্যমন্ত্ৰীয়ে কয় যে খগেন মহন্তৰ শিল্পী সত্ত্বাৰ মাজেৰে মানৱীয় অনভুতি প্রকাশি উঠিছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে। আকাশবাণী আৰু চলচ্চিত্ৰৰ মাধ্যমেৰে এই গৰাকী শিল্পীয়ে লােক সংগীতক জনপ্রিয় কৰি তুলিছিল। গণশিল্পী গৰাকীয়ে মানুহৰ বেদনা উপলব্ধি কৰিব পাৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে খগেন মহন্তই সংগীতৰ মাধ্যমেৰে গ্রাম্য সমাজ জীৱনৰ আশা-আকাংক্ষা প্রতিফলিত কৰিছিল। ই আমাৰ বাবে আদর্শ হৈ ৰ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ নতুন প্রজন্মই খগেন মহন্তৰ গানৰ মাজেৰে প্রৱাহিত শৈল্পিক ভাবনা উপলব্ধি কৰিব পাৰিলেহে এই গৰাকী শিল্পীৰ প্রতি প্রকৃত শ্রদ্ধা জ্ঞাপন কৰাটো বুজাব।

মুখ্যমন্ত্ৰীয়ে কয় যে খগেন মহন্তৰ গানৰ মাজত অকল গ্রাম্য জনজীৱনে নহয় প্রকৃতিৰ ছবিও প্রতিফলিত হৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে প্রকৃতিক ভাল পােৱা মানুহ এজনেহে প্রদূষণ মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পাৰে। শিল্পীগৰাকীৰ সুযােগ্য পুত্ৰ অংগৰাগ (পাপন) মহন্তই দেশ আৰু বিদেশত সংগীতৰ মাধ্যমেৰে। জিলিকি উঠিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বর্তমান যুগ প্রতিযােগিতাৰ যুগ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ নৱ প্ৰজন্মই দেশ-বিদেশত অসমৰ শক্তিশালী প্রতিচ্ছবি দাঙি ধৰিব লাগিব। এই প্রসংগত হিমা দাসে আন্তঃৰাষ্ট্রীয় ক্রীড়াঙ্গণত জিলিকি উঠি অসমৰ স্বাভিমান বৃদ্ধি কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই সভাত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে আৰু শিল্পী অংগৰাগ (পাপন) মহন্তইও ভাষণ প্রদান কৰে। আজিৰ এই অনুষ্ঠানত সাংসদ কুইন ওজা, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, বিধায়ক দ্বয় ভাস্কৰ শৰ্মা আৰু ৰূপক শৰ্মা, অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ যতীন বৰা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, সাংস্কৃতিক বিভাগৰ সঞ্চালক বিষুকমল বৰা, শিক্ষাবিদ ড° দয়ানন্দ বৰগোঁহাই, বিশিষ্ট শিল্পী অর্চনা মহন্তৰ লগতে কেইবাগৰাকী শিল্পী, সাহিত্যিক আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।