শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটা ৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাঃ আহত ছয়

বৰপেটা ৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাঃ আহত ছয়

শিবু সৰকাৰ, বৰপেটাৰোডঃ বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ যাত্ৰী কঢ়িওৱা টাটা মেজিকৰ তীব্ৰ খুন্দা হোণ্ডাই ইয়ন’ত  দূৰ্ঘটনাটোৰ ফলত আহত হয় ৬ জনকৈ যাত্ৰী ৷ টাটা মেজিকত থকা আহত যাত্ৰী সকল ক্ৰমে ভাৰ্গৱী পাঠক (১৬) ৰেমিনা খাতুন (১৬) ছমিৰ ইছলাম (৩৯) আৰু ডিম্পী দাস (১৭) ৷ আনহাতে হোণ্ডাই’ ইয়ন’ গাড়ীত থকা এছ এছ বিৰ জোৱান প্ৰাণজিৎ দাসৰ লগতে অৰূপ দাস আহত হয় ৷ আহত সকলক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও মূৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ডিম্পী দাস আৰু  ইয়ন’ গাড়ীখনৰ চালক প্ৰাণজিৎ দাসক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছে ৷ ইপিনে দুৰ্ঘটনাত আহত ভাৰ্গৱী পাঠক আৰু ৰেমিনা খাতুন বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ ছাত্ৰী বুলি জানিব পৰা যায় ৷ উল্লেখ যে বৰপেটাৰোডৰ পৰা AS 01DJ  2544 নম্বৰৰ হোণ্ডাই  ইয়ন গাড়ীখন বৰপেটা অভিমুখে গৈ আছিল ৷ একেই দিশৰ পৰা বৰপেটালৈ যাত্ৰী কঢ়িয়াই নিয়া নম্বৰপ্লেটবিহীন তীব্ৰবেগী টাটা মেজিক গাড়ীখনে হোণ্ডাই  ইয়ন গাড়ীখনক পিছফালৰ পৰা প্ৰচণ্ডজোৰত খুন্দা মাৰে ৷ টাটা মেজিকখনৰ গতিবেগ ইমানেই তীব্ৰতৰ আছিল যে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে দুয়োখন গাড়ী পথৰ পৰা ডিভাইদাৰৰ ওপৰলৈ উঠি গৈছে ৷ পথ দুৰ্ঘটনা সংঘটিত কৰি টাটা মেজিকৰ চালক জনে পলায়ন কৰে ৷ আনহাতে ইয়ন গাড়ীখনৰ চালকজনৰ ঘৰ বৰপেটাৰোডৰ বাৰাপেটাৰ বুলি জানিব পৰা গৈছে ৷